--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মই আপোনালোকক ডিজেল বাহনৰ উৎপাদন হ্ৰাস কৰিবলৈ অনুৰোধ কৰিছো। যদি আপোনালোকে উৎপাদন   হ্ৰাস নকৰে, আমি কৰ বৃদ্ধি কৰিব লাগিব। আমি কৰ ইমানেই বৃদ্ধি কৰিম যে  আপোনালোকে  ডিজেল বাহন বিক্ৰী কৰাত অসুবিধা পাব", ডিজেল বাহন উৎপাদন কৰা কোম্পানীক এনেদৰেই সকিয়াই দিলে ভাৰতৰ পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী  নীতিন গাডকাৰীয়ে।

 এখন সভাত ভাষণ দি  গাডকাৰীয়ে কয় যে তেওঁ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ওচৰত ডিজেল বাহমৰ ওপৰত কৰ বৃদ্ধিৰ  প্ৰস্তাৱ দিব। পৰিবহণ মন্ত্ৰীগৰাকীয়ে  ইয়াক "প্ৰদূষণ কৰ" বুলি অভিহিত কৰে আৰু কয় যে দেশত ডিজেল বাহনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ এইটোৱেই একমাত্ৰ উপায়। 

ভাৰতৰ পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে  ডিজেল ইঞ্জিন বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ জিএছটি আৰোপ কৰাৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰাৰ পৰিকল্পনা কৰিছে।জলবায়ু-অনুকূল বাহন বৃদ্ধি কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰা হৈছে। 

 উল্লেখ্য পৰিবেশ প্ৰদূষণৰ ক্ষেত্ৰত ডিজেল বাহনসমূহ বিশেষভাবে জগৰীয়া। ডিজেল বাহনে এৰি দিয়া ধোঁৱাই বায়ুমণ্ডল প্ৰদূষিত কৰি তোলে। সেয়ে ভাৰতৰ বহু চহৰকে ধৰি ধৰি বিশ্বৰ বহু ঠাইত ডিজেল বাহনৰ সলনি চিএনজি অথবা গেছ চালিত বাহনৰ ব্যৱহাৰত অধিক গুৰুত্ব দিয়া হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব