--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত বডি বিল্ডাৰ জো লিণ্ডাৰৰ ৩০ বছৰ বয়সত মৃত্যু হৈছে। যোৱা শনিবাৰে ‘এনিউৰিজম’ ৰোগত আক্ৰান্ত হৈ এই যুৱকজনৰ মৃত্যু হয়। জোৰ মৃত্যুৱে বডি বিল্ডিং জগতখনক তীব্ৰতৰ কৰি তুলিছে।

ছ’চিয়েল মিডিয়াত জোক ‘জোষ্টেটিক্স’ নামেৰে বেছি পৰিচিত। ইনষ্টাগ্ৰামত জ’ৰ মৃত্যুৰ খবৰ জনায় প্ৰেমিকা নিশাই। নিশাই কয় যে মগজুৰ ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হয়।

নিশাই ইনষ্টাগ্ৰামত লিখিছে, ‘শনিবাৰে এনিউৰিজমৰ ফলত জ’ৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সময়ত মই তেওঁৰ লগত আছিলো। জ’ৱে মোৰ ডিঙিত নেকেলেচ এজাল পিন্ধাই দিলে। আমি ইজনে সিজনৰ লগত সুন্দৰ মুহূৰ্ত পাৰ কৰি আছিলো। আমি ৪ বজাত জিমলৈ যোৱাৰ কথা আছিল। মোৰ হাতত মূৰটো লৈ শুই থাকিল। ঘটনাটো ক্ষন্তেকতে সংঘটিত হয়। তিনিদিন আগতে জ’ৱে ডিঙিত বিষ হোৱা বুলি খবৰ দিছিল। কিন্তু কথাটো ইমানেই গুৰুতৰ, তেতিয়া মই বুজি পোৱা নাছিলো। মই যেতিয়ালৈকে বুজিলোঁ, তেতিয়ালৈকে বহু দেৰি হৈ গ’ল।’’

এনিউৰিজম হৈছে মগজুৰ এক প্ৰকাৰৰ ৰক্তক্ষৰণ। মগজুৰ ৰক্তবাহী নলীবোৰ ফুলি ফাটি গ’লে ৰক্তক্ষৰণ হয়। এই ধৰণৰ ৰক্তক্ষৰণক বৈজ্ঞানিকভাৱে ‘sub arachnoid haemorrhage’ বুলি কোৱা হয়।


চিকিৎসকৰ মতে বাৰ্ধক্য, উচ্চ ৰক্তচাপ, ধূমপান আৰু মদ্যপানৰ অভ্যাসে এই ৰোগ সৃষ্টি কৰিব পাৰে। কিন্তু ইমান ফিট শৰীৰ থকাৰ পিছতো জ’ৱে কিয় এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে সেয়া স্পষ্ট নহয়। ৩০ বছৰীয়া জো বডি বিল্ডাৰৰ লগতে নেট ইনফ্লুৱেন্সাৰ হিচাপেও জনপ্ৰিয় আছিল।

জ’ৱে ইউটিউব আৰু ইনষ্টাগ্ৰামত ফিটনেছ টিপছ শ্বেয়াৰ কৰিছিল। তেওঁ নিজৰ খাদ্য আৰু শৰীৰৰ গোপন কথাবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। জ’ৰ জন্ম হৈছিল জাৰ্মানীত। ফিটনেছ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

বডি বিল্ডিঙৰ জগতখনত প্ৰৱেশ কৰাৰ আগতে জ’ৱে এটা ক্লাবত বাউন্সাৰ হিচাপে কাম কৰিছিল। জ’ৰ এটা ব্যক্তিগত প্ৰশিক্ষণ এপও আছিল। সেই এপটো ডাউনলোড কৰি টকা দি তেওঁৰ পৰা প্ৰশিক্ষণ ল’ব পাৰি৷

জ’ৱে দাবী কৰিছিল যে তেওঁ নিজৰ টোনড শৰীৰটো স্বাভাৱিকতে পাইছে। কোনো ধৰণৰ ষ্টেৰইড ব্যৱহাৰ কৰা নাছিল। এই দাবীৰে তেওঁ কটুক্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিশ্বৰ বহু বিখ্যাত বডি বিল্ডাৰে জ’ক ‘মিছলীয়া’ বুলি অভিহিত কৰিছিল। পিছত জোৱে স্বীকাৰ কৰে যে ঠাট্টা-মস্কৰাৰ পিছতহে ষ্টেৰইড ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

জ’ৰ অনুৰাগীসকলে প্ৰায়ে তেওঁৰ শৰীৰচৰ্চাক অভিনেতা তথা প্ৰাক্তন বডি বিল্ডাৰ আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰৰ সৈতে তুলনা কৰিছিল। ইউটিউবত জোৰ প্ৰায় ১০ লাখ অনুৰাগী আছে। ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা প্ৰায় ৯ লাখ। জাৰ্মানীত জন্মগ্ৰহণ কৰা জ’ৱে যোৱা কেইবছৰমানৰ পৰা থাইলেণ্ডত বাস কৰিছিল।

মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে জোৱে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ কয় যে ‘টেষ্টষ্টেৰন ৰিপ্লেচমেণ্ট থেৰাপি (টি আৰ টি)’ৰ পিছত তেওঁ বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিছিল। ইয়াৰ পিছত শনিবাৰে এনিউৰিজমত আক্ৰান্ত হৈ মৃত্যু হয় ৩০ বছৰীয়া বডি বিল্ডাৰগৰাকীৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু