--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুতকে কোৱা শুনা যায় যে ‘মই বৰ সহজেই প্ৰেমত পৰো, ‘মই বৰ সহজে ইমোচনেল হৈ পৰো’। কাৰোবাৰ লগত অতি সহজে প্ৰেমত পৰাৰ প্ৰৱণতা আছে নেকি? তেন্তে আপুনিও ‘ইমোফিলিয়া’ নামৰ এবিধ মানসিক ৰোগৰ প্ৰৱণতাত ভুগিছে। যাক এটা শব্দত ক’বলৈ গ’লে ‘আৱেগিকজনিত ৰোগ’ বা নিৰ্বিচাৰ আৱেগ বুলিও কোৱা হয়। অনিয়ন্ত্ৰিত বা নিৰ্বিচাৰ আৱেগ থকা মানুহৰ এই সকলোবোৰ সাধাৰণ বৈশিষ্ট্য বুলিও জনা যায়। মনোবিজ্ঞানীসকলে এই ধৰণৰ মানসিকতাক ‘ইমোফিলিয়া’ বুলি কয়।

 উল্লেখ্য যে ইমোফিলিয়া ৰোগীয়ে অতি সহজেই কাৰোবাৰ প্ৰতি দুৰ্বলতাৰ প্ৰৱণতাৰ বাবে তেওঁলোক প্ৰত্যাখিত হোৱাৰ আশংকা থাকে। যাৰ পৰা পাছলৈ তেওঁলোক হতাশাত ভুগিবলগীয়া হয়। কিন্তু সংগীয়ে প্ৰতাৰণা কৰাৰ পাছত আন এজনৰ প্ৰেমত পৰে। অৱশ্যে আন কোনো কাৰণত এজনৰ লগত বিচ্ছেদ ঘটাটো ইমেফিলিয়া বুলি ক’ব নোৱাৰি।

 অতি সোনকালে প্ৰেমত পৰাটো বহুতৰে বাবে অতি সাধাৰণ কথা হ’ব পাৰে। কিন্তু ইয়াৰ এটা অতি নেতিবাচক দিশো আছে। বিশেষকৈ যেতিয়া কোনোবাই অকাৰণতে প্ৰেমত পৰে, তেতিয়া বেছিভাগ সময়তে তেওঁলোকৰ সিদ্ধান্তবোৰ ভুল হৈ পৰে। তদুপৰি এনে লোকৰ মানুহৰ প্ৰতি বিশেষ সম্পৰ্ক বা আৱেগিক অনুভূতি খুব কম। নিজৰ ঘনিষ্ঠ লোকসকলকো গুৰুত্ব প্ৰদান কৰাত ব্যৰ্থ হয়। আনৰ দ্বাৰা সহজে প্ৰতাৰিত হৈ তেওঁলোক মানসিক সন্তুলন হেৰুৱাই যিকোনো ব্যক্তিকে নেতিবাচক দৃষ্টিৰে চায়।

 বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে এই ধৰণৰ মানসিকতাই এজন ব্যক্তিৰ চৰিত্ৰত নেতিবাচক প্ৰভাৱ পেলায়। মুঠতে এই ধৰণৰ মানসিকতা কেতিয়াবা নিজৰ, পৰিয়াল আৰু সমাজৰ বাবে অসামঞ্জস্যপূৰ্ণ হৈ পৰে। বহুক্ষেত্ৰত ইয়াৰ পৰিণতি অতি ভয়াৱহ হ’ব পাৰে।

 ইমোফিলিয়াত আক্ৰান্ত ব্যক্তি এজনে আনৰ দ্বাৰা সহজে প্ৰভাৱিত আৰু তেওঁলোকৰ প্ৰতি আকৃষ্ট হোৱাই নহয়, তেওঁলোকৰ বিচাৰ কৰাৰ ক্ষমতাও হেৰুৱাই পেলায়। তদুপৰি তেওঁলোকে নিজৰ প্ৰতি আনৰ অনুভৱৰ সঠিক মূল্যায়ন কৰিব নোৱাৰে। ইয়াৰ ফলত দুয়ো পক্ষৰ পৰা এক চৰম আৱেগিক সংকটৰ সৃষ্টি হয় আৰু সম্পৰ্কত অহৰহ ভুল বুজাবুজি হয়।

 কিন্তু সকলো ক্ষেত্ৰতে ইমোফিলিয়া সম্পূৰ্ণ নেগেটিভ বুলি কোৱাটো শুদ্ধ নহয়। কিন্তু ইয়াৰ সুবিধা লৈ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ মাত্ৰা অতি বেছি। এই ধৰণৰ মানসিকতা থকা লোকসকলে স্বাভাৱিক স্বাভাৱিক সম্পৰ্কত বান্ধ খাই থাকিবলৈ পৰিয়াল আৰু বন্ধু-বান্ধৱী সহায়ৰ বাবে আগবাঢ়ি আহিব লাগিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ