--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না অতিমাৰীৰ সন্ত্ৰাস এতিয়াও মাৰ যোৱা নাই। দিনক দিনে বৃদ্ধি পাই আহিছে কৰ’নাক্ৰান্ত ব্যক্তিৰ সংখ্যা। ইয়াৰ মাজতে এইবিধ অতিমাৰীক ৰুধিবলৈ গৱেষকসকলে নিৰন্তৰ চলাই গৈছে পৰীক্ষা-নিৰীক্ষা। ক’ভিডাক্ৰান্ত কোনো ব্যক্তিক যদি চিকিৎসালয়ত ভৰ্তি কৰা হয় তেতিয়া হ’লে তেজৰ নমুনাই কৈ দিব যে ব্যক্তিগৰাকীক কি স্তৰৰ চিকিৎসাৰ প্ৰয়োজন। সাধাৰণ চিকিৎসাতে আৰোগ্য লাভ কৰিব নে দিব লাগিব ক্ৰিটিকেল কেয়াৰ তাকো জনা যাব অতিশীঘ্ৰেই। আনকি ক’ভিডাক্ৰান্ত ব্যক্তি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিব পাৰিবনে নাই নে তেওঁৰ প্ৰাণৰ সংশয় কিবা আছে তাৰো ভৱিষ্যতবাণী কৰাটো এতিয়া সম্ভৱ। শেহতীয়াকৈ, এনে আশ্চৰ্যকৰ মন্তব্যই কৰিছে জাৰ্মানীৰ এটি গৱেষক দলে। কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিছিয়েল ইণ্টেলিজেঞ্চ সহায়ত এনে এক আশ্চৰ্যকৰ সঁজুলি আৱিষ্কাৰৰ কথা সদৰী কৰিছে গৱেষকসকলে। সঁজুলিটোৱে তেজত থকা প্ৰ'টিনৰ পৰিমাণ কিমান তাৰ নিখুঁট ফলাফল দিবলৈ সক্ষম। তেজৰ নমুনাই কৈ দিব ক’ভিডাক্ৰান্ত ব্যক্তিজনৰ জীয়াই থকাৰ আশা কিমান? এই পদ্ধতিটোৰ সফল ব্যৱহাৰে স্বাস্থ্য কৰ্মীসকলকো সাময়ি্ক সকাহ প্ৰদান কৰিব বুলিও গৱেষকসকলে দাবী কৰিছে। চিকিৎসাৰ আৰম্ভণিৰ পূৰ্বে এই তেজ পৰীক্ষা কৰিলে চিকিৎসা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰাত সহজ হ’ব বুলি ঠাৱৰ কৰিছে গৱেষকৰ দলটোৱে। জানিবলৈ পোৱা মতে, এই প্ৰণালীটোৰ জৰিয়তে ১৪ টা স্তৰৰ তেজৰ নমুনা পৰীক্ষা কৰা হ’ব আৰু ইয়ে চূড়ান্ত ফলাফল দিয়াত সহায় কৰিব। মন কৰিবলগীয়া যে, জাৰ্মানীৰ চেৰীটী বিশ্ববিদ্যালয় চিকিৎসালয়ত ৫০ জন কৰ’না আক্ৰান্ত ব্যক্তিৰ ওপৰত এই পৰীক্ষাটো চলোৱা হৈছিল। এই পৰীক্ষাৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এই সঁজুলিবিধ চূড়ান্ত কৰা হৈছে বুলি সদৰী কৰিছে গৱেষকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ