--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পাৰমাণৱিক ৰে’লৰ প্ৰসংগই এতিয়া শংকিত কৰা ৰাখিছে ইউক্ৰেইনবাসীক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যিকোনো মুহূৰ্ততে ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ চলাব বুলি ভাবুকি দিয়াৰ পিছতে দেশ খথনৰ পাৰমাণৱিক ৰে’ল খনকলৈ চিন্তাৰ উদ্ৰেক ঘটিছে। পুটিনৰ 'পাৰমাণৱিক ৰেল'ৰ গতিবেগ  প্ৰতি ঘণ্টাত ১,৬০০০ কিলোমিটাৰ । এই ৰে’ল খনে মাত্ৰ তিনি মিনিটৰ ভিতৰতে সকলো ধ্বংস কৰি পেলাব পাৰে।

মস্কোৰ ওচৰত ঘূৰি থকা এখন 'পাৰমাণৱিক ৰেল'ৰ ছবিয়ে এতিয়া  আশংকা বৃদ্ধি কৰিছে বৃদ্ধি পাইছে। সেই' ৰেলৰ জৰিয়তে পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰিব পাৰি বুলি  ব্ৰিটিছ সংবাদ মাধ্যমে  দাবী কৰি আহিছে। তেওঁলোকে এইটোও দাবী কৰিছে যে অতি বিধ্বংসী অস্ত্ৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ হাতত আছিল।

দৰাচলতে, আধুনিক যুগৰ প্ৰযুক্তিৰ সহায়ত, যুদ্ধৰ লগতে, ইয়াৰ অস্ত্ৰ-শস্ত্ৰও অত্যাধুনিক হৈ পৰিছে। ব্ৰিটিছে 'ট্ৰাইডেণ্ট'ৰ দৰে পাৰমাণৱিক চাবমেৰিন লৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশবোৰৰো এনে উদাহৰণ আছে। 

পশ্চিমীয়া দেশসমূহে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱস্থা কৰিবলৈ উন্নত প্ৰযুক্তিৰ সহায় লৈছিল আৰু ইয়াৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি আহিছে। চিপিআৰৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জানুৱাৰীৰ ভিতৰত বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা সামান্য হ্ৰাস পাইছে। কিন্তু ইউক্ৰেইনত ৰাছিয়াৰ অভিযান আৰু কিয়েভৰ প্ৰতি পশ্চিমীয়া সমৰ্থনক লৈ বিশ্বৰ ৯খন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। পাৰমাণৱিক শক্তিসমূহ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিশ্বত পাৰমাণৱিক অস্ত্ৰ উদ্ভাৱনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব।

স্মৰ্তব্য যে, বিগত ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন-ৰাছিয়াৰ মহাসমৰ আৰম্ভ হৈছিল। ইয়াৰ ৩দিন পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰৰ দায়িত্বত থকা দেশসমূহক সংকেত দিছিল বুলিও খবৰ ওলাইছিল। আনকি, ৰাছিয়াৰ এই অভিযানত যিসমূহ দেশে বাধাৰ সৃষ্টি কৰিব তেওঁলোকক সকীয়াই দিছিল পুটিনে।

এই অধ্যয়ন অনুসৰি, বৰ্তমান ৰাছিয়াত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে। দেশখনত ৫,৯৭৭টা পাৰমাণৱিক অস্ত্ৰ আছে, আমেৰিকাৰ তুলনাত ৫৫০টা বেছি পাৰমাণৱিক অস্ত্ৰ আছে ৰাছিয়াৰ কোষাগাৰত। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক