--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাহ্নৱী কাপুৰ, অনন্যা পাণ্ডে আৰু চাৰা আলী খানৰ দৰে বহু ষ্টাৰ কিডছৰ অভিষেকৰ পিছত এতিয়া শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বলীউডত চাবৰ বাবে অনুৰাগীসকল উৎসাহিত হৈ আছে। আৰিয়ান খানৰ বলীউড অভিষেকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনেক লোক। অনুৰাগীসকলে আশা কৰিছে যে আৰিয়ানেও পিতৃৰ পদাংক অনুসৰণ কৰিব। 

অৱশ্যে এতিয়া এনে লাগিছে যে হয়তো আৰিয়ান খান চলচ্চিত্ৰৰ নায়ক হ’ব নিবিচাৰে। আমি সকলোৱে জানো যে কৰণ জোহৰ শ্বাহৰুখ খানৰ অতি ভাল বন্ধু আৰু তেওঁ শ্বাহৰুখৰ সৈতে বহু হিট ছবি নিৰ্মাণ কৰিছে। কৰণ জোহৰে আৰিয়ান খানক ধৰ্ম প্ৰডাকচনৰ এখন ছবিৰে বলীউডত প্ৰৱেশ কৰাব বিচাৰিছিল। কিন্তু ষ্টাৰ কিড আৰিয়ান খানে কৰণ জোহৰৰ প্ৰস্তাৱ নাকচ কৰিলে।

কৰণে আৰিয়ানক এবাৰ নহয় দুবাৰকৈ অফাৰ দিছিল। কিন্তু আৰিয়ান খানে বাৰে বাৰে নাকচ কৰিছিল কৰণৰ এই প্ৰস্তাৱ। ইয়াৰ পৰাই বুজিব পাৰি কৰিলে যে আৰিয়ান খান অভিনয় কেৰিয়াৰৰ প্ৰতি আগ্ৰহী নহয়। পৰিচালক আৰু স্ক্ৰীপ্ট ৰাইটাৰ হিচাপে বলীউডত অৰিহণা যোগাব বিচাৰে আৰিয়ানে।

ফাৰহান আখতাৰৰ ভগ্নী তথা বিখ্যাত পৰিচালক জোয়া আখতাৰেও আৰিয়ান খানক তেওঁৰ ছবিৰে বলীউডত মুকলি কৰিব বিচাৰিছিল। হয়তো তেওঁ ‘দ্য আৰ্চিজ’ত আৰিয়ানক অভিনয় কৰিব বিচাৰিছিল। কিন্তু আৰিয়ানে প্ৰস্তাৱ নাকচ কৰাত কিং খানৰ কন্যা ছুহানা খানক লন্স কৰে জোয়া আখতাৰে। অহা বছৰ নেটফ্লিক্সৰ চিনেমা ‘দ্য আৰ্চিজ’ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিব ছুহানা খানে। জাহ্নৱী কাপুৰৰ ভগ্নী খুশী কাপুৰ আৰু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দায়েও এই ফেণ্টাচি ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক