--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইখন পৃথিৱীৰ পৰা ক’ভিড ১৯ ভাইৰাছ নিঃশেষ হোৱাৰ কোনো সম্ভাৱনা নাই৷ সময়ৰ সোঁতত আমি এই ভাইৰাছৰ সৈতে সহবাস কৰিব শিকিব লাগিব বা পাৰিব লাগিব৷ কিয়নো এই বিশ্বৰ পৰা ক’ভিড ১৯ শেষ হোৱাৰ কোনো যে সম্ভাৱনা নাই সেই কথা প্ৰায় নিশ্চিত কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ এজন শীৰ্ষ বিষয়াই৷ বিষয়াজনে দৃঢ়তাৰে কৈছে যে, ক’ভিড-১৯ ভাইৰাছ নিঃশেষ হোৱাৰ কোনো সম্ভাৱনা নাই, কিয়নো এনে ভাইৰাছ কেতিয়াও আঁতৰি নাযায় আৰু সময়ৰ লগে-লগে ই পৰিৱেশ তন্ত্ৰৰ অংশ হৈ পৰিব৷ বিশ্ব অৰ্থনৈতিক মঞ্চৰ অনলাইন দাভোছ এজেণ্ডা ২০২২ ৰ সন্মিলনত বক্তব্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰিয়ানে কয় যে দ্ৰুত টিকাকৰণে এই ভাইৰাছ কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব যদিও, ইয়াক একেবাৰে আঁতৰ কৰোৱা একপ্ৰকাৰৰ অসম্ভৱ৷ ২০১৯ চনৰ শেষৰ ফালে চীনৰ য়ুহানত প্ৰথমবাৰৰ বাবে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ প্ৰথমটো কেছ চিনাক্ত কৰা হৈছিল আৰু বিশ্বব্যাপী ৩৩ কোটিৰো অধিক লোকলৈ এই ভাইৰাছ বিয়পি পৰিছে আৰু এতিয়ালৈকে ৫৫.৫ লাখৰো অধিক লোকৰ মৃত্যু হৈছে। দেশত শেহতীয়াকৈ দ্ৰুত ৰূপত সংক্ৰমণ হৈছে ক’ভিড ১৯৷ দেশৰ বিভিন্ন ৰাজ্যই ক’ভিড ১৯ ৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ৷ ইফালে ক’ভিড ১৯ ৰ ভয়াবহ গণ সমক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ গ্ৰহণ কৰিছে পদক্ষেপ৷ দেশৰ কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইন গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিষিদ্ধ কৰিছে সকলো ৰাজহুৱা জনসমাগম৷ ইফালে অসমতো ক’ভিড ১৯ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ ইয়াকে লৈ এতিয়া ৰাজ্য চৰকাৰে নৈশ সান্ধ্য আইনকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ