--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াই নিজকে গুলীচালনা কৰি আত্মহত্যা কৰে। মঙলবাৰে গোমতি নগৰ অঞ্চলৰ নিজা বাসগৃহত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে নিজকে গুলীয়াই হত্যা কৰে প্ৰাক্তন আই পি এছ গৰাকীয়ে। মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ আত্মহত্যাৰ টোকাত লিখিছিল, "মোৰ শক্তি আৰু স্বাস্থ্য হেৰুৱাই পেলাইছো"।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, ‘১৯৭৫ চনৰ বেটচৰ আই পি এছ বিষয়া দীনেশ কুমাৰ শৰ্মা (৭৩)য়ে বিশাল খাণ্ডৰ নিজৰ ঘৰত গুলীচালনা কৰিছিল। মঙলবাৰে পুৱা তেওঁৰ কোঠাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। আৰক্ষীয়ে কোঠাটোৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে।

প্ৰাক্তন আই পি এছ শৰ্মাই নিজৰ ছুইচাইড নোটত লিখিছে, ‘মই উদ্বিগ্নতা আৰু হতাশা সহ্য কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা কৰিছো। মই মোৰ শক্তি আৰু স্বাস্থ্য হেৰুৱাই পেলাইছো, ইয়াৰ বাবে আন কোনো দায়ী নহয়। ছুইচাইড নোটখন লিখাৰ পিছত ৰিভলভাৰেৰে তেওঁ নিজৰ মূৰত গুলীয়ায়। সেই ৰিভলভাৰটো কোঠাটোতেই পোৱা গৈছে। আৰক্ষীয়ে জনোৱা মতে, এখন চকীত উদ্ধাৰ হৈছে প্ৰাক্তন বিষয়াজনৰ মৃতদেহ।

ডিপ্ৰেছনত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন আই পি এছ দীনেশ কুমাৰ শৰ্মা। ডিজি ছিকিউৰিটি বিনোদ কুমাৰ সিঙে কয়, ‘পুৱা শৰ্মাৰ কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হয়। তেওঁ এজন ভাল বিষয়া আছিল আৰু তেওঁৰ লগত মোৰ পাৰিবাৰিক সম্পৰ্ক আছিল। ইয়াৰ উপৰিও তেওঁ এজন অতি ভাল ক্ৰিকেটাৰ আছিল আৰু আগতে আই পি এছ ক্ৰিকেট দলৰ অংশ আছিল।

আই পি এছৰ প্ৰাক্তন বিষয়াগৰাকীয়ে ২০১০ চনত ইউ পি আৰক্ষীৰ ডি জি (হাউছিং কৰ্পৰেশ্যন) পদৰ পৰা অৱসৰ গ্ৰহণ কৰি লক্ষ্ণৌত বাস কৰিছিল। অতিৰিক্ত উপায়ুক্ত (এচিপি) শ্বেতা চৌধাৰীয়ে জনোৱা মতে, প্ৰাক্তন আই পি এছৰ আত্মহত্যা কৰা কোঠাটো ছীল কৰি ৰিভলভাৰটো জব্দ কৰা হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস