--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মজীৱনৰ পৰা হাত সাৰিবলৈ থাকিবলৈ পুৰুষে কি কি নকৰে? অসুস্থতাৰ অজুহাতত ছুটী লয়, বন্ধুৰ বিয়াৰ অজুহাত দিয়ে, দুৰ্ঘটনাৰ অজুহাত দিয়ে। কিন্তু এই ব্যক্তিজনে কামৰ পৰা আঁতৰি থাকিবলৈ কি কৰিছে জানিলে আপুনি আচৰিত হ’ব! 

আচলতে চুৰাটত (গুজৰাট) এজন ব্যক্তিয়ে কামৰ পৰা হাত সাৰিবলৈ নিজৰ আঙুলি কাটে। ইয়াৰ পিছত মানুহজনে আৰক্ষীৰ ওচৰলৈ গৈ কয় যে তেওঁৰ আঙুলিবোৰ নিৰুদ্দেশ হৈছে। পিছত আৰক্ষীৰ তদন্তত সত্যতা পোহৰলৈ আহিল। 

গুজৰাটৰ চুৰাটত বাস কৰা ময়ুৰ তাৰাপাৰাই আগতে নিজৰ আত্মীয়ৰ হীৰা প্ৰতিষ্ঠানত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, ৮ ডিচেম্বৰত ময়ুৰে আৰক্ষীৰ সৈতে যোগাযোগ কৰি বাওঁহাতৰ আঙুলিবোৰ নিৰুদ্দেশ হোৱা বুলি জনায়। তেওঁৰ প্ৰাৰম্ভিক বক্তব্য অনুসৰি ঘটনাৰ নিশা চুৰাটৰ বেদান্ত চক্ৰৰ ওচৰত বন্ধুৰ বাবে অপেক্ষা কৰি আছিল। এঘণ্টাৰ পাছতো যেতিয়া তেওঁৰ বন্ধুজন আহি নাপালে, তেতিয়া তেওঁ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁ ক’লে যে বাটত কোনোবা ঠাইত ৰৈ থাকোঁতে তেওঁৰ মূৰ ঘূৰালে আৰু সেই ঠাইতে তেওঁ অজ্ঞান হৈ পৰিল। তেওঁ দাবী কৰে যে যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিল তেতিয়া তেওঁৰ বাওঁহাতৰ চাৰিটা আঙুলি নাছিল।

ইয়াৰ পিছত ময়ুৰে বন্ধু এজনৰ পৰা সহায় বিচাৰিছিল, যিয়ে তেওঁক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে তেওঁৰ কটা আঙুলিৰ চিকিৎসা কৰি একেদিনাই তেওঁক ছুটি দিয়ে। ইয়াৰ পিছত ময়ুৰে আৰক্ষীৰ সৈতে যোগাযোগ কৰে।

তদন্তত ময়ুৰে এই ঘটনা সংঘটিত বুলি কোৱা ঠাইৰ পৰা কোনো ধৰণৰ তেজৰ দাগ বা আন কোনো প্ৰমাণ পোৱা নাছিল। ইয়াৰ পিছত আৰক্ষীয়ে ময়ুৰৰ কাহিনীটো সন্দেহ কৰে আৰু কেইদিনমানৰ ভিতৰতে চুৰাট অপৰাধ শাখাই সত্যটো ধৰা পেলাই।

ডিচিপি ভৱেশ ৰ’জিয়াই কয় যে ময়ুৰ তাৰাপাৰাই আঙুলি কাটি দিয়াৰ কথা স্বীকাৰ কৰিছে। তেওঁ এটা কটাৰী কিনি সম্পূৰ্ণ পৰিকল্পনাৰে এই কামটো সম্পন্ন কৰিছিল। ডিচিপিৰ মতে, ময়ুৰে কয় যে তেওঁ বহুত কামৰ হেঁচাত পৰিছে। তেওঁ এজন আত্মীয়ৰ গহনা শ্ব’ৰুমত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল আৰু তেওঁৰ পিতৃয়ে তেওঁক কামটো অব্যাহত ৰাখিবলৈ ইচ্ছা নকৰাৰ পিছতো বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীৰ তদন্তত ময়ুৰৰ মোবাইল লোকেশ্বন ডাটাৰ পৰা এই কথা পোহৰলৈ আহিছে। ইয়াৰ পিছত তেওঁ স্বীকাৰ কৰে যে তেওঁ প্ৰথমে তিনিটা আঙুলি কাটিছিল আৰু পিছত চতুৰ্থটোও নিজে কাটি পেলাইছিল।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ