--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক, এই কথাষাৰ সকলোৱে জানিলেও কিন্তু ধূমপান আৰম্ভ কৰাটো যিমান সহজ, সিমানেই ইয়াৰ অভ্যাস ত্যাগ কৰাটো কঠিন। ধূমপান এৰিম বুলি কৈয়ো কিন্তু মানুহে এই অভ্যাস সহজে এৰিব নোৱাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি ধূমপান কৰি এই অভ্যাস ত্যাগ কৰে, তেন্তে এনে ব্যক্তিৰ শৰীৰৰ ভিতৰত হোৱা ক্ষতিৰ আশংকা কিছু পৰিমাণে হ’লেও আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, ধূমপানৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগৰ আশংকাও অধিক। কিন্তু ধূমপান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পাছতহে হাওঁফাওঁৰ পুনৰ কাৰ্য্যক্ষমতা ঘূৰি আহিব পাৰে।

 উল্লেখ্য যে চিগাৰেটত থকা বিভিন্ন ৰাসায়নিক পদাৰ্থই হাওঁফাওঁৰ কোষৰ ‘ডি এন এ’ ধ্বংস কৰি কৰ্কট ৰোগৰ সম্ভাৱনা গঢ়ি তোলে। শেহতীয়াকৈ ‘নেচাৰ’ আলোচনীত প্ৰকাশিত এক গৱেষণামূলক তথ্যৰ পৰা জানিব পৰা মতে ধূমপান ত্যাগ কৰা লোকৰ হাওঁফাওঁৰ কোষৰ গঠন কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ সৈতে মিল থাকিব পাৰে। কিন্তু ধূমপান এৰি দিয়াৰ প্ৰথম মাহৰ ভিতৰতে হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত হ’বলৈ ধৰে। তেজৰ সঞ্চালনো বৃদ্ধি পায়। চিকিৎসকে জনোৱা মতে, ধূমপান এৰি দিয়াৰ ৯ মাহৰ ভিতৰতে চিলিয়াবোৰে স্বাভাৱিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। কাহ, উশাহ লোৱাত কষ্ট পোৱা আদি লক্ষণসমূহো হ্ৰাস পায়। ধূমপান এৰি দিয়াৰ কেইমাহমানৰ ভিতৰতে মূত্ৰাশয়, বৃক্ক, হাওঁফাওঁ, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমিবলৈ আৰম্ভ কৰে। নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপি’ (NRT)য়ে ধূমপানৰ অভ্যাস ত্যাগ কৰাত সহায় কৰে।

 কি কি উপায়েহে ধূমপান ত্যাগ কৰিব পাৰি?

১. ধূমপান কৰাসকলৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হৈ থাকে। পৰোক্ষ ধূমপানৰ ফলত ওচৰ-চুবুৰীয়া লোকৰ স্বাস্থ্যৰো ক্ষতি হয়। যিটো একেবাৰেই বাঞ্ছনীয় নহয়। ধূমপান এৰি নিজকে আৰু চৌপাশৰ লোকক সুস্থ কৰি ৰাখক।

২. অধ্যয়নত দেখা গৈছে যে আমিষ খাদ্য খোৱাৰ পাছত ধূমপান অধিক সুখদায়ক হৈ পৰে। গতিকে ধূমপান এৰিব বিচাৰিলে কিছুদিনৰ বাবে অধিক ফলমূল খাব লাগে আৰু নিয়মিত ব্যায়াম কৰিব লাগে।

৩. সুৰাপান, শীতল পানীয়, চাহ বা কফি সেৱনৰ পাছত বহুতে ধূমপান কৰে। ধূমপান ত্যাগ কৰিব বিচাৰিলে প্ৰথমে এই ধৰণৰ পানীয় পৰিহাৰ কৰক।

৪. চকলেট খাই ধূমপানৰ অভ্যাস সলনি কৰক। চকলেট বা চ্যুইংগাম খোৱাৰ অভ্যাস গঢ় লৈ উঠিলে ধূমপানৰ ইচ্ছা নোহোৱা হৈ যাব।

৫. যিকোনো অভ্যাস সলনি কৰিবলৈ সময় লাগে। কিন্তু যদি আপুনি নিজে ধূমপানৰ আসক্তি এৰিব নোৱাৰে তেন্তে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লওক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু