--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ বিশেষ অধিৱেশনৰ সময়ত বৃহস্পতিবাৰে ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হয়। ইফালে, সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে নিজৰ শৈলীৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড় উপবিষ্ট হৈ থকা চকীখনক লৈ টিপ্পনী কৰে। ৰাজ্যসভাত মহিলা সংৰক্ষণৰ বিষয়টোৰ ওপৰত হোৱা আলোচনাত অংশগ্ৰহণ কৰি জয়া বচ্চনে কয় যে সপ্তম তাৰকাযুক্ত হোটেল এখনত যদি কিবা ভাল কথা আছে, তেন্তে অধ্যক্ষ মহোদয়, সেয়া হ’ল আপোনাৰ চকীখন, যিখন দোলনাৰ দৰে দুলি থাকে৷

দৰাচলতে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত অধ্যক্ষ ধনখড়ে বহু মহিলা সাংসদক নিজৰ আসনত বহিবলৈ সুযোগ দিছিল। একে ক্ৰমতে জয়া বচ্চনো কিছু সময় অধ্যক্ষৰ চকীত বহিল। চকীখনত বহিবলৈ পাই জয়া বচ্চনে ক’লে, ‘প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছো যে মোক আপোনাৰ সেই চকীখনত বহিবলৈ সুযোগ দিলে। আপোনাৰ চকীখন বৰ আকৰ্ষণীয়। বহি থাকিলে দোলনাৰ দৰে আগলৈ পিছলৈ গতি কৰি থাকে। তেতিয়াই বুজিলোঁ যে আপুনি কিয় সেই চকীখনত বহু সময় বহি থাকে।’

জয়া বচ্চনে ৰাজ্যসভাত কয় যে শেষত কথা কোৱাৰ বহু অসুবিধা আছে। কবলৈ একো বাকী নাথাকিল। জয়া বচ্চনৰ এই বক্তব্যৰ ওপৰত জগদীপ ধনখড়েও কাব্যিক ৰূপত ক’লে, ‘মই ইমানবোৰ ভাগত বিভক্ত হৈছো যে মোৰ ভাগত একোৱেই নাথাকে’৷ এই কথাষাৰৰ লগে লগে জয়াৰ লগতে গোটেই সংসদত হাঁহিৰ গুঞ্জন শুনিবলৈ পোৱা যায়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু