--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুতকে কোৱা শুনা যায় যে ‘মই বৰ সহজেই প্ৰেমত পৰো, ‘মই বৰ সহজে ইমোচনেল হৈ পৰো’। কাৰোবাৰ লগত অতি সহজে প্ৰেমত পৰাৰ প্ৰৱণতা আছে নেকি? তেন্তে আপুনিও ‘ইমোফিলিয়া’ নামৰ এবিধ মানসিক ৰোগৰ প্ৰৱণতাত ভুগিছে। যাক এটা শব্দত ক’বলৈ গ’লে ‘আৱেগিকজনিত ৰোগ’ বা নিৰ্বিচাৰ আৱেগ বুলিও কোৱা হয়। অনিয়ন্ত্ৰিত বা নিৰ্বিচাৰ আৱেগ থকা মানুহৰ এই সকলোবোৰ সাধাৰণ বৈশিষ্ট্য বুলিও জনা যায়। মনোবিজ্ঞানীসকলে এই ধৰণৰ মানসিকতাক ‘ইমোফিলিয়া’ বুলি কয়।

 উল্লেখ্য যে ইমোফিলিয়া ৰোগীয়ে অতি সহজেই কাৰোবাৰ প্ৰতি দুৰ্বলতাৰ প্ৰৱণতাৰ বাবে তেওঁলোক প্ৰত্যাখিত হোৱাৰ আশংকা থাকে। যাৰ পৰা পাছলৈ তেওঁলোক হতাশাত ভুগিবলগীয়া হয়। কিন্তু সংগীয়ে প্ৰতাৰণা কৰাৰ পাছত আন এজনৰ প্ৰেমত পৰে। অৱশ্যে আন কোনো কাৰণত এজনৰ লগত বিচ্ছেদ ঘটাটো ইমেফিলিয়া বুলি ক’ব নোৱাৰি।

 অতি সোনকালে প্ৰেমত পৰাটো বহুতৰে বাবে অতি সাধাৰণ কথা হ’ব পাৰে। কিন্তু ইয়াৰ এটা অতি নেতিবাচক দিশো আছে। বিশেষকৈ যেতিয়া কোনোবাই অকাৰণতে প্ৰেমত পৰে, তেতিয়া বেছিভাগ সময়তে তেওঁলোকৰ সিদ্ধান্তবোৰ ভুল হৈ পৰে। তদুপৰি এনে লোকৰ মানুহৰ প্ৰতি বিশেষ সম্পৰ্ক বা আৱেগিক অনুভূতি খুব কম। নিজৰ ঘনিষ্ঠ লোকসকলকো গুৰুত্ব প্ৰদান কৰাত ব্যৰ্থ হয়। আনৰ দ্বাৰা সহজে প্ৰতাৰিত হৈ তেওঁলোক মানসিক সন্তুলন হেৰুৱাই যিকোনো ব্যক্তিকে নেতিবাচক দৃষ্টিৰে চায়।

 বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে এই ধৰণৰ মানসিকতাই এজন ব্যক্তিৰ চৰিত্ৰত নেতিবাচক প্ৰভাৱ পেলায়। মুঠতে এই ধৰণৰ মানসিকতা কেতিয়াবা নিজৰ, পৰিয়াল আৰু সমাজৰ বাবে অসামঞ্জস্যপূৰ্ণ হৈ পৰে। বহুক্ষেত্ৰত ইয়াৰ পৰিণতি অতি ভয়াৱহ হ’ব পাৰে।

 ইমোফিলিয়াত আক্ৰান্ত ব্যক্তি এজনে আনৰ দ্বাৰা সহজে প্ৰভাৱিত আৰু তেওঁলোকৰ প্ৰতি আকৃষ্ট হোৱাই নহয়, তেওঁলোকৰ বিচাৰ কৰাৰ ক্ষমতাও হেৰুৱাই পেলায়। তদুপৰি তেওঁলোকে নিজৰ প্ৰতি আনৰ অনুভৱৰ সঠিক মূল্যায়ন কৰিব নোৱাৰে। ইয়াৰ ফলত দুয়ো পক্ষৰ পৰা এক চৰম আৱেগিক সংকটৰ সৃষ্টি হয় আৰু সম্পৰ্কত অহৰহ ভুল বুজাবুজি হয়।

 কিন্তু সকলো ক্ষেত্ৰতে ইমোফিলিয়া সম্পূৰ্ণ নেগেটিভ বুলি কোৱাটো শুদ্ধ নহয়। কিন্তু ইয়াৰ সুবিধা লৈ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ মাত্ৰা অতি বেছি। এই ধৰণৰ মানসিকতা থকা লোকসকলে স্বাভাৱিক স্বাভাৱিক সম্পৰ্কত বান্ধ খাই থাকিবলৈ পৰিয়াল আৰু বন্ধু-বান্ধৱী সহায়ৰ বাবে আগবাঢ়ি আহিব লাগিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু