--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন গুগলে চীনত বন্ধ কৰি দিছে গুগল অনুবাদ সেৱা। ইয়াৰ পূৰ্বে গুগলে চীনৰ পৰা আন দেশলৈ নিজৰ সামগ্ৰী নিৰ্মাণৰ কাম স্থানান্তৰ কৰিছিল। ইয়াৰ পাছত এতিয়া গুগল ট্ৰেন্সলেট সেৱা বন্ধ কৰা হৈছে। উল্লেখযোগ্য যে চীনে প্ৰায়বোৰ দেশৰ ছ’চিয়েল মিডিয়া কোম্পানীয়ে প্ৰদান কৰা প্ৰায়বোৰ সেৱা নিষিদ্ধ কৰিছে। চীনত গুগলে আগবঢ়োৱা কেইটামান সেৱাৰ ভিতৰত গুগল ট্ৰেন্সলেট আছিল অন্যতম, যিটো এতিয়া বন্ধ কৰা হৈছে।

কিয় নিষিদ্ধ কৰা হৈছিল

প্ৰকাশিত খবৰ অনুসৰি চীনত থকা আমেৰিকান টেক কোম্পানীটোৱে কম ব্যৱহাৰৰ বাবে অনুবাদ সেৱা বন্ধ কৰি দিছে। চীনত অনুবাদ ৱেবছাইটটো খুলিলে এতিয়া এটা সাধাৰণ ‘চাৰ্চ বাৰ’ আৰু ‘লিংক’ প্ৰদৰ্শন কৰা হয়, যিটো ক্লিক কৰিলে হংকঙত উপলব্ধ কোম্পানীটোৰ ৱেবপেজলৈ লৈ যায়। , বৰ্তমান চীনত এই ৱেবপেজটো নিষিদ্ধ।

চীনৰ বহু ব্যৱহাৰকাৰীয়ে শনিবাৰৰ পৰা ‘গুগল ট্ৰেন্সলেট’ সেৱা ব্যৱহাৰ কৰিব নোৱাৰাৰ কথা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে গুগলৰ ক্ৰ’ম ব্ৰাউজাৰত উপলব্ধ অনুবাদ বৈশিষ্ট্যও চীনত এতিয়া কাম কৰা নাই।

গুগলে ২০১৭ চন আৰম্ভ কৰিছিল

গুগলে এক বিবৃতি প্ৰকাশ কৰি কয় যে চীনত ‘কম ব্যৱহাৰ’ হোৱাৰ বাবে ‘গুগল ট্ৰেন্সলেট’ সেৱা বন্ধ কৰা হৈছে। কিন্তু চীনত কিমান ব্যৱহাৰকাৰীয়ে ‘গুগল ট্ৰেন্সলেট’ সেৱা ব্যৱহাৰ কৰিছিল সেয়া স্পষ্ট হোৱা নাই। ২০১৭ চনত চীনত গুগলে এই অনুবাদ এপ মুকলি কৰিছিল। চীনা ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিবলৈ কোম্পানীটোৱে বিখ্যাত চীনা-আমেৰিকান ৰেপাৰ এম চি জিনৰ পৰাও এটা বিজ্ঞাপন লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ