--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ শক্তি পৰি আহিছে ঘূৰ্ণী বতাহ চিত্ৰঙৰ। ভাৰতকে ধৰি বাংলাদেশত দুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰিছে।  ঘূৰ্ণীবতাহ চিত্ৰঙে বাংলাদেশৰ দক্ষিণ উপকূলীয় অঞ্চলত ধ্বংসজ্ঞ চলায়। এতিয়ালৈকে দেশ খনত  ৩৫ জন লোক নিহত হোৱাৰ লগতে বহু  ঘৰ ধ্বংস হৈছে।

ধুমুহাৰ ফলত বাংলাদেশৰ লগতে ভাৰতৰো বহু ঠাইত  গছ-গছনি উভালি পৰাৰ লগতে  পথ যোগাযোগ আৰু বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। বাংলাদেশৰ দক্ষিণ উপকূলৰ জিলাসমূহত প্ৰায় ১০ নিযুত লোক এতিয়া আন্ধাৰৰ মাজতে থাকিবলগীয়া হৈছে।

বাংলাদেশৰ চৰকাৰে  এতিয়ালৈকে ৩৫  জন লোকৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে।  মঙলবাৰে সন্ধিয়ালৈকে ঘূৰ্ণীবতাহ চিত্ৰঙৰ ফলত হোৱা  মৃত্যুৰ সংখ্যা আছিল ২২। ঘূৰ্ণীবতাহটোৱে দক্ষিণ-পশ্চিম বাংলাদেশ উপকূলত ভূমিস্খলনৰো সৃষ্টি কৰে।  দক্ষিণ-পশ্চিম চট্টগ্ৰাম উপকূলৰ পৰা সৰ্বাধিক মৃত্যুৰ   খবৰ পোৱা গৈছে। বংগোপসাগৰত এখন  বালি ভৰ্তি ড্ৰেজাৰ ডুবি যায় ।  ফলত আঠজন শ্ৰমিকৰ মৃত্যু ঘটে।এক নিযুতৰো অধিক লোকক  আশ্ৰয় শিবিৰলৈ  স্থানান্তৰ কৰা হৈছে।  মধ্য বাংলাদেশৰ অঞ্চলসমূহৰ পৰাও মৃত্যুৰ খবৰ পোৱা গৈছে।

কুমিলাত গছ  বাগৰি পৰাৰ ফলত এটা তিনিজনীয়া পৰিয়ালৰ - পিতৃ-মাতৃ আৰু তেওঁলোকৰ নাবালক সন্তানৰ মৃত্যু ঘটে। চিটাগং জিলাৰ পৰা এটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। চিৰাজগঞ্জ জিলাৰ যমুনা নদীত ধুমুহাৰ সময়ত নাও ডুবি যোৱাৰ ফলত এগৰাকী মাতৃ আৰু তেওঁৰ দুবছৰীয়া পুত্ৰৰ মৃত্যু হয়।
ঢাকাত এটা বহুমহলীয়া অট্টালিকাৰ ৰেলিং খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয়।

 আনহাতে গোপালগঞ্জ জিলাত গছ বাগৰি পৰাৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু হয়।পাটুৱাখালিত ধুমুহাৰ সময়ত সন্ধানহীন হোৱা এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ বাংলাদেশৰ প্ৰায় ১০,০০০ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও, ৬,০০০ হেক্টৰ কৃষিভূমি আৰু ১,০০০ খন ফাৰ্মৰ  মিছা মাছৰ খেতিও ক্ষতিগ্ৰস্ত হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত