--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না অতিমাৰীৰ সন্ত্ৰাস এতিয়াও মাৰ যোৱা নাই। দিনক দিনে বৃদ্ধি পাই আহিছে কৰ’নাক্ৰান্ত ব্যক্তিৰ সংখ্যা। ইয়াৰ মাজতে এইবিধ অতিমাৰীক ৰুধিবলৈ গৱেষকসকলে নিৰন্তৰ চলাই গৈছে পৰীক্ষা-নিৰীক্ষা। ক’ভিডাক্ৰান্ত কোনো ব্যক্তিক যদি চিকিৎসালয়ত ভৰ্তি কৰা হয় তেতিয়া হ’লে তেজৰ নমুনাই কৈ দিব যে ব্যক্তিগৰাকীক কি স্তৰৰ চিকিৎসাৰ প্ৰয়োজন। সাধাৰণ চিকিৎসাতে আৰোগ্য লাভ কৰিব নে দিব লাগিব ক্ৰিটিকেল কেয়াৰ তাকো জনা যাব অতিশীঘ্ৰেই। আনকি ক’ভিডাক্ৰান্ত ব্যক্তি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিব পাৰিবনে নাই নে তেওঁৰ প্ৰাণৰ সংশয় কিবা আছে তাৰো ভৱিষ্যতবাণী কৰাটো এতিয়া সম্ভৱ। শেহতীয়াকৈ, এনে আশ্চৰ্যকৰ মন্তব্যই কৰিছে জাৰ্মানীৰ এটি গৱেষক দলে। কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিছিয়েল ইণ্টেলিজেঞ্চ সহায়ত এনে এক আশ্চৰ্যকৰ সঁজুলি আৱিষ্কাৰৰ কথা সদৰী কৰিছে গৱেষকসকলে। সঁজুলিটোৱে তেজত থকা প্ৰ'টিনৰ পৰিমাণ কিমান তাৰ নিখুঁট ফলাফল দিবলৈ সক্ষম। তেজৰ নমুনাই কৈ দিব ক’ভিডাক্ৰান্ত ব্যক্তিজনৰ জীয়াই থকাৰ আশা কিমান? এই পদ্ধতিটোৰ সফল ব্যৱহাৰে স্বাস্থ্য কৰ্মীসকলকো সাময়ি্ক সকাহ প্ৰদান কৰিব বুলিও গৱেষকসকলে দাবী কৰিছে। চিকিৎসাৰ আৰম্ভণিৰ পূৰ্বে এই তেজ পৰীক্ষা কৰিলে চিকিৎসা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰাত সহজ হ’ব বুলি ঠাৱৰ কৰিছে গৱেষকৰ দলটোৱে। জানিবলৈ পোৱা মতে, এই প্ৰণালীটোৰ জৰিয়তে ১৪ টা স্তৰৰ তেজৰ নমুনা পৰীক্ষা কৰা হ’ব আৰু ইয়ে চূড়ান্ত ফলাফল দিয়াত সহায় কৰিব। মন কৰিবলগীয়া যে, জাৰ্মানীৰ চেৰীটী বিশ্ববিদ্যালয় চিকিৎসালয়ত ৫০ জন কৰ’না আক্ৰান্ত ব্যক্তিৰ ওপৰত এই পৰীক্ষাটো চলোৱা হৈছিল। এই পৰীক্ষাৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এই সঁজুলিবিধ চূড়ান্ত কৰা হৈছে বুলি সদৰী কৰিছে গৱেষকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু