--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ত পৰিল বহুচৰ্চিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন৷ বুধবাৰে অনুষ্ঠিত কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰায় ৭০ শতাংশ ভোটদান সম্পন্ন হৈছে৷ বিজেপিৰ সৈতে সমুখ সমৰত নামি পৰিছিল কংগ্ৰেছ৷ এইবেলি কৰ্ণাটকত জেডি (এছ) কিংমেকাৰ হ’ব বুলি ধাৰণা কৰা হৈছে৷

দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠান আৰু এজেন্সীয়ে প্ৰকাশ কৰা নিৰ্বাচনী সমীক্ষাত কৰ্ণাটকত কংগ্ৰেছৰ উত্থানৰ স্পষ্ট ইংগিত দেখা গৈছে৷ সমীক্ষা অনুসৰি, বিজেপিক পিছ পেলাই কংগ্ৰেছ আগুৱাব কৰ্ণাটকত৷ শাসনত থাকিবলৈ বিজেপি সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ৷ 

ৰিপাব্লিক টিভিৰ সমীক্ষাত কংগ্ৰেছক দিয়া হৈছে ৯৪-১০৮খন আসন৷ বিজেপিক দিয়া হৈছে ৮৫-১০০ খন আসন৷ একেদৰে, JDSক দিয়া হৈছে ২৪-৩২ খন আসন৷ NEWS NATIONৰ সমীক্ষাত বিজেপিৰ ১১৪ আসন আৰু কংগ্ৰেছে ৮৬খন আসন লাভ কৰাৰ সম্ভাৱনা৷ একেদৰে, JAN KI BAATৰ সমীক্ষাত বিজেপিক দিয়া হৈছে ৯৪-১১৭ আসন,
কংগ্ৰেছক দিয়া হৈছে ৯১-১০৬খন আসন৷ TV-9 POL STARTৰ সমীক্ষাত দেখা গৈছে কংগ্ৰেছৰ অগ্ৰগতি৷ কংগ্ৰেছক দিয়া হৈছে ৯৯-১০৯খন আসন আৰু বিজেপিৰ ৮৮-৯৮ খন আসনত জয়ৰ সম্ভাৱনা দেখা গৈছে৷

AXISৰ সমীক্ষাতো পৰিলক্ষিত হৈছে কংগ্ৰেছৰ অগ্ৰগতি৷ কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে ১২২ৰ পৰা ১৪০খন আসন৷ বিপৰীতে, বিজেপিক দিয়া হৈছে ৬২-৮০খন আসন৷ JDSএ ২০-২৫খন আসন লাভ কৰাৰ সম্ভাৱনা৷ ABP NEWS C VOTERৰ মতে, কংগ্ৰেছ সৰ্বাধিক ১০০-১১২খন আসন লাভ কৰিব৷

বিজেপিয়ে ৮৩-৯৫খন আসন লাভ কৰাৰ সম্ভাৱনা৷ JDSএ ২০-২৯খন আসন লাভ কৰাৰ সম্ভাৱনা৷ TIMES NOWৰ সমীক্ষাতো দেখা গ’ল কংগ্ৰেছৰ অগ্ৰগতি৷ কংগ্ৰেছে ১১৩খন আসন লাভ কৰাৰ সম্ভাৱনা৷ ৮৫খন আসন লাভৰ সম্ভাৱনা আছে বিজেপিৰ৷ JDS লাভ কৰাৰ সম্ভাৱনা ২৩খন আসন৷

কৰ্ণাটক বিধানসভাত মেজিক নম্বৰ ১১৩৷ অধিকাংশ সমীক্ষাতে ওলোমা বিধানসভাৰ ইংগিত পোৱা গৈছে৷ নিৰ্ণায়ক শক্তি হোৱাৰ দিশে JDSৰ ভূমিকা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু