--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াই নিজকে গুলীচালনা কৰি আত্মহত্যা কৰে। মঙলবাৰে গোমতি নগৰ অঞ্চলৰ নিজা বাসগৃহত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে নিজকে গুলীয়াই হত্যা কৰে প্ৰাক্তন আই পি এছ গৰাকীয়ে। মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ আত্মহত্যাৰ টোকাত লিখিছিল, "মোৰ শক্তি আৰু স্বাস্থ্য হেৰুৱাই পেলাইছো"।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, ‘১৯৭৫ চনৰ বেটচৰ আই পি এছ বিষয়া দীনেশ কুমাৰ শৰ্মা (৭৩)য়ে বিশাল খাণ্ডৰ নিজৰ ঘৰত গুলীচালনা কৰিছিল। মঙলবাৰে পুৱা তেওঁৰ কোঠাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। আৰক্ষীয়ে কোঠাটোৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে।

প্ৰাক্তন আই পি এছ শৰ্মাই নিজৰ ছুইচাইড নোটত লিখিছে, ‘মই উদ্বিগ্নতা আৰু হতাশা সহ্য কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা কৰিছো। মই মোৰ শক্তি আৰু স্বাস্থ্য হেৰুৱাই পেলাইছো, ইয়াৰ বাবে আন কোনো দায়ী নহয়। ছুইচাইড নোটখন লিখাৰ পিছত ৰিভলভাৰেৰে তেওঁ নিজৰ মূৰত গুলীয়ায়। সেই ৰিভলভাৰটো কোঠাটোতেই পোৱা গৈছে। আৰক্ষীয়ে জনোৱা মতে, এখন চকীত উদ্ধাৰ হৈছে প্ৰাক্তন বিষয়াজনৰ মৃতদেহ।

ডিপ্ৰেছনত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন আই পি এছ দীনেশ কুমাৰ শৰ্মা। ডিজি ছিকিউৰিটি বিনোদ কুমাৰ সিঙে কয়, ‘পুৱা শৰ্মাৰ কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হয়। তেওঁ এজন ভাল বিষয়া আছিল আৰু তেওঁৰ লগত মোৰ পাৰিবাৰিক সম্পৰ্ক আছিল। ইয়াৰ উপৰিও তেওঁ এজন অতি ভাল ক্ৰিকেটাৰ আছিল আৰু আগতে আই পি এছ ক্ৰিকেট দলৰ অংশ আছিল।

আই পি এছৰ প্ৰাক্তন বিষয়াগৰাকীয়ে ২০১০ চনত ইউ পি আৰক্ষীৰ ডি জি (হাউছিং কৰ্পৰেশ্যন) পদৰ পৰা অৱসৰ গ্ৰহণ কৰি লক্ষ্ণৌত বাস কৰিছিল। অতিৰিক্ত উপায়ুক্ত (এচিপি) শ্বেতা চৌধাৰীয়ে জনোৱা মতে, প্ৰাক্তন আই পি এছৰ আত্মহত্যা কৰা কোঠাটো ছীল কৰি ৰিভলভাৰটো জব্দ কৰা হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ