--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰমণ্ডল  এক্সপ্ৰেছ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৭৮ গৰাকীলৈ বৃদ্ধি পাইছে।আজি পুনৰ তিনি জন আহত লোকৰ মৃত্যু ঘটে।  এতিয়াও  চিনাক্তকৰণ নোহোৱাকৈ পৰি ৰৈছে ১০১  টা মৃতদেহ।  ভুৱনেশ্বৰৰ মৰ্গত ৰখা  বহু কেইটা  মৃতদেহ কোনো লোকেই চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। 

শুকুৰবাৰে কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত ২৭৫ গৰাকী যাত্ৰী নিহত হোৱা বুলি প্ৰথমে চৰকাৰীভাবে প্ৰকাশ কৰা হৈছিল। এতিয়া সেই সংখ্যা বৃদ্ধি পাই ২৭৮ গৰাকী হৈছে। ইষ্টাৰ্ণ ৰে'লৱেৰ বিভাগীয় ৰে'ল ৱে মেনেজাৰ ৰিঙ্কেশ ৰয়ে কয়, "দুৰ্ঘটনাটোত ১,১০০ জন লোক আহত হৈছে। তাৰে ভিতৰত ৯০০  লোকক  চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। 

ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও ২০০ ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটোত মুঠ মৃত্যুৰ সংখ্যা ২৭৮ গৰাকী হৈছে। কিন্তু তেওঁলোকৰ ১০১ জনৰ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। "

মৃতদেহবোৰ ভুৱনেশ্বৰৰ শৱগৃহত এখন পৰ্দাত দেখুওৱা হৈছে। কিন্তু আত্মীয়সকলৰ মতে এনেদৰে  মৃতদেহ  চিনাক্ত কৰিব পৰা সম্ভৱ নহয়। দুৰ্ঘটনাটোৰ ফলস্বৰূপে বহু  মৃতদেহ বিকৃত হৈ পৰিছে । সেয়েহে সেইবোৰ চিনাক্ত কৰাত কঠিন হৈ পৰিছে। পৰিয়ালৰ সদস্যসকলে প্ৰিয়জনক হেৰুওৱাৰ দুখৰ মাজত তেওঁলোকৰ মৃতদেহ বিচাৰি বলৈ প্ৰাণপণে চেষ্টা কৰি আছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস