--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত পুনৰ জিকা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। কৰ্ণাটকৰ চিকাবাল্লাভপুৰত এজন লোকৰ দেহত  জিকা ভাইৰাছ ধৰা পৰিছে।ইয়াৰ পিছতে ৰাজ্য খনৰ  স্বাস্থ্য বিভাগে উচ্চ সতৰ্কতাত অৱলম্বন কৰিছে। চিক্কাবাল্লাভপুৰৰ জিলা স্বাস্থ্য বিষয়া এছ এছ মহেশে কয়  যে এতিয়ালৈকে ১০০ টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত, ৬ টা নমুনা চিক্কাবাল্লাভপুৰৰ। কিন্তু জিকা ভাইৰাছ এটা নমুনাতহে পোৱা গৈছে। ৩০ গৰাকী গৰ্ভৱতী মহিলা আৰু জ্বৰত আক্ৰান্ত হৈ থকা সাতজন লোকৰ নমুনাও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তেওঁ কয়  যে অঞ্চলটোত যিসকল  লোকৰ দেহত  উচ্চ তাপমাত্ৰা আছে তেওঁলোকৰ তেজ পৰীক্ষা কৰা উচিত।
 
জিকা হৈছে এক মহ-বাহিত ভাইৰাছ। এই ভাইৰাছ মুখ্যতঃ এডিছ মহৰ কামোৰৰ দ্বাৰা  মানৱ শৰীৰলৈ  বিয়পে। এই মহে ডেংগু আৰু চিকুনগুনিয়াৰ দৰে ভাইৰাছো বহন কৰে। ভুক্তভোগীসকলৰ ক্ষেত্ৰত বিভিন্ন  লক্ষণে দেখা দিব পাৰে।   লক্ষণসমূহ এনেধৰণৰ হ’ব পাৰে-  জ্বৰ, খজুৱতি, কঞ্জাক্টিভাইটিছ, পেশী আৰু হাড়ৰ গাঁঠিৰ বিষ, মূৰৰ বিষ  অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে সংক্ৰমিত হোৱাৰ পিছত ২ৰ পৰা ৭ দিনৰ ভিতৰত ৰোগীৰ দেহত  প্ৰায়ে কোনো লক্ষণে দেখা নিদিয়ে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বৰ বিভিন্ন প্ৰান্তত সাগৰত সৃষ্টি হোৱা এল নিনোৰ বাবে মহৰ সংখ্যা বৃদ্ধি পাব। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে  এল নিনোৰ দৰে গ্ৰীষ্ম প্ৰবাহৰ বাবেই বিশ্বৰ বিভিন্ন ঠাইত  ডেংগু, জিকা আৰু চিকুনগুনিয়াৰ দৰে ৰোগৰ  সংক্ৰমণ বৃদ্ধি পাব পাৰে। 

এল নিনো সাগৰৰ উষ্ণতাৰ পৰিঘটনাৰ সৈতে জড়িত বিষয় যদিও ইয়াৰ প্ৰভাৱ বিশ্বৰ বহু ঠাইতে পৰিব পাৰে।   বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে  এল নিনোৰ সৈতে সম্পৰ্কিত ডেংগু, জিকা আৰু চিকুনগুনিয়াৰ দৰে ভাইৰেল ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি চলোৱা উচিৎ।

বিশ্ব স্বাস্থ্য সংস্থাৰমুৰব্বী  টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে  কৈছিল, "বিশ্ব স্বাস্থ্য সংস্থাই ২০২৩ আৰু ২০২৪ বৰ্ষত এল নিনোৰ বাবে বৃদ্ধি পাব পৰা   ডেংগু আৰু অন্যান্য ৰোগ  যেনে জিকা আৰু চিকুনগুনিয়াৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে।" তেওঁ লগতে কয়, "জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত মহৰ প্ৰজনন আৰু এই ৰোগ বিলাক বিয়পোৱাত ইন্ধন যোগাই আহিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু