--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ত পৰিল বহুচৰ্চিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন৷ বুধবাৰে অনুষ্ঠিত কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰায় ৭০ শতাংশ ভোটদান সম্পন্ন হৈছে৷ বিজেপিৰ সৈতে সমুখ সমৰত নামি পৰিছিল কংগ্ৰেছ৷ এইবেলি কৰ্ণাটকত জেডি (এছ) কিংমেকাৰ হ’ব বুলি ধাৰণা কৰা হৈছে৷

দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠান আৰু এজেন্সীয়ে প্ৰকাশ কৰা নিৰ্বাচনী সমীক্ষাত কৰ্ণাটকত কংগ্ৰেছৰ উত্থানৰ স্পষ্ট ইংগিত দেখা গৈছে৷ সমীক্ষা অনুসৰি, বিজেপিক পিছ পেলাই কংগ্ৰেছ আগুৱাব কৰ্ণাটকত৷ শাসনত থাকিবলৈ বিজেপি সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ৷ 

ৰিপাব্লিক টিভিৰ সমীক্ষাত কংগ্ৰেছক দিয়া হৈছে ৯৪-১০৮খন আসন৷ বিজেপিক দিয়া হৈছে ৮৫-১০০ খন আসন৷ একেদৰে, JDSক দিয়া হৈছে ২৪-৩২ খন আসন৷ NEWS NATIONৰ সমীক্ষাত বিজেপিৰ ১১৪ আসন আৰু কংগ্ৰেছে ৮৬খন আসন লাভ কৰাৰ সম্ভাৱনা৷ একেদৰে, JAN KI BAATৰ সমীক্ষাত বিজেপিক দিয়া হৈছে ৯৪-১১৭ আসন,
কংগ্ৰেছক দিয়া হৈছে ৯১-১০৬খন আসন৷ TV-9 POL STARTৰ সমীক্ষাত দেখা গৈছে কংগ্ৰেছৰ অগ্ৰগতি৷ কংগ্ৰেছক দিয়া হৈছে ৯৯-১০৯খন আসন আৰু বিজেপিৰ ৮৮-৯৮ খন আসনত জয়ৰ সম্ভাৱনা দেখা গৈছে৷

AXISৰ সমীক্ষাতো পৰিলক্ষিত হৈছে কংগ্ৰেছৰ অগ্ৰগতি৷ কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে ১২২ৰ পৰা ১৪০খন আসন৷ বিপৰীতে, বিজেপিক দিয়া হৈছে ৬২-৮০খন আসন৷ JDSএ ২০-২৫খন আসন লাভ কৰাৰ সম্ভাৱনা৷ ABP NEWS C VOTERৰ মতে, কংগ্ৰেছ সৰ্বাধিক ১০০-১১২খন আসন লাভ কৰিব৷

বিজেপিয়ে ৮৩-৯৫খন আসন লাভ কৰাৰ সম্ভাৱনা৷ JDSএ ২০-২৯খন আসন লাভ কৰাৰ সম্ভাৱনা৷ TIMES NOWৰ সমীক্ষাতো দেখা গ’ল কংগ্ৰেছৰ অগ্ৰগতি৷ কংগ্ৰেছে ১১৩খন আসন লাভ কৰাৰ সম্ভাৱনা৷ ৮৫খন আসন লাভৰ সম্ভাৱনা আছে বিজেপিৰ৷ JDS লাভ কৰাৰ সম্ভাৱনা ২৩খন আসন৷

কৰ্ণাটক বিধানসভাত মেজিক নম্বৰ ১১৩৷ অধিকাংশ সমীক্ষাতে ওলোমা বিধানসভাৰ ইংগিত পোৱা গৈছে৷ নিৰ্ণায়ক শক্তি হোৱাৰ দিশে JDSৰ ভূমিকা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ