--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰন্ত গতিৰে গেৰুৱা বাহিনীক পৰাভূত কৰি কৰ্ণটাকত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ। এনে সময়তে ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকেলৈয়ো চলিছে চৰ্চা। এনে চৰ্চাৰ মাজতে কংগ্ৰেছ  দলৰ শীৰ্ষ  সূত্ৰই  কয় যে জ্যেষ্ঠ কংগ্ৰেছ নেতা  সিদ্দাৰামাইয়া হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 

অৱশ্যে ৰাজ্যখনত দলৰ পুনৰুত্থানৰ বাবে কৃতিত্ব প্ৰাপ্ত  ডি কে শিৱকুমাৰকো যথেষ্ট পুৰস্কৃত কৰা হ'ব বুলি  সূত্ৰটোৱে লগতে কয়। সূত্ৰটোৱে কয়  যে দলটোত ক্ষমতা ভাগ-বতৰাৰ সূত্ৰ উদ্ভাৱন কৰা হৈছে। ডি.কে. শিৱকুমাৰে প্ৰথমতে চৰকাৰত এক সন্মানীয়  পদ লাভ কৰিব আৰু পিছত তেওঁ   মুখ্যমন্ত্ৰী  হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

 কংগ্ৰেছে প্ৰায় ৪০ খন আসনত আগবাঢ়ি আছে।  আনহাতে ১৯  টা সমষ্টিত বিজেপি আগবাঢ়ি আছে। এইচডি কুমাৰস্বামী নেতৃত্বাধীন জনতা দল-চেকুলাৰ ইয়াৰ একাউণ্টত ১৬ খনতকৈ কম আসনৰ সৈতে  তৃতীয় স্থানত আছে। অৱশ্যে, মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰাটো কংগ্ৰেছৰ বাবে কঠিন কাম হ'ব।

 ৰাজস্থান আৰু মধ্য প্ৰদেশৰ পৰিস্থিতিৰ সৈতে কৰ্ণাটকৰ পৰিস্থিতিৰ বিশেষ মিল নাই।  শীৰ্ষ প্ৰতিদ্বন্দী জ্যেষ্ঠ নেতা সিদ্দাৰামাইয়া আৰু ৰাজ্যিক গোটৰ মুৰব্বী ডি কে শিৱকুমাৰ দুয়ো হাইকমাণ্ডৰ প্ৰিয় ব্যক্তি । দুয়োজন নেতাইএতিয়ালৈকে  ইজনে সিজনৰ প্ৰতি কোনো অসন্মান বা অৱজ্ঞা প্ৰদৰ্শন কৰা নাই। সেয়ে শেষ মুহূৰ্তত হাইকমাণ্ডে মুখ্যমন্ত্ৰী হিচাবে কাক বাছনি কৰে সেয়া লক্ষ্যণীয় হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস