--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মুছলমানসকলৰ অন্যতম সংগঠন জমিয়ত-ই-উলেমা-হিন্দে মঙলবাৰে কৰ্ণাটকৰ হিজাব পৰিহিতা ছাত্ৰীগৰাকীয়ে ন্যায়ৰ পক্ষে দেখুওৱা সাহসৰ বাবে ৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়াইছে৷ কালি পিইএছ কলেজ মাণ্ড্যৰ এগৰাকী ছাত্ৰীৰ এটা ভিডিঅ' ভাইৰেল হৈছিল, যাক পাছত মুস্কান খান বুলি চিনাক্ত কৰা হৈছিল৷ যেতিয়া হিজাব পৰিহিতা ছাত্ৰীগৰাকীয়ে তেওঁৰ বাহনখন ৰখাই মহাবিদ্যালয় ভৱনৰ ফালে খোজ কাঢ়ি গৈ আছিল, তেতিয়াই অকলশৰীয়া মুছলমান ধৰ্মাৱলম্বী ছাত্ৰীগৰাকীক খেদি যাওঁতে অন্য ছাত্ৰ-ছাত্ৰীসকলে হিন্দু ধৰ্মৰ উপাস্য ৰামৰ প্ৰশংসাৰ শ্ল’গান দি আছিল৷ হিন্দু ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চিঞৰ-বাখৰ কৰা গধুৰ শ্ল’গানৰ মাজতে মুস্কান খানে তেওঁৰ বাঁওহাত ওপৰলৈ উঠাই ‘আল্লা-হু-আকবৰ’, ‘আল্লা ইজ গ্ৰেট’ বুলি চিঞৰিছিল। মুস্কানৰ সেই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে আৰু তেওঁৰ সাহসক প্ৰশংসা কৰা কেইবাটাও টেগ টুইটাৰত ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ কৰিছিল। মুস্কান খানৰ বাবে নগদ বঁটা ঘোষণা কৰাৰ সময়ত, জমিয়ত উলেমাৰ সভাপতি মাহমুদ মাদানীয়ে মুস্কান খানক ‘গুণ্ডা’ প্ৰতিৰোধ কৰাৰ বাবে আৰু তেওঁৰ ধৰ্মীয় আৰু নিৰ্মাণ অধিকাৰৰ বাবে দৃঢ় হৈ থকাৰ বাবে প্ৰশংসা কৰে। মুস্কান খানে পাছত সাংবাদিকক কয় যে তেওঁক এদল শিক্ষাৰ্থীয়ে গেটত ৰখাইছিল। তেওঁলোকে বোৰ্খা অবিহনে মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ কৈছিল নহ’লে ঘৰলৈ উভতি যাবলৈ কৈছিল। মুস্কানে লগতে কয়, দলটোৱে মোৰ আন বন্ধুবৰ্গৰ সৈতেও একেই কৰি আছিল। মই তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে মই কিয় মোৰ ঘৰলৈ ঘূৰি যাব লাগে আৰু মহাবিদ্যালয় চৌহদত কিয় প্ৰৱেশ নকৰিম। তেওঁলোকৰ কিছুমানে মোৰ কাণৰ ওচৰলৈ আহি ‘জয় শ্ৰীৰাম’ বুলি চিঞৰিছিল। তেওঁলোকে মোক অনুসৰণ কৰিছিল আৰু চিঞৰিছিল যে মই বোৰ্খা খুলিব লাগিব কিন্তু মই মোৰ পক্ষত থিয় দিছিলোঁ, বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে, মই ভয় কৰা নাছিলোঁ৷ তেওঁলোকে ‘জয় শ্ৰীৰাম’ বুলি চিঞৰি আছিল, মই ‘আল্লা-হু-আকবৰ’ বুলি চিঞৰি প্ৰত্যুত্তৰ দিছিলোঁ৷ ‘জয় শ্ৰীৰাম’ শ্ল’গান দিয়া আৰু মই ‘আল্লা-হু-আকবৰ’ বুলি কোৱাৰ মাজত কোনো ভুল নাই, তেওঁ কয়৷ তেওঁ এইটোও কয় যে, তেওঁ বিষয়টোত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ আদেশ মানি চলিব। প্ৰত্যেক ধৰ্মৰ তেওঁলোকৰ সংস্কৃতি অনুসৰণ কৰাৰ স্বাধীনতা আছে। আমি আমাৰ সংস্কৃতি অনুসৰণ কৰিম৷ ইফালে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰাক-বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অন্যান্যসকলৰ দ্বাৰা শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ অনুমতি অস্বীকাৰ কৰাৰ প্ৰশ্ন উত্থাপন কৰা আৱেদনৰ শুনানি স্থগিত ৰাখিছে৷ আৱেদনখনৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে দিনটোৰ আৰম্ভণিতে কৈছিল যে হিজাব পিন্ধাতো গোপনীয়তা আৰু মৌলিক অধিকাৰৰ ব

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু