--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পাৰমাণৱিক ৰে’লৰ প্ৰসংগই এতিয়া শংকিত কৰা ৰাখিছে ইউক্ৰেইনবাসীক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যিকোনো মুহূৰ্ততে ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ চলাব বুলি ভাবুকি দিয়াৰ পিছতে দেশ খথনৰ পাৰমাণৱিক ৰে’ল খনকলৈ চিন্তাৰ উদ্ৰেক ঘটিছে। পুটিনৰ 'পাৰমাণৱিক ৰেল'ৰ গতিবেগ  প্ৰতি ঘণ্টাত ১,৬০০০ কিলোমিটাৰ । এই ৰে’ল খনে মাত্ৰ তিনি মিনিটৰ ভিতৰতে সকলো ধ্বংস কৰি পেলাব পাৰে।

মস্কোৰ ওচৰত ঘূৰি থকা এখন 'পাৰমাণৱিক ৰেল'ৰ ছবিয়ে এতিয়া  আশংকা বৃদ্ধি কৰিছে বৃদ্ধি পাইছে। সেই' ৰেলৰ জৰিয়তে পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰিব পাৰি বুলি  ব্ৰিটিছ সংবাদ মাধ্যমে  দাবী কৰি আহিছে। তেওঁলোকে এইটোও দাবী কৰিছে যে অতি বিধ্বংসী অস্ত্ৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ হাতত আছিল।

দৰাচলতে, আধুনিক যুগৰ প্ৰযুক্তিৰ সহায়ত, যুদ্ধৰ লগতে, ইয়াৰ অস্ত্ৰ-শস্ত্ৰও অত্যাধুনিক হৈ পৰিছে। ব্ৰিটিছে 'ট্ৰাইডেণ্ট'ৰ দৰে পাৰমাণৱিক চাবমেৰিন লৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশবোৰৰো এনে উদাহৰণ আছে। 

পশ্চিমীয়া দেশসমূহে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱস্থা কৰিবলৈ উন্নত প্ৰযুক্তিৰ সহায় লৈছিল আৰু ইয়াৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি আহিছে। চিপিআৰৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জানুৱাৰীৰ ভিতৰত বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা সামান্য হ্ৰাস পাইছে। কিন্তু ইউক্ৰেইনত ৰাছিয়াৰ অভিযান আৰু কিয়েভৰ প্ৰতি পশ্চিমীয়া সমৰ্থনক লৈ বিশ্বৰ ৯খন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। পাৰমাণৱিক শক্তিসমূহ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিশ্বত পাৰমাণৱিক অস্ত্ৰ উদ্ভাৱনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব।

স্মৰ্তব্য যে, বিগত ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন-ৰাছিয়াৰ মহাসমৰ আৰম্ভ হৈছিল। ইয়াৰ ৩দিন পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰৰ দায়িত্বত থকা দেশসমূহক সংকেত দিছিল বুলিও খবৰ ওলাইছিল। আনকি, ৰাছিয়াৰ এই অভিযানত যিসমূহ দেশে বাধাৰ সৃষ্টি কৰিব তেওঁলোকক সকীয়াই দিছিল পুটিনে।

এই অধ্যয়ন অনুসৰি, বৰ্তমান ৰাছিয়াত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে। দেশখনত ৫,৯৭৭টা পাৰমাণৱিক অস্ত্ৰ আছে, আমেৰিকাৰ তুলনাত ৫৫০টা বেছি পাৰমাণৱিক অস্ত্ৰ আছে ৰাছিয়াৰ কোষাগাৰত। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ