--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক, এই কথাষাৰ সকলোৱে জানিলেও কিন্তু ধূমপান আৰম্ভ কৰাটো যিমান সহজ, সিমানেই ইয়াৰ অভ্যাস ত্যাগ কৰাটো কঠিন। ধূমপান এৰিম বুলি কৈয়ো কিন্তু মানুহে এই অভ্যাস সহজে এৰিব নোৱাৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি ধূমপান কৰি এই অভ্যাস ত্যাগ কৰে, তেন্তে এনে ব্যক্তিৰ শৰীৰৰ ভিতৰত হোৱা ক্ষতিৰ আশংকা কিছু পৰিমাণে হ’লেও আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, ধূমপানৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগৰ আশংকাও অধিক। কিন্তু ধূমপান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পাছতহে হাওঁফাওঁৰ পুনৰ কাৰ্য্যক্ষমতা ঘূৰি আহিব পাৰে।

 উল্লেখ্য যে চিগাৰেটত থকা বিভিন্ন ৰাসায়নিক পদাৰ্থই হাওঁফাওঁৰ কোষৰ ‘ডি এন এ’ ধ্বংস কৰি কৰ্কট ৰোগৰ সম্ভাৱনা গঢ়ি তোলে। শেহতীয়াকৈ ‘নেচাৰ’ আলোচনীত প্ৰকাশিত এক গৱেষণামূলক তথ্যৰ পৰা জানিব পৰা মতে ধূমপান ত্যাগ কৰা লোকৰ হাওঁফাওঁৰ কোষৰ গঠন কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ সৈতে মিল থাকিব পাৰে। কিন্তু ধূমপান এৰি দিয়াৰ প্ৰথম মাহৰ ভিতৰতে হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত হ’বলৈ ধৰে। তেজৰ সঞ্চালনো বৃদ্ধি পায়। চিকিৎসকে জনোৱা মতে, ধূমপান এৰি দিয়াৰ ৯ মাহৰ ভিতৰতে চিলিয়াবোৰে স্বাভাৱিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। কাহ, উশাহ লোৱাত কষ্ট পোৱা আদি লক্ষণসমূহো হ্ৰাস পায়। ধূমপান এৰি দিয়াৰ কেইমাহমানৰ ভিতৰতে মূত্ৰাশয়, বৃক্ক, হাওঁফাওঁ, মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমিবলৈ আৰম্ভ কৰে। নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপি’ (NRT)য়ে ধূমপানৰ অভ্যাস ত্যাগ কৰাত সহায় কৰে।

 কি কি উপায়েহে ধূমপান ত্যাগ কৰিব পাৰি?

১. ধূমপান কৰাসকলৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হৈ থাকে। পৰোক্ষ ধূমপানৰ ফলত ওচৰ-চুবুৰীয়া লোকৰ স্বাস্থ্যৰো ক্ষতি হয়। যিটো একেবাৰেই বাঞ্ছনীয় নহয়। ধূমপান এৰি নিজকে আৰু চৌপাশৰ লোকক সুস্থ কৰি ৰাখক।

২. অধ্যয়নত দেখা গৈছে যে আমিষ খাদ্য খোৱাৰ পাছত ধূমপান অধিক সুখদায়ক হৈ পৰে। গতিকে ধূমপান এৰিব বিচাৰিলে কিছুদিনৰ বাবে অধিক ফলমূল খাব লাগে আৰু নিয়মিত ব্যায়াম কৰিব লাগে।

৩. সুৰাপান, শীতল পানীয়, চাহ বা কফি সেৱনৰ পাছত বহুতে ধূমপান কৰে। ধূমপান ত্যাগ কৰিব বিচাৰিলে প্ৰথমে এই ধৰণৰ পানীয় পৰিহাৰ কৰক।

৪. চকলেট খাই ধূমপানৰ অভ্যাস সলনি কৰক। চকলেট বা চ্যুইংগাম খোৱাৰ অভ্যাস গঢ় লৈ উঠিলে ধূমপানৰ ইচ্ছা নোহোৱা হৈ যাব।

৫. যিকোনো অভ্যাস সলনি কৰিবলৈ সময় লাগে। কিন্তু যদি আপুনি নিজে ধূমপানৰ আসক্তি এৰিব নোৱাৰে তেন্তে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লওক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ