--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক চৰকাৰৰ পৰা নিমন্ত্ৰণ পোৱাৰ পাছতো এগৰাকী ব্ৰিটিছ অধ্যাপিকাই ভাৰতত প্ৰৱেশ কৰিবলৈ নাপালে। লণ্ডনস্থিত কাশ্মীৰী পণ্ডিত একাডেমিকৰ অধ্যাপিকা নিতাশা কৌলৰ সৈতে ঘটিল এই ঘটনা।

অধ্যাপিকাগৰাকীক কৰ্ণাটক চৰকাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল, যেতিয়া তেওঁ বেংগালুৰু বিমানবন্দৰত অৱতৰণ কৰিছিল তেতিয়া তেওঁক যাবলৈ দিয়া হোৱা নাছিল আৰু তেওঁক ঘূৰাই পঠিওৱা হৈছিল।

কৰ্ণাটক চৰকাৰে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া সংবিধান আৰু ৰাষ্ট্ৰীয় সংহতি সন্মিলন-২০২৪ৰ আয়োজন কৰিছিল, য’ত কৌলক বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।


এই সন্দৰ্ভত এক্সত একেলগে কেইবাটাও পোষ্ট কৰিছে কৌলে। বাংগালুৰু বিমানবন্দৰত ইমিগ্ৰেচন বিষয়াই তেওঁক ৰখাই কোনো কাৰণ নোহোৱাকৈ লণ্ডনলৈ ঘূৰাই পঠিওৱা বুলিও কয়। তেওঁ কয় যে মোক কৰ্ণাটক চৰকাৰে সন্মানীয় প্ৰতিনিধি হিচাপে আমন্ত্ৰণ জনাইছিল, কিন্তু কেন্দ্ৰই মোক বাধা দিলে। মোৰ সকলো নথি-পত্ৰ শুদ্ধ আছিল। কৌলে কয় যে পূৰ্বতে আৰ এছ এছক সমালোচনা কৰাৰ বাবে তেওঁক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি একাংশ বিষয়াই তেওঁক অনানুষ্ঠানিকভাৱে জনাইছিল।

কৰ্ণাটক বিজেপিয়েও এই সন্দৰ্ভত মন্তব্য কৰিছে। বিজেপিয়ে কয় যে এইগৰাকী অধ্যাপিকা ভাৰত বিৰোধী আৰু পাকিস্তানক সমৰ্থন কৰে। বিজেপিয়ে কৌলক ব্ৰেক ইণ্ডিয়া ব্ৰিগেডৰ অংশ বুলি অভিহিত কৰে। নিতাশা কৌলক ভাৰতলৈ আমন্ত্ৰণ জনোৱা বাবে কৰ্ণাটক চৰকাৰ আৰু মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াক বিজেপিয়ে সমালোচনা কৰে। কংগ্ৰেছে অধ্যাপকগৰাকীক নিমন্ত্ৰণ কৰি ভাৰতৰ ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰি তুলিছে বুলি দাবী কৰে বিজেপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক