--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ শক্তি পৰি আহিছে ঘূৰ্ণী বতাহ চিত্ৰঙৰ। ভাৰতকে ধৰি বাংলাদেশত দুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰিছে।  ঘূৰ্ণীবতাহ চিত্ৰঙে বাংলাদেশৰ দক্ষিণ উপকূলীয় অঞ্চলত ধ্বংসজ্ঞ চলায়। এতিয়ালৈকে দেশ খনত  ৩৫ জন লোক নিহত হোৱাৰ লগতে বহু  ঘৰ ধ্বংস হৈছে।

ধুমুহাৰ ফলত বাংলাদেশৰ লগতে ভাৰতৰো বহু ঠাইত  গছ-গছনি উভালি পৰাৰ লগতে  পথ যোগাযোগ আৰু বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। বাংলাদেশৰ দক্ষিণ উপকূলৰ জিলাসমূহত প্ৰায় ১০ নিযুত লোক এতিয়া আন্ধাৰৰ মাজতে থাকিবলগীয়া হৈছে।

বাংলাদেশৰ চৰকাৰে  এতিয়ালৈকে ৩৫  জন লোকৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে।  মঙলবাৰে সন্ধিয়ালৈকে ঘূৰ্ণীবতাহ চিত্ৰঙৰ ফলত হোৱা  মৃত্যুৰ সংখ্যা আছিল ২২। ঘূৰ্ণীবতাহটোৱে দক্ষিণ-পশ্চিম বাংলাদেশ উপকূলত ভূমিস্খলনৰো সৃষ্টি কৰে।  দক্ষিণ-পশ্চিম চট্টগ্ৰাম উপকূলৰ পৰা সৰ্বাধিক মৃত্যুৰ   খবৰ পোৱা গৈছে। বংগোপসাগৰত এখন  বালি ভৰ্তি ড্ৰেজাৰ ডুবি যায় ।  ফলত আঠজন শ্ৰমিকৰ মৃত্যু ঘটে।এক নিযুতৰো অধিক লোকক  আশ্ৰয় শিবিৰলৈ  স্থানান্তৰ কৰা হৈছে।  মধ্য বাংলাদেশৰ অঞ্চলসমূহৰ পৰাও মৃত্যুৰ খবৰ পোৱা গৈছে।

কুমিলাত গছ  বাগৰি পৰাৰ ফলত এটা তিনিজনীয়া পৰিয়ালৰ - পিতৃ-মাতৃ আৰু তেওঁলোকৰ নাবালক সন্তানৰ মৃত্যু ঘটে। চিটাগং জিলাৰ পৰা এটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। চিৰাজগঞ্জ জিলাৰ যমুনা নদীত ধুমুহাৰ সময়ত নাও ডুবি যোৱাৰ ফলত এগৰাকী মাতৃ আৰু তেওঁৰ দুবছৰীয়া পুত্ৰৰ মৃত্যু হয়।
ঢাকাত এটা বহুমহলীয়া অট্টালিকাৰ ৰেলিং খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয়।

 আনহাতে গোপালগঞ্জ জিলাত গছ বাগৰি পৰাৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু হয়।পাটুৱাখালিত ধুমুহাৰ সময়ত সন্ধানহীন হোৱা এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ বাংলাদেশৰ প্ৰায় ১০,০০০ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও, ৬,০০০ হেক্টৰ কৃষিভূমি আৰু ১,০০০ খন ফাৰ্মৰ  মিছা মাছৰ খেতিও ক্ষতিগ্ৰস্ত হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ