--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰন্ত গতিৰে গেৰুৱা বাহিনীক পৰাভূত কৰি কৰ্ণটাকত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ। এনে সময়তে ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকেলৈয়ো চলিছে চৰ্চা। এনে চৰ্চাৰ মাজতে কংগ্ৰেছ  দলৰ শীৰ্ষ  সূত্ৰই  কয় যে জ্যেষ্ঠ কংগ্ৰেছ নেতা  সিদ্দাৰামাইয়া হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 

অৱশ্যে ৰাজ্যখনত দলৰ পুনৰুত্থানৰ বাবে কৃতিত্ব প্ৰাপ্ত  ডি কে শিৱকুমাৰকো যথেষ্ট পুৰস্কৃত কৰা হ'ব বুলি  সূত্ৰটোৱে লগতে কয়। সূত্ৰটোৱে কয়  যে দলটোত ক্ষমতা ভাগ-বতৰাৰ সূত্ৰ উদ্ভাৱন কৰা হৈছে। ডি.কে. শিৱকুমাৰে প্ৰথমতে চৰকাৰত এক সন্মানীয়  পদ লাভ কৰিব আৰু পিছত তেওঁ   মুখ্যমন্ত্ৰী  হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

 কংগ্ৰেছে প্ৰায় ৪০ খন আসনত আগবাঢ়ি আছে।  আনহাতে ১৯  টা সমষ্টিত বিজেপি আগবাঢ়ি আছে। এইচডি কুমাৰস্বামী নেতৃত্বাধীন জনতা দল-চেকুলাৰ ইয়াৰ একাউণ্টত ১৬ খনতকৈ কম আসনৰ সৈতে  তৃতীয় স্থানত আছে। অৱশ্যে, মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰাটো কংগ্ৰেছৰ বাবে কঠিন কাম হ'ব।

 ৰাজস্থান আৰু মধ্য প্ৰদেশৰ পৰিস্থিতিৰ সৈতে কৰ্ণাটকৰ পৰিস্থিতিৰ বিশেষ মিল নাই।  শীৰ্ষ প্ৰতিদ্বন্দী জ্যেষ্ঠ নেতা সিদ্দাৰামাইয়া আৰু ৰাজ্যিক গোটৰ মুৰব্বী ডি কে শিৱকুমাৰ দুয়ো হাইকমাণ্ডৰ প্ৰিয় ব্যক্তি । দুয়োজন নেতাইএতিয়ালৈকে  ইজনে সিজনৰ প্ৰতি কোনো অসন্মান বা অৱজ্ঞা প্ৰদৰ্শন কৰা নাই। সেয়ে শেষ মুহূৰ্তত হাইকমাণ্ডে মুখ্যমন্ত্ৰী হিচাবে কাক বাছনি কৰে সেয়া লক্ষ্যণীয় হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ