--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ ইউৰোপত কৰ’নাৰ সংক্ৰমণ ক্ৰমাত্‍ হ্ৰাস পাবলৈ লৈছে। ব্ৰিটেইন আৰু ফ্ৰান্সৰ দৰে কিছুমান দেশত অ’মিক্ৰন সংক্ৰমণৰ ফলত গুৰুতৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ বিশ্বতে মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও কম নহয়। এনে পৰিস্থিতিত, স্পেইনে ক’ভিড-১৯ক সাধাৰণ ফ্লুত পৰিণত হৈ পৰা বুলি মন্তব্য কৰিছে। ব্ৰিটিছ শিক্ষা মন্ত্ৰী নাদিম জাহাৱীয়েও শেহতীয়াকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়, ‘যিটো সময়ত দেশত কৰ’না মহামাৰীয়ে ক্ৰমশঃ স্থানীয় ৰূপ লৈছে। স্থানীয় আৱাসীসকল কৰ’নাত আক্ৰান্ত হৈছে যদিও কেইজনমান লোকক হে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। মৃত্যুৰ হাৰ নিচেই কম। ফলস্বৰূপে স্পেইন চৰকাৰে পুনৰ কৰ’না বিধি শিথিল কৰাৰ কথা বিবেচনা কৰিছে। প্ৰধানমন্ত্ৰী পেদ্ৰো ছাঞ্চেজেও অনুৰূপ কথাকে সদৰী কৰিছে। ইফালে চীনৰ ৰাজধানী বেইজিঙত এজন ব্যক্তি অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পাছতে হৈ চৈ লাগিছে।   আক্ৰান্ত ব্যক্তিগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ চৌহদ ঘেৰাও কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। অঞ্চলটোৰ সকলো বাসিন্দাৰে কৰ’না পৰীক্ষা কৰা হৈছে। আজি চৰকাৰী সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এগৰাকী ২৬ বছৰীয়া যুৱতী অ’মিক্ৰনত আক্ৰান্ত হৈছে। অৱশ্যে, তেওঁৰ নাম এতিয়ালৈ প্ৰকাশ কৰা নাই। কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱতীগৰাকীৰ 'শ্বপিং ট্ৰিপ'। যুৱতীগৰাকীয়ে অলপতে বেইজিঙত কেইবাখনো প্ৰতিষ্ঠিত দোকানত সামগ্ৰী ক্ৰয় কৰিছিল। জানিবলৈ পোৱা মতে, যুৱতীগৰাকীৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শলৈ অহা বা সংক্ৰমিত হ'ব পৰা ১৩ হাজাৰৰো অধিক লোক আছে। সকলোকে বিশেষ নিৰীক্ষণত ৰখা হৈছে বুলি প্ৰকাশ পাইছে। প্ৰতিগৰাকী ব্যক্তিৰে কৰা হৈ কৰ’না পৰীক্ষা। অৱশ্যে, বেইজিংত এতিয়ালৈকে কোনো ব্যক্তি নতুন কৰ’নাত আক্ৰান্ত হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু