--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত বডি বিল্ডাৰ জো লিণ্ডাৰৰ ৩০ বছৰ বয়সত মৃত্যু হৈছে। যোৱা শনিবাৰে ‘এনিউৰিজম’ ৰোগত আক্ৰান্ত হৈ এই যুৱকজনৰ মৃত্যু হয়। জোৰ মৃত্যুৱে বডি বিল্ডিং জগতখনক তীব্ৰতৰ কৰি তুলিছে।

ছ’চিয়েল মিডিয়াত জোক ‘জোষ্টেটিক্স’ নামেৰে বেছি পৰিচিত। ইনষ্টাগ্ৰামত জ’ৰ মৃত্যুৰ খবৰ জনায় প্ৰেমিকা নিশাই। নিশাই কয় যে মগজুৰ ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হয়।

নিশাই ইনষ্টাগ্ৰামত লিখিছে, ‘শনিবাৰে এনিউৰিজমৰ ফলত জ’ৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সময়ত মই তেওঁৰ লগত আছিলো। জ’ৱে মোৰ ডিঙিত নেকেলেচ এজাল পিন্ধাই দিলে। আমি ইজনে সিজনৰ লগত সুন্দৰ মুহূৰ্ত পাৰ কৰি আছিলো। আমি ৪ বজাত জিমলৈ যোৱাৰ কথা আছিল। মোৰ হাতত মূৰটো লৈ শুই থাকিল। ঘটনাটো ক্ষন্তেকতে সংঘটিত হয়। তিনিদিন আগতে জ’ৱে ডিঙিত বিষ হোৱা বুলি খবৰ দিছিল। কিন্তু কথাটো ইমানেই গুৰুতৰ, তেতিয়া মই বুজি পোৱা নাছিলো। মই যেতিয়ালৈকে বুজিলোঁ, তেতিয়ালৈকে বহু দেৰি হৈ গ’ল।’’

এনিউৰিজম হৈছে মগজুৰ এক প্ৰকাৰৰ ৰক্তক্ষৰণ। মগজুৰ ৰক্তবাহী নলীবোৰ ফুলি ফাটি গ’লে ৰক্তক্ষৰণ হয়। এই ধৰণৰ ৰক্তক্ষৰণক বৈজ্ঞানিকভাৱে ‘sub arachnoid haemorrhage’ বুলি কোৱা হয়।


চিকিৎসকৰ মতে বাৰ্ধক্য, উচ্চ ৰক্তচাপ, ধূমপান আৰু মদ্যপানৰ অভ্যাসে এই ৰোগ সৃষ্টি কৰিব পাৰে। কিন্তু ইমান ফিট শৰীৰ থকাৰ পিছতো জ’ৱে কিয় এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে সেয়া স্পষ্ট নহয়। ৩০ বছৰীয়া জো বডি বিল্ডাৰৰ লগতে নেট ইনফ্লুৱেন্সাৰ হিচাপেও জনপ্ৰিয় আছিল।

জ’ৱে ইউটিউব আৰু ইনষ্টাগ্ৰামত ফিটনেছ টিপছ শ্বেয়াৰ কৰিছিল। তেওঁ নিজৰ খাদ্য আৰু শৰীৰৰ গোপন কথাবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। জ’ৰ জন্ম হৈছিল জাৰ্মানীত। ফিটনেছ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

বডি বিল্ডিঙৰ জগতখনত প্ৰৱেশ কৰাৰ আগতে জ’ৱে এটা ক্লাবত বাউন্সাৰ হিচাপে কাম কৰিছিল। জ’ৰ এটা ব্যক্তিগত প্ৰশিক্ষণ এপও আছিল। সেই এপটো ডাউনলোড কৰি টকা দি তেওঁৰ পৰা প্ৰশিক্ষণ ল’ব পাৰি৷

জ’ৱে দাবী কৰিছিল যে তেওঁ নিজৰ টোনড শৰীৰটো স্বাভাৱিকতে পাইছে। কোনো ধৰণৰ ষ্টেৰইড ব্যৱহাৰ কৰা নাছিল। এই দাবীৰে তেওঁ কটুক্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিশ্বৰ বহু বিখ্যাত বডি বিল্ডাৰে জ’ক ‘মিছলীয়া’ বুলি অভিহিত কৰিছিল। পিছত জোৱে স্বীকাৰ কৰে যে ঠাট্টা-মস্কৰাৰ পিছতহে ষ্টেৰইড ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

জ’ৰ অনুৰাগীসকলে প্ৰায়ে তেওঁৰ শৰীৰচৰ্চাক অভিনেতা তথা প্ৰাক্তন বডি বিল্ডাৰ আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰৰ সৈতে তুলনা কৰিছিল। ইউটিউবত জোৰ প্ৰায় ১০ লাখ অনুৰাগী আছে। ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা প্ৰায় ৯ লাখ। জাৰ্মানীত জন্মগ্ৰহণ কৰা জ’ৱে যোৱা কেইবছৰমানৰ পৰা থাইলেণ্ডত বাস কৰিছিল।

মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে জোৱে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ কয় যে ‘টেষ্টষ্টেৰন ৰিপ্লেচমেণ্ট থেৰাপি (টি আৰ টি)’ৰ পিছত তেওঁ বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিছিল। ইয়াৰ পিছত শনিবাৰে এনিউৰিজমত আক্ৰান্ত হৈ মৃত্যু হয় ৩০ বছৰীয়া বডি বিল্ডাৰগৰাকীৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement