--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাহ্নৱী কাপুৰ, অনন্যা পাণ্ডে আৰু চাৰা আলী খানৰ দৰে বহু ষ্টাৰ কিডছৰ অভিষেকৰ পিছত এতিয়া শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বলীউডত চাবৰ বাবে অনুৰাগীসকল উৎসাহিত হৈ আছে। আৰিয়ান খানৰ বলীউড অভিষেকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনেক লোক। অনুৰাগীসকলে আশা কৰিছে যে আৰিয়ানেও পিতৃৰ পদাংক অনুসৰণ কৰিব। 

অৱশ্যে এতিয়া এনে লাগিছে যে হয়তো আৰিয়ান খান চলচ্চিত্ৰৰ নায়ক হ’ব নিবিচাৰে। আমি সকলোৱে জানো যে কৰণ জোহৰ শ্বাহৰুখ খানৰ অতি ভাল বন্ধু আৰু তেওঁ শ্বাহৰুখৰ সৈতে বহু হিট ছবি নিৰ্মাণ কৰিছে। কৰণ জোহৰে আৰিয়ান খানক ধৰ্ম প্ৰডাকচনৰ এখন ছবিৰে বলীউডত প্ৰৱেশ কৰাব বিচাৰিছিল। কিন্তু ষ্টাৰ কিড আৰিয়ান খানে কৰণ জোহৰৰ প্ৰস্তাৱ নাকচ কৰিলে।

কৰণে আৰিয়ানক এবাৰ নহয় দুবাৰকৈ অফাৰ দিছিল। কিন্তু আৰিয়ান খানে বাৰে বাৰে নাকচ কৰিছিল কৰণৰ এই প্ৰস্তাৱ। ইয়াৰ পৰাই বুজিব পাৰি কৰিলে যে আৰিয়ান খান অভিনয় কেৰিয়াৰৰ প্ৰতি আগ্ৰহী নহয়। পৰিচালক আৰু স্ক্ৰীপ্ট ৰাইটাৰ হিচাপে বলীউডত অৰিহণা যোগাব বিচাৰে আৰিয়ানে।

ফাৰহান আখতাৰৰ ভগ্নী তথা বিখ্যাত পৰিচালক জোয়া আখতাৰেও আৰিয়ান খানক তেওঁৰ ছবিৰে বলীউডত মুকলি কৰিব বিচাৰিছিল। হয়তো তেওঁ ‘দ্য আৰ্চিজ’ত আৰিয়ানক অভিনয় কৰিব বিচাৰিছিল। কিন্তু আৰিয়ানে প্ৰস্তাৱ নাকচ কৰাত কিং খানৰ কন্যা ছুহানা খানক লন্স কৰে জোয়া আখতাৰে। অহা বছৰ নেটফ্লিক্সৰ চিনেমা ‘দ্য আৰ্চিজ’ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিব ছুহানা খানে। জাহ্নৱী কাপুৰৰ ভগ্নী খুশী কাপুৰ আৰু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দায়েও এই ফেণ্টাচি ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু