--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰকৃতিৰ বৰণীয়া শোভাৰে চিৰ উজ্জীৱিত নগালেণ্ডৰ জুকোভেলীত উদ্ধাৰ হৈছে অসমৰ যুৱকৰ মৃতদেহ৷ চুবুৰীয়া ৰাজ্যখনত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নগালেণ্ডৰ দক্ষিণ আংগামী যুৱ সংগঠনে (এছএৱাইঅ’) জনাইছে যে চুবুৰীয়া ৰাজ্য অসমৰ এগৰাকী পৰ্যটকক জুকো উপত্যকাৰ এটা বিশ্ৰাম শিবিৰত মৃত অৱস্থাত পোৱা গৈছে। সংগঠনটোৰ সভাপতি মেটেখৰিলি মেজুবা আৰু সাধাৰণ সম্পাদক মেটেভিজো ছফিয়ে কয় যে, মৃত যুৱকজনক অসমৰ ধেমাজি জিলাৰ গোগামুখৰ বসন্ত নাথ বুলি চিনাক্ত কৰা হৈছে। ১৭ জানুৱাৰীত পৰ্যটকজনৰ আকস্মিক মৃত্যুত নগালেণ্ডৰ সংগঠনটোৱে দুখপ্ৰকাশ কৰিছে৷ সংগঠনটোৱে কয়, তথ্য সংগ্ৰহ কৰাৰ সময়ত এছএৱাইঅ’য়ে জানিব পাৰিছিল যে মৃত যুৱকজন এজন ঘৰুৱা পৰ্যটক আছিল, যি আন চাৰিজন সংগীৰ সৈতে ১৬ জানুৱাৰীত জুকোভেলী ভ্ৰমণ কৰিবলৈ আহিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ, ১৭ জানুৱাৰীৰ পুৱা যুৱকজনক তেওঁৰ সংগীসকলে মৃত অৱস্থাত উদ্ধাৰ কৰিছিল৷ অথচ, তেওঁলোকে তৎক্ষণাৎ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত নকৰাকৈ অসমলৈ পলাই গৈছিল৷’ ইয়াৰ পাছত প্ৰায় ৩০জন স্থানীয় স্বেচ্ছাসেৱকে খুজামা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ'চি) আৰু অন্যান্য আৰক্ষী কৰ্মীৰ সৈতে একত্ৰিত হয় আৰু মৃত যুৱকজনক জুকোভেলীৰ পৰা ভিচৱেমা ভিলেজ জংচনলৈ লৈ আহে। পৰৱৰ্তী সময়ত যুৱকজনৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ক’হিমাৰ দক্ষিণ আৰক্ষী চকীলৈ হস্তান্তৰ কৰা হৈছিল, মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত মৃত্যুৰ কাৰণ স্বাভাৱিক দেখা গৈছিল৷ যোৱা ১৯ জানুৱাৰীত মৃতদেহটো পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰা হয়। এছএৱাইঅ’ৱে ইয়াৰ অঞ্চলৰ পৰ্যটকসকলৰ বিশ্বাসঘাতকতামূলক কাৰ্যক তীব্ৰ গৰিহণা দিছে, যিয়ে জুকোভেলীলৈ ট্ৰেকিঙৰ বাবে স্থানীয় পৰ্যটক নিৰ্দেশনা নোলোৱাৰ বাবে এছএৱাইঅ’ বাধ্যতামূলক নিৰ্দেশনাও উলংঘা কৰিছিল। লগতে, সংগঠনটোৱে সকলো স্থানীয়, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক জুকো উপত্যকা বা নগালেণ্ডৰ দক্ষিণ আংগামি অঞ্চললৈ সুৰক্ষিত ট্ৰেকিঙৰ বাবে স্থানীয় পৰ্যটক গাইড বিচাৰিবলৈ আহ্বান জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু