--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্বাচনী প্ৰক্ৰিয়াত জনতাৰ  অধিক অংশগ্ৰহণ নিশ্চিত কৰি তোলাৰ বাবে আহ্বান জনায় আৰু প্ৰথমবাৰৰ বাবে  ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ মাজত "মেৰা পেহলা ভোট দেশ কে লিয়ে"ৰ বাৰ্তা প্ৰচাৰৰ অভিযানত  চামিল হ’বলৈ সমাজৰ  সকলো শ্ৰেণীৰ  লোকক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা  এটা পোষ্টৰ জৰিয়তে তেওঁৰ এই বিশেষ বাৰ্তাৰ কথা দেশবাসীক অবগত কৰে।  

ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে এক্স-ত #MeraPehlaVoteDeshKeLiye প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীতটি মুকলি কৰে। এই প্ৰচাৰৰ উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক তেওঁলোকৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা।"আমাৰ মাননীয় প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া মন কি বাত অনুষ্ঠানৰ  ভাষণত এক বিশেষ আহ্বান জনাইছিল । দেশে  গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ উদযাপনৰ বাবে সাজু হোৱাৰ সময়ত, মই আপোনালোক সকলোকে #MeraPehlaVoteDeshKeLiye অভিযানত যোগদান কৰিবলৈ আৰু যুৱ ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত  উৎসাহিত কৰিবলৈ আহ্বান জনাইছো।



"প্ৰচাৰ অভিযানৰ এই  সংগীতটো হৈছে ভোটাৰ সজাগতাৰ দিশত ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা  এক অনন্য  প্ৰয়াস। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 'মন কি বাত' ৰ ভাষণত এই  প্ৰচাৰ অভিযানৰ  সন্দৰ্ভত কৈছিল  যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক বৃহৎ সংখ্যাত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবেই  এনে ধৰণৰ  প্ৰচাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে কৈছিল যে আবেগ আৰু  শক্তিৰে পৰিপূৰ্ণ  যুৱ শক্তিকলৈ ভাৰত   গৌৰৱান্বিত তথা যুৱসকলে নিৰ্বাচনী প্ৰক্ৰিয়াত যিমানে অধিক সংখ্যাত অংশগ্ৰহণ কৰিব সিমানেই দেশৰ বাবে  এক ভাল ফলাফল আশা কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে লগতে কৈছিল যে অষ্টাদশ লোকসভা যুৱসকলৰ আশা-আকাংক্ষাৰ প্ৰতীক হ'ব আৰু ইয়াৰ ফলত যুৱ ভোটাৰসকলৰ গুৰুত্বও বহুগুণে বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ সৈতে জড়িতসকলৰ লগতে ছবি উদ্যোগৰ পৰা সাহিত্য  তথা অন্যান্য ক্ষেত্ৰৰে জড়িত লোকসকলকো এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু