--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘটনাতো পাকিস্তানৰ। লাহোৰৰ এখন ৰেষ্টুৰেণ্টত এটি পৰিয়ালে জন্মদিন উদযাপনৰ সময়ত এচিড সেৱন কৰি আহত হোৱা দুই শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। লাৰি আড্ডা আৰক্ষী থানাত দাখিল কৰা এফ আই আৰ অনুসৰি অভিযোগকাৰীয়ে দাবী কৰা মতে, ২৭ ছেপ্টেম্বৰত পৰিয়ালটোৱে জন্মদিন উদযাপন কৰিবলৈ গ্ৰেটাৰ ইকবাল পাৰ্কৰ ভিতৰত অৱস্থিত এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। অভিযোগকাৰীয়ে জনোৱা মতে, ৰাতিৰ আহাৰ খোৱাৰ পাছত ৰেষ্টুৰেণ্টখনে যোগান ধৰা পানীৰ বটলৰ এটা ব্যৱহাৰ কৰি তেওঁলোকৰ সন্তানে হাত ধুইছিল।

খবৰ অনুসৰি শিশুটিৰ হাতত পানী ঢালি দিয়াৰ লগে লগে শিশুটিয়ে চিঞৰিবলৈ ধৰিলে। এই সময়ত আন এজন শিশুৱে সেই একে বটলটো ব্যৱহাৰ কৰি পানী খাইছিল, তাৰ পাছত তেওঁ অজ্ঞান হৈ পৰে। শিশুটি সাৰ পাই উঠাত বমি হৈছিল, এই সময়ত শিশুটিৰ যত্ন লোৱা আত্মীয়ৰ এজনৰ হাতত এচিড ছিটিকি পৰাৰ বাবে লগে লগে ফোহা হৈছিল। পৰিয়ালৰ লোকে জনোৱা মতে, দুয়োটা শিশুকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এফআইআৰ(FIR) অনুসৰি মহম্মদ আদিল নামৰ এজন লোকে জন্মদিনৰ পাৰ্টিৰ বাবে পৰিয়ালৰ সৈতে ৰেষ্টুৰেণ্টলৈ গৈছিল। তেওঁ এফআইআৰত লিখিছে, ‘আমি হোটেলৰ কৰ্মচাৰীৰ পৰা পানী বিচাৰিছিলো। মোৰ ভতিজা আহমেদে সেই পানীৰে হাত ধুইছিল। তাৰ অলপ পাছতে সি কান্দিবলৈ ধৰিলে। আমি দেখিলোঁ যে পানীৰ বটলটোত এচিড থকাৰ বাবে তেওঁৰ হাত দুখন জ্বলি গৈছে।'

ইয়াৰ মাজতে তেওঁৰ ডেৰ-দুবছৰীয়া ভতিজী ৱাজিহাই আন এটা পানীৰ বটলৰ পৰা এচিড খাই বমি কৰিবলৈ আৰম্ভ কৰে বুলি মহম্মদ আদিলে জনায়। দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য'ত, ৱাজিহাৰ অৱস্থা সংকটজনক। এই গোচৰত আৰক্ষীয়ে কৈছে, ‘আমি ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ মহম্মদ জাভেদক গ্ৰেপ্তাৰ কৰিছো। আন কৰ্মচাৰীক গ্ৰেপ্তাৰৰ বাবে অভিযান চলোৱা হৈছে। পৰৱৰ্তী ব্যৱস্থা নোলোৱালৈকে বন্ধ ৰখা হৈছে ৰেষ্টুৰেণ্টখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ