--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্বাচনী প্ৰক্ৰিয়াত জনতাৰ  অধিক অংশগ্ৰহণ নিশ্চিত কৰি তোলাৰ বাবে আহ্বান জনায় আৰু প্ৰথমবাৰৰ বাবে  ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ মাজত "মেৰা পেহলা ভোট দেশ কে লিয়ে"ৰ বাৰ্তা প্ৰচাৰৰ অভিযানত  চামিল হ’বলৈ সমাজৰ  সকলো শ্ৰেণীৰ  লোকক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা  এটা পোষ্টৰ জৰিয়তে তেওঁৰ এই বিশেষ বাৰ্তাৰ কথা দেশবাসীক অবগত কৰে।  

ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে এক্স-ত #MeraPehlaVoteDeshKeLiye প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীতটি মুকলি কৰে। এই প্ৰচাৰৰ উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক তেওঁলোকৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা।"আমাৰ মাননীয় প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শেহতীয়া মন কি বাত অনুষ্ঠানৰ  ভাষণত এক বিশেষ আহ্বান জনাইছিল । দেশে  গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ উদযাপনৰ বাবে সাজু হোৱাৰ সময়ত, মই আপোনালোক সকলোকে #MeraPehlaVoteDeshKeLiye অভিযানত যোগদান কৰিবলৈ আৰু যুৱ ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত  উৎসাহিত কৰিবলৈ আহ্বান জনাইছো।



"প্ৰচাৰ অভিযানৰ এই  সংগীতটো হৈছে ভোটাৰ সজাগতাৰ দিশত ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা  এক অনন্য  প্ৰয়াস। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 'মন কি বাত' ৰ ভাষণত এই  প্ৰচাৰ অভিযানৰ  সন্দৰ্ভত কৈছিল  যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক বৃহৎ সংখ্যাত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবেই  এনে ধৰণৰ  প্ৰচাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে কৈছিল যে আবেগ আৰু  শক্তিৰে পৰিপূৰ্ণ  যুৱ শক্তিকলৈ ভাৰত   গৌৰৱান্বিত তথা যুৱসকলে নিৰ্বাচনী প্ৰক্ৰিয়াত যিমানে অধিক সংখ্যাত অংশগ্ৰহণ কৰিব সিমানেই দেশৰ বাবে  এক ভাল ফলাফল আশা কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে লগতে কৈছিল যে অষ্টাদশ লোকসভা যুৱসকলৰ আশা-আকাংক্ষাৰ প্ৰতীক হ'ব আৰু ইয়াৰ ফলত যুৱ ভোটাৰসকলৰ গুৰুত্বও বহুগুণে বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ সৈতে জড়িতসকলৰ লগতে ছবি উদ্যোগৰ পৰা সাহিত্য  তথা অন্যান্য ক্ষেত্ৰৰে জড়িত লোকসকলকো এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক