--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰত চাহিদা অনুযায়ী বৃদ্ধি পাইছে বিলাহীৰ যোগান৷ এসময়ত প্ৰতি কেজি প্ৰায় ৩০০ টকাকৈ বিক্ৰী হোৱা বিলাহীৰ দাম এতিয়া স্বাভাৱিক হৈ পৰিছে। দেশৰ সাধাৰণ মানুহে প্ৰতি কেজিত ৩০ৰ পৰা ৪০ টকা দৰত বিলাহী লাভ কৰিছে যদিও কৃষকৰ মাজত হাহাকাৰ লাগিছে। পানীৰ দামত বিলাহী বিক্ৰী কৰিবলৈ বাধ্য হৈছে কৃষকসকল৷

মহাৰাষ্ট্ৰৰ লাটুৰৰ কৃষকৰ অৱস্থা এনেকুৱা যে তেওঁলোকে নিজৰ শস্য প্ৰতি কেজিত মাত্ৰ ৮০ পইচাত বিক্ৰী কৰিব লগা হৈছে। পাইকাৰী বজাৰত ইয়াৰ দাম তীব্ৰভাৱে হ্ৰাস পাইছে, যাৰ বাবে কৃষকসকলে বিলাহী শস্যৰ খেতিৰ খৰচ আদায় কৰিবলৈ সক্ষম হোৱা নাই।

লাটুৰৰ এজন কৃষকে কয় যে তেওঁ ২ৰ পৰা ৩ হেক্টৰ মাটিত বিলাহীৰ খেতি কৰিছিল যাতে তেওঁ ভাল লাভ কৰিব পাৰে। এই শস্য প্ৰস্তুত কৰিবলৈ ২ৰ পৰা ৩ লাখ টকা খৰচ হৈছিল, কিন্তু এতিয়া পৰিস্থিতি এনে হৈছে যে তেওঁলোকে মূলখৰচো আদায় কৰিব পৰা নাই। কৃষকসকলে ইয়াৰ বিৰুদ্ধে আপত্তি কৰি ৰাজপথত বিলাহী দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ বাবে সঠিক মূল্য নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কৃষকসকলে।

উল্লেখযোগ্য যে মাত্ৰ কেইদিনমানৰ আগতে বিলাহীৰ দাম আকাশলংঘী আছিল। ধাৰাসাৰ বৰষুণ আৰু যোগানৰ অভাৱৰ বাবে দেশত বিলাহীৰ দাম প্ৰায় ২০০ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি হৈছিল। এনে পৰিস্থিতিত বৃহৎ লাভৰ বাবে প্ৰায়বোৰ ঠাইতে বিলাহী খেতি আৰম্ভ হ’ল, যাৰ ফলত উৎপাদনত প্ৰভাৱ পৰিল। অধিক উৎপাদনৰ বাবে বিলাহীৰ যোগান বৃদ্ধি পালে। যোগান শৃংখল পুনৰ আৰম্ভ হোৱাৰ লগে লগে বৃহৎ পৰিমাণৰ বিলাহী বজাৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা