--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক বিজেপিত প্ৰচণ্ড আঘাত৷ কৰ্ণাটকৰ বিজেপি বিধায়ক এছ টি সোমশেকাৰে সোমবাৰে চাৰিখন আসনৰ বাবে অনুষ্ঠিত  ৰাজ্যসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সপক্ষে ক্ৰছ-ভোট দান কৰে৷  ফলত বিজেপিৰ বাবে ই এক গুৰুত্বপূৰ্ণ আঘাত হিচাবে পৰিগণিত হৈছে৷ ক্ৰছ ভোট নিশ্চিত কৰি বিধানসভাৰ বিজেপিৰ মুখ্য হুইপ ডোডানাগৌদা জি পাটিলে বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু ঘোষণা কৰে যে দলটোৱে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হ’ব। তেওঁ জোৰ দি কয় যে এই অপ্ৰত্যাশিত পদক্ষেপৰ বাবে এছ টি সোমশেকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেওঁ কয় "এয়া নিশ্চিত যে এছ টি সোমশেকাৰে ক্ৰছ-ভোট দিছে। আমি কি কৰিব পাৰি আৰু কি ব্যৱস্থা ল'ব লাগে সেই বিষয়ে আলোচনা কৰি আছো," ।


ভোট দান কৰাৰ আগতে এছ টি সোমাশেকাৰে সাংবাদিকক কয়, "যিসকলে মোক আশ্বাস দিছে আৰু বিশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে মোৰ সমষ্টিত পানী আৰু অন্যান্য সুবিধাৰ বাবে পুঁজি আৱণ্টন কৰিব, তেওঁলোকৰ সপক্ষেই মই ভোট দিম।"

কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনত চাৰিখন আসনৰ বাবে পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে৷ কংগ্ৰেছৰ অজয় মাকেন, চৈয়দ নাছিৰ হুছেইন, আৰু জি চি চন্দ্ৰশেখৰ, বিজেপিৰ নাৰায়ণচা বেণ্ডেজ আৰু জেডি(এছ)ৰ কুপেন্দ্ৰ ৰেড্ডীয়ে৷ 

কৰ্ণাটকত তিনিজন কংগ্ৰেছ সাংসদ আৰু এজন বিজেপি সাংসদে অৱসৰ গ্ৰহণ কৰিছে৷ ৰাজ্য খনৰ বিধানসভাত  কংগ্ৰেছৰ ১৩৫  জন বিধায়ক আৰু বিজেপিৰ ৬৬  জন বিধায়ক  আছে৷ ইপিনে কৰ্ণাটকৰ শাসনাধিষ্ঠিত কংগ্ৰেছে মঙলবাৰে কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনত তিনিখন আৰু বিজেপিয়ে এখন আসন লাভ কৰে৷ উচ্চ সদনলৈ নিৰ্বাচিত হোৱা সকল হৈছে অজয় মাকেন, জি চি চন্দ্ৰশেখৰ আৰু চৈয়দ নাছিৰ হুছেইন, সকলো কংগ্ৰেছৰ   আৰু বিজেপিৰ নাৰায়ণচা কে ভাণ্ডাজে বিজয়ী হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু