--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ ইউৰোপত কৰ’নাৰ সংক্ৰমণ ক্ৰমাত্‍ হ্ৰাস পাবলৈ লৈছে। ব্ৰিটেইন আৰু ফ্ৰান্সৰ দৰে কিছুমান দেশত অ’মিক্ৰন সংক্ৰমণৰ ফলত গুৰুতৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ বিশ্বতে মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও কম নহয়। এনে পৰিস্থিতিত, স্পেইনে ক’ভিড-১৯ক সাধাৰণ ফ্লুত পৰিণত হৈ পৰা বুলি মন্তব্য কৰিছে। ব্ৰিটিছ শিক্ষা মন্ত্ৰী নাদিম জাহাৱীয়েও শেহতীয়াকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়, ‘যিটো সময়ত দেশত কৰ’না মহামাৰীয়ে ক্ৰমশঃ স্থানীয় ৰূপ লৈছে। স্থানীয় আৱাসীসকল কৰ’নাত আক্ৰান্ত হৈছে যদিও কেইজনমান লোকক হে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। মৃত্যুৰ হাৰ নিচেই কম। ফলস্বৰূপে স্পেইন চৰকাৰে পুনৰ কৰ’না বিধি শিথিল কৰাৰ কথা বিবেচনা কৰিছে। প্ৰধানমন্ত্ৰী পেদ্ৰো ছাঞ্চেজেও অনুৰূপ কথাকে সদৰী কৰিছে। ইফালে চীনৰ ৰাজধানী বেইজিঙত এজন ব্যক্তি অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পাছতে হৈ চৈ লাগিছে।   আক্ৰান্ত ব্যক্তিগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ চৌহদ ঘেৰাও কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। অঞ্চলটোৰ সকলো বাসিন্দাৰে কৰ’না পৰীক্ষা কৰা হৈছে। আজি চৰকাৰী সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এগৰাকী ২৬ বছৰীয়া যুৱতী অ’মিক্ৰনত আক্ৰান্ত হৈছে। অৱশ্যে, তেওঁৰ নাম এতিয়ালৈ প্ৰকাশ কৰা নাই। কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱতীগৰাকীৰ 'শ্বপিং ট্ৰিপ'। যুৱতীগৰাকীয়ে অলপতে বেইজিঙত কেইবাখনো প্ৰতিষ্ঠিত দোকানত সামগ্ৰী ক্ৰয় কৰিছিল। জানিবলৈ পোৱা মতে, যুৱতীগৰাকীৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শলৈ অহা বা সংক্ৰমিত হ'ব পৰা ১৩ হাজাৰৰো অধিক লোক আছে। সকলোকে বিশেষ নিৰীক্ষণত ৰখা হৈছে বুলি প্ৰকাশ পাইছে। প্ৰতিগৰাকী ব্যক্তিৰে কৰা হৈ কৰ’না পৰীক্ষা। অৱশ্যে, বেইজিংত এতিয়ালৈকে কোনো ব্যক্তি নতুন কৰ’নাত আক্ৰান্ত হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ