--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইখন পৃথিৱীৰ পৰা ক’ভিড ১৯ ভাইৰাছ নিঃশেষ হোৱাৰ কোনো সম্ভাৱনা নাই৷ সময়ৰ সোঁতত আমি এই ভাইৰাছৰ সৈতে সহবাস কৰিব শিকিব লাগিব বা পাৰিব লাগিব৷ কিয়নো এই বিশ্বৰ পৰা ক’ভিড ১৯ শেষ হোৱাৰ কোনো যে সম্ভাৱনা নাই সেই কথা প্ৰায় নিশ্চিত কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ এজন শীৰ্ষ বিষয়াই৷ বিষয়াজনে দৃঢ়তাৰে কৈছে যে, ক’ভিড-১৯ ভাইৰাছ নিঃশেষ হোৱাৰ কোনো সম্ভাৱনা নাই, কিয়নো এনে ভাইৰাছ কেতিয়াও আঁতৰি নাযায় আৰু সময়ৰ লগে-লগে ই পৰিৱেশ তন্ত্ৰৰ অংশ হৈ পৰিব৷ বিশ্ব অৰ্থনৈতিক মঞ্চৰ অনলাইন দাভোছ এজেণ্ডা ২০২২ ৰ সন্মিলনত বক্তব্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰিয়ানে কয় যে দ্ৰুত টিকাকৰণে এই ভাইৰাছ কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব যদিও, ইয়াক একেবাৰে আঁতৰ কৰোৱা একপ্ৰকাৰৰ অসম্ভৱ৷ ২০১৯ চনৰ শেষৰ ফালে চীনৰ য়ুহানত প্ৰথমবাৰৰ বাবে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ প্ৰথমটো কেছ চিনাক্ত কৰা হৈছিল আৰু বিশ্বব্যাপী ৩৩ কোটিৰো অধিক লোকলৈ এই ভাইৰাছ বিয়পি পৰিছে আৰু এতিয়ালৈকে ৫৫.৫ লাখৰো অধিক লোকৰ মৃত্যু হৈছে। দেশত শেহতীয়াকৈ দ্ৰুত ৰূপত সংক্ৰমণ হৈছে ক’ভিড ১৯৷ দেশৰ বিভিন্ন ৰাজ্যই ক’ভিড ১৯ ৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ৷ ইফালে ক’ভিড ১৯ ৰ ভয়াবহ গণ সমক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ গ্ৰহণ কৰিছে পদক্ষেপ৷ দেশৰ কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইন গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিষিদ্ধ কৰিছে সকলো ৰাজহুৱা জনসমাগম৷ ইফালে অসমতো ক’ভিড ১৯ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ ইয়াকে লৈ এতিয়া ৰাজ্য চৰকাৰে নৈশ সান্ধ্য আইনকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু