--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘটনাতো পাকিস্তানৰ। লাহোৰৰ এখন ৰেষ্টুৰেণ্টত এটি পৰিয়ালে জন্মদিন উদযাপনৰ সময়ত এচিড সেৱন কৰি আহত হোৱা দুই শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লাৰি আড্ডা আৰক্ষী থানাত দাখিল কৰা এফ আই আৰ অনুসৰি অভিযোগকাৰীয়ে দাবী কৰা মতে, ২৭ ছেপ্টেম্বৰত পৰিয়ালটোৱে জন্মদিন উদযাপন কৰিবলৈ গ্ৰেটাৰ ইকবাল পাৰ্কৰ ভিতৰত অৱস্থিত এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। অভিযোগকাৰীয়ে জনোৱা মতে, ৰাতিৰ আহাৰ খোৱাৰ পাছত ৰেষ্টুৰেণ্টখনে যোগান ধৰা পানীৰ বটলৰ এটা ব্যৱহাৰ কৰি তেওঁলোকৰ সন্তানে হাত ধুইছিল।

খবৰ অনুসৰি শিশুটিৰ হাতত পানী ঢালি দিয়াৰ লগে লগে শিশুটিয়ে চিঞৰিবলৈ ধৰিলে। এই সময়ত আন এজন শিশুৱে সেই একে বটলটো ব্যৱহাৰ কৰি পানী খাইছিল, তাৰ পাছত তেওঁ অজ্ঞান হৈ পৰে। শিশুটি সাৰ পাই উঠাত বমি হৈছিল, এই সময়ত শিশুটিৰ যত্ন লোৱা আত্মীয়ৰ এজনৰ হাতত এচিড ছিটিকি পৰাৰ বাবে লগে লগে ফোহা হৈছিল। পৰিয়ালৰ লোকে জনোৱা মতে, দুয়োটা শিশুকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এফআইআৰ(FIR) অনুসৰি মহম্মদ আদিল নামৰ এজন লোকে জন্মদিনৰ পাৰ্টিৰ বাবে পৰিয়ালৰ সৈতে ৰেষ্টুৰেণ্টলৈ গৈছিল। তেওঁ এফআইআৰত লিখিছে, ‘আমি হোটেলৰ কৰ্মচাৰীৰ পৰা পানী বিচাৰিছিলো। মোৰ ভতিজা আহমেদে সেই পানীৰে হাত ধুইছিল। তাৰ অলপ পাছতে সি কান্দিবলৈ ধৰিলে। আমি দেখিলোঁ যে পানীৰ বটলটোত এচিড থকাৰ বাবে তেওঁৰ হাত দুখন জ্বলি গৈছে।'

ইয়াৰ মাজতে তেওঁৰ ডেৰ-দুবছৰীয়া ভতিজী ৱাজিহাই আন এটা পানীৰ বটলৰ পৰা এচিড খাই বমি কৰিবলৈ আৰম্ভ কৰে বুলি মহম্মদ আদিলে জনায়। দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য'ত, ৱাজিহাৰ অৱস্থা সংকটজনক। এই গোচৰত আৰক্ষীয়ে কৈছে, ‘আমি ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ মহম্মদ জাভেদক গ্ৰেপ্তাৰ কৰিছো। আন কৰ্মচাৰীক গ্ৰেপ্তাৰৰ বাবে অভিযান চলোৱা হৈছে। পৰৱৰ্তী ব্যৱস্থা নোলোৱালৈকে বন্ধ ৰখা হৈছে ৰেষ্টুৰেণ্টখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক