--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদৰ বিশেষ অধিৱেশনৰ সময়ত বৃহস্পতিবাৰে ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হয়। ইফালে, সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে নিজৰ শৈলীৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড় উপবিষ্ট হৈ থকা চকীখনক লৈ টিপ্পনী কৰে। ৰাজ্যসভাত মহিলা সংৰক্ষণৰ বিষয়টোৰ ওপৰত হোৱা আলোচনাত অংশগ্ৰহণ কৰি জয়া বচ্চনে কয় যে সপ্তম তাৰকাযুক্ত হোটেল এখনত যদি কিবা ভাল কথা আছে, তেন্তে অধ্যক্ষ মহোদয়, সেয়া হ’ল আপোনাৰ চকীখন, যিখন দোলনাৰ দৰে দুলি থাকে৷

দৰাচলতে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত অধ্যক্ষ ধনখড়ে বহু মহিলা সাংসদক নিজৰ আসনত বহিবলৈ সুযোগ দিছিল। একে ক্ৰমতে জয়া বচ্চনো কিছু সময় অধ্যক্ষৰ চকীত বহিল। চকীখনত বহিবলৈ পাই জয়া বচ্চনে ক’লে, ‘প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছো যে মোক আপোনাৰ সেই চকীখনত বহিবলৈ সুযোগ দিলে। আপোনাৰ চকীখন বৰ আকৰ্ষণীয়। বহি থাকিলে দোলনাৰ দৰে আগলৈ পিছলৈ গতি কৰি থাকে। তেতিয়াই বুজিলোঁ যে আপুনি কিয় সেই চকীখনত বহু সময় বহি থাকে।’

জয়া বচ্চনে ৰাজ্যসভাত কয় যে শেষত কথা কোৱাৰ বহু অসুবিধা আছে। কবলৈ একো বাকী নাথাকিল। জয়া বচ্চনৰ এই বক্তব্যৰ ওপৰত জগদীপ ধনখড়েও কাব্যিক ৰূপত ক’লে, ‘মই ইমানবোৰ ভাগত বিভক্ত হৈছো যে মোৰ ভাগত একোৱেই নাথাকে’৷ এই কথাষাৰৰ লগে লগে জয়াৰ লগতে গোটেই সংসদত হাঁহিৰ গুঞ্জন শুনিবলৈ পোৱা যায়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ