--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক চৰকাৰৰ পৰা নিমন্ত্ৰণ পোৱাৰ পাছতো এগৰাকী ব্ৰিটিছ অধ্যাপিকাই ভাৰতত প্ৰৱেশ কৰিবলৈ নাপালে। লণ্ডনস্থিত কাশ্মীৰী পণ্ডিত একাডেমিকৰ অধ্যাপিকা নিতাশা কৌলৰ সৈতে ঘটিল এই ঘটনা।

অধ্যাপিকাগৰাকীক কৰ্ণাটক চৰকাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল, যেতিয়া তেওঁ বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰিছিল তেতিয়া তেওঁক যাবলৈ দিয়া হোৱা নাছিল আৰু তেওঁক ঘূৰাই পঠিওৱা হৈছিল।

কৰ্ণাটক চৰকাৰে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া সংবিধান আৰু ৰাষ্ট্ৰীয় সংহতি সন্মিলন-২০২৪ৰ আয়োজন কৰিছিল, য’ত কৌলক বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।


এই সন্দৰ্ভত এক্সত একেলগে কেইবাটাও পোষ্ট কৰিছে কৌলে। বাংগালুৰু বিমানবন্দৰত ইমিগ্ৰেচন বিষয়াই তেওঁক ৰখাই কোনো কাৰণ নোহোৱাকৈ লণ্ডনলৈ ঘূৰাই পঠিওৱা বুলিও কয়। তেওঁ কয় যে মোক কৰ্ণাটক চৰকাৰে সন্মানীয় প্ৰতিনিধি হিচাপে আমন্ত্ৰণ জনাইছিল, কিন্তু কেন্দ্ৰই মোক বাধা দিলে। মোৰ সকলো নথি-পত্ৰ শুদ্ধ আছিল। কৌলে কয় যে পূৰ্বতে আৰ এছ এছক সমালোচনা কৰাৰ বাবে তেওঁক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি একাংশ বিষয়াই তেওঁক অনানুষ্ঠানিকভাৱে জনাইছিল।

কৰ্ণাটক বিজেপিয়েও এই সন্দৰ্ভত মন্তব্য কৰিছে। বিজেপিয়ে কয় যে এইগৰাকী অধ্যাপিকা ভাৰত বিৰোধী আৰু পাকিস্তানক সমৰ্থন কৰে। বিজেপিয়ে কৌলক ব্ৰেক ইণ্ডিয়া ব্ৰিগেডৰ অংশ বুলি অভিহিত কৰে। নিতাশা কৌলক ভাৰতলৈ আমন্ত্ৰণ জনোৱা বাবে কৰ্ণাটক চৰকাৰ আৰু মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াক বিজেপিয়ে সমালোচনা কৰে। কংগ্ৰেছে অধ্যাপকগৰাকীক নিমন্ত্ৰণ কৰি ভাৰতৰ ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰি তুলিছে বুলি দাবী কৰে বিজেপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু