--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰমণ্ডল  এক্সপ্ৰেছ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৭৮ গৰাকীলৈ বৃদ্ধি পাইছে।আজি পুনৰ তিনি জন আহত লোকৰ মৃত্যু ঘটে।  এতিয়াও  চিনাক্তকৰণ নোহোৱাকৈ পৰি ৰৈছে ১০১  টা মৃতদেহ।  ভুৱনেশ্বৰৰ মৰ্গত ৰখা  বহু কেইটা  মৃতদেহ কোনো লোকেই চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। 

শুকুৰবাৰে কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত ২৭৫ গৰাকী যাত্ৰী নিহত হোৱা বুলি প্ৰথমে চৰকাৰীভাবে প্ৰকাশ কৰা হৈছিল। এতিয়া সেই সংখ্যা বৃদ্ধি পাই ২৭৮ গৰাকী হৈছে। ইষ্টাৰ্ণ ৰে'লৱেৰ বিভাগীয় ৰে'ল ৱে মেনেজাৰ ৰিঙ্কেশ ৰয়ে কয়, "দুৰ্ঘটনাটোত ১,১০০ জন লোক আহত হৈছে। তাৰে ভিতৰত ৯০০  লোকক  চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। 

ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও ২০০ ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটোত মুঠ মৃত্যুৰ সংখ্যা ২৭৮ গৰাকী হৈছে। কিন্তু তেওঁলোকৰ ১০১ জনৰ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। "

মৃতদেহবোৰ ভুৱনেশ্বৰৰ শৱগৃহত এখন পৰ্দাত দেখুওৱা হৈছে। কিন্তু আত্মীয়সকলৰ মতে এনেদৰে  মৃতদেহ  চিনাক্ত কৰিব পৰা সম্ভৱ নহয়। দুৰ্ঘটনাটোৰ ফলস্বৰূপে বহু  মৃতদেহ বিকৃত হৈ পৰিছে । সেয়েহে সেইবোৰ চিনাক্ত কৰাত কঠিন হৈ পৰিছে। পৰিয়ালৰ সদস্যসকলে প্ৰিয়জনক হেৰুওৱাৰ দুখৰ মাজত তেওঁলোকৰ মৃতদেহ বিচাৰি বলৈ প্ৰাণপণে চেষ্টা কৰি আছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!