--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মই আপোনালোকক ডিজেল বাহনৰ উৎপাদন হ্ৰাস কৰিবলৈ অনুৰোধ কৰিছো। যদি আপোনালোকে উৎপাদন   হ্ৰাস নকৰে, আমি কৰ বৃদ্ধি কৰিব লাগিব। আমি কৰ ইমানেই বৃদ্ধি কৰিম যে  আপোনালোকে  ডিজেল বাহন বিক্ৰী কৰাত অসুবিধা পাব", ডিজেল বাহন উৎপাদন কৰা কোম্পানীক এনেদৰেই সকিয়াই দিলে ভাৰতৰ পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী  নীতিন গাডকাৰীয়ে।

 এখন সভাত ভাষণ দি  গাডকাৰীয়ে কয় যে তেওঁ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ওচৰত ডিজেল বাহমৰ ওপৰত কৰ বৃদ্ধিৰ  প্ৰস্তাৱ দিব। পৰিবহণ মন্ত্ৰীগৰাকীয়ে  ইয়াক "প্ৰদূষণ কৰ" বুলি অভিহিত কৰে আৰু কয় যে দেশত ডিজেল বাহনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ এইটোৱেই একমাত্ৰ উপায়। 

ভাৰতৰ পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে  ডিজেল ইঞ্জিন বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ জিএছটি আৰোপ কৰাৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰাৰ পৰিকল্পনা কৰিছে।জলবায়ু-অনুকূল বাহন বৃদ্ধি কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰা হৈছে। 

 উল্লেখ্য পৰিবেশ প্ৰদূষণৰ ক্ষেত্ৰত ডিজেল বাহনসমূহ বিশেষভাবে জগৰীয়া। ডিজেল বাহনে এৰি দিয়া ধোঁৱাই বায়ুমণ্ডল প্ৰদূষিত কৰি তোলে। সেয়ে ভাৰতৰ বহু চহৰকে ধৰি ধৰি বিশ্বৰ বহু ঠাইত ডিজেল বাহনৰ সলনি চিএনজি অথবা গেছ চালিত বাহনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিয়া হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা