--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে অৰ্থাৎ ১২ মে’ত প্ৰকাশ পোৱা চিবিএছইৰ ফলাফলত ২০২৩ত ৯৪.৪% লাভ কৰি উন্নাওৰ বাসিন্দা শিৱানী বাৰ্মাই বহুতৰে বাবে আদৰ্শ দাঙি ধৰিছে।শিবানী আৰ্থিকভাৱে দুৰ্বল পটভূমিৰ পৰা আহিছে, য’ত পিতৃয়ে ৰংমিস্ত্ৰী হিচাপে আৰু তেওঁৰ মাকে ঘৰুৱা সহায়িকা হিচাপে কাম কৰে বুলি জানিব পৰা গৈছে৷

বিপদৰ মাজতো শিৱানীয়ে জীৱনত সফলতা লাভৰ সপোন কেতিয়াও এৰি দিয়া নাছিল।শিৱানীৰ পিতৃয়ে কৰ্মসংস্থাপনৰ সন্ধানত লক্ষ্ণৌলৈ যাব লগা হৈছিল৷কিন্তু পৰিয়ালটোৰ সংস্পৰ্শলৈ আহে লক্ষ্ণৌত অভাৱগ্ৰস্ত শিশুৰ বাবে ‘প্ৰেৰনা’ বিদ্যালয় চলোৱা শিক্ষাবিদ উৰ্বশী সাহনী৷

শিৱানীৰ প্ৰতিভাত আপ্লুত হৈ উৰ্বশীয়ে তাইক নিজৰ স্কুলত ভৰ্তি কৰে, য’ত শিৱানীয়ে শ্ৰেণীৰ বাকী সকলো ল’ৰা-ছোৱালীতকৈ বহু আগুৱাই গৈ মাত্ৰ দুবছৰতে নিজৰ বাবে ঠাই পালে।প্ৰতিটো শ্ৰেণীৰ লগে লগে স্কুলৰ ইউনিফৰ্ম আৰু কিতাপৰ প্ৰয়োজনীয়তা বাঢ়ি গৈ থাকিল আৰু খৰচ পূৰণৰ বাবে শিৱানীৰ পৰিয়ালে সংগ্ৰাম কৰি থাকিল।

ইয়াৰ পিছত শিৱানীয়ে সকলো বাধা অতিক্ৰম কৰি দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাতো বেষ্ট অৱ ফাইভত ৯৫% নম্বৰ লাভ কৰে। শীৰ্ষ স্ক’ৰাৰগৰাকীয়ে তেওঁৰ সফলতাৰ বাবে মাতৃ মাধুৰী দেৱীক কৃতিত্ব দিয়ে, যিয়ে তেওঁক পঢ়াৰ বাবে প্ৰয়োজনীয় সম্পদ যোগান ধৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল।

ষ্টাডি হল স্কুলত দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ বাবেও শিৱানীয়ে কৃতিত্ব দিয়ে, য’ত তেওঁৰ সমগ্ৰ স্কুল মাচুল ৰেহাই দিয়া হৈছিল৷

ক’ভিডৰ সময়ৰ সংকটে শিৱানীৰ পৰিয়ালক যথেষ্ট আঘাত কৰে, আৰু তেওঁলোকে নিজৰ জন্ম গাঁও উন্নাওলৈ উভতি যাব লগা হয়। অৱশ্যে তাই পঢ়া-শুনা আগবঢ়াই নিব পৰাকৈ মাক-দেউতাকে শিৱানীক লৈ লক্ষ্ণৌলৈ উভতি আহিছিল।অনবৰতে সহায় কৰি অহা মাক-দেউতাক আৰু ‘উৰ্বশী আন্টি’ৰ ত্যাগৰ বাবেই শিৱানীৰ সফলতা বুলি৷তেওঁ ব্যক্ত কৰে৷

শিৱানীয়ে মনোবিজ্ঞানী হৈ আৰ্তজনক সহায় কৰিব বিচাৰে। মানুহৰ মন বুজি তাই তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিব বিচাৰে।বৰ্তমান শিৱানীয়ে অধিক অধ্যয়নৰ বাবে বৃত্তি লাভ কৰিবলৈ সাজু হৈছে আৰু একে ধৰণৰ পটভূমিৰ পৰা অহা বহুতৰে বাবে ই এক প্ৰেৰণা।

শিৱনী বাৰ্মাৰ এই সফলতাই প্ৰমাণ যে যিকোনো ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰিলে আৰু কেতিয়াও হাৰ নামানে নিজৰ সপোন পূৰণ কৰিব পাৰিব। তাইৰ কাহিনীটো হৈছে নিজৰ জীৱনত পৰিৱৰ্তন আনিবলৈ আকাংক্ষা কৰা অসুবিধাগ্ৰস্ত শিশুসকলৰ বাবে আশাৰ পোহৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস