--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ’না ভাইৰাছৰ আতংকৰ মাজতে আহিছে নতুন ভাইৰাছে মূৰ দাঙি উঠাৰ খবৰ। অতি মাৰাত্মক এই ভাইৰাছ বিয়পি পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত। এই ভাইৰাছবিধৰ নাম হাৰ্টলেণ্ড বুলি চিহ্নিত কৰা হৈছে। অতি মাৰাত্মক ভাইৰাছটো দেশখনৰ ছখন প্ৰদেলৈ বিয়পি পৰা বুলি জানিব পৰা গৈছে। হাৰ্টলেণ্ড ভাইৰাছৰ লক্ষণবোৰৰ কৰ’না ভাইৰাছৰ সৈতে বহুত বেছি মিল আছে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। এতিয়ালৈকে, হাৰ্টলেণ্ড ভাইৰাছৰ প্ৰতিৰোধৰ বাবে কোনো দৰৱ নাই বুলি প্ৰকাশ কৰিছে চিকিৎসকসকলে। জৰ্জিয়াৰ এমোৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে, ভাইৰাছটো অতি বিপদজনক আৰু মাৰাত্মক। নতুন ভাইৰাছটো আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যাপকভাৱে বিয়পিবলৈ আৰম্ভ কৰিছে। অৱশ্যে, হাৰ্টলেণ্ড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ মৃত্যুৰ হাৰ এতিয়াও অতি কম বুলি জানিব পৰা গৈছে। হাৰ্টলেণ্ড ভাইৰাছে বৃদ্ধসকলৰ শৰীৰত গুৰুতৰ প্ৰভাৱ পেলাইছে আৰু ই মাৰাত্মক হৈ উঠাৰ আশংকা বৃদ্ধি পাইছে। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচন তৰফৰ পৰা এইকথা সদৰি কৰা হৈছে। এমোৰী-বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক গঞ্জালো ভাজকুৱেজে জনায় যে, ভাইৰাছটোৰ সংক্ৰমণ দ্ৰুতগতিত হৈছে। অৱশ্যে, ৰোগটোৰ চৰিত্ৰ এতিয়াও ভালদৰে বুজাটো সম্ভৱ হোৱা নাই। হাৰ্টলেণ্ড ভাইৰাছৰ লক্ষণবোৰ কি? এজন ব্যক্তি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় নে নাই আপুনি কেনেকৈ জানিব? বিশেষজ্ঞসকলৰ মতে, জ্বৰ, মূৰৰ বিষ, পেটৰ বিকাৰ, নাকৰ পৰা পানী ওলোৱা, ডায়েৰিয়া, হাত আৰু ভৰিৰ বিষ-গাঁঠিৰ বিষ আদি লক্ষণবোৰ হাৰ্টলেণ্ডত আক্ৰান্ত লোকসকলৰ শৰীৰত দেখা যায়। যদি এই ভাইৰাছৰ লক্ষণবোৰ দেখা যায়, বিশেষজ্ঞসকলে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ পৰামৰ্শ দিছে। অৱশ্যে, তেওঁলোক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় নে নাই বুজিবলৈ এতিয়ালৈকে কোনো নিৰ্দিষ্ট পৰীক্ষা আৰম্ভ কৰা হোৱা নাই। এই ৰোগৰ চিকিৎসা কেনেদৰে সম্ভৱ? চিকিৎসকসকলে কৈছে যে কেৱল হাৰ্টলেণ্ড ভাইৰাছত ভুগি থকা সকলৰ বাবে কোনো পৃথক চিকিৎসা নাই। এই ভাইৰাছৰ চিকিৎসাত কিছুমান আনুষংগিক ঔষধ আৰু চিকিৎসা কামত আহিব পাৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰিব লাগে। এই ভাইৰাছটো কেনেকৈ উৎপন্ন হৈছিল? ২০০৯ চনত মিছৌৰীত প্ৰথমবাৰৰ বাবে হাৰ্টলেণ্ড ভাইৰাছটো ধৰা পৰিছিল। ২০০৯ আৰু ২০২১ চনৰ ভিতৰত, ভাইৰাছটো ১১টা স্থানত চিনাক্ত কৰা হৈছিল, যাৰ ভিতৰত আছে জৰ্জিয়া, ইলিনয়, ইণ্ডিয়ানা, আইৱা, কানছাছ, কেণ্টাকী। জানিব পৰা গৈছে যে, এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ শৰীৰৰ শ্বেত ৰক্ত কণিকা হ্ৰাস হয়। এই ৰোগটো এক নিৰ্দিষ্ট প্ৰকাৰৰ পতংগৰ কামোৰৰ ফলত হোৱা বুলি জনা যায়। কিছুমান গৱেষকে দাবী কৰিছে যে ভাইৰাছটো বনৰীয়া হৰিণৰ শৰীৰত পোৱা গৈছিল। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব