--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত পুনৰ জিকা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। কৰ্ণাটকৰ চিকাবাল্লাভপুৰত এজন লোকৰ দেহত  জিকা ভাইৰাছ ধৰা পৰিছে।ইয়াৰ পিছতে ৰাজ্য খনৰ  স্বাস্থ্য বিভাগে উচ্চ সতৰ্কতাত অৱলম্বন কৰিছে। চিক্কাবাল্লাভপুৰৰ জিলা স্বাস্থ্য বিষয়া এছ এছ মহেশে কয়  যে এতিয়ালৈকে ১০০ টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত, ৬ টা নমুনা চিক্কাবাল্লাভপুৰৰ। কিন্তু জিকা ভাইৰাছ এটা নমুনাতহে পোৱা গৈছে। ৩০ গৰাকী গৰ্ভৱতী মহিলা আৰু জ্বৰত আক্ৰান্ত হৈ থকা সাতজন লোকৰ নমুনাও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তেওঁ কয়  যে অঞ্চলটোত যিসকল  লোকৰ দেহত  উচ্চ তাপমাত্ৰা আছে তেওঁলোকৰ তেজ পৰীক্ষা কৰা উচিত।
 
জিকা হৈছে এক মহ-বাহিত ভাইৰাছ। এই ভাইৰাছ মুখ্যতঃ এডিছ মহৰ কামোৰৰ দ্বাৰা  মানৱ শৰীৰলৈ  বিয়পে। এই মহে ডেংগু আৰু চিকুনগুনিয়াৰ দৰে ভাইৰাছো বহন কৰে। ভুক্তভোগীসকলৰ ক্ষেত্ৰত বিভিন্ন  লক্ষণে দেখা দিব পাৰে।   লক্ষণসমূহ এনেধৰণৰ হ’ব পাৰে-  জ্বৰ, খজুৱতি, কঞ্জাক্টিভাইটিছ, পেশী আৰু হাড়ৰ গাঁঠিৰ বিষ, মূৰৰ বিষ  অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে সংক্ৰমিত হোৱাৰ পিছত ২ৰ পৰা ৭ দিনৰ ভিতৰত ৰোগীৰ দেহত  প্ৰায়ে কোনো লক্ষণে দেখা নিদিয়ে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বৰ বিভিন্ন প্ৰান্তত সাগৰত সৃষ্টি হোৱা এল নিনোৰ বাবে মহৰ সংখ্যা বৃদ্ধি পাব। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে  এল নিনোৰ দৰে গ্ৰীষ্ম প্ৰবাহৰ বাবেই বিশ্বৰ বিভিন্ন ঠাইত  ডেংগু, জিকা আৰু চিকুনগুনিয়াৰ দৰে ৰোগৰ  সংক্ৰমণ বৃদ্ধি পাব পাৰে। 

এল নিনো সাগৰৰ উষ্ণতাৰ পৰিঘটনাৰ সৈতে জড়িত বিষয় যদিও ইয়াৰ প্ৰভাৱ বিশ্বৰ বহু ঠাইতে পৰিব পাৰে।   বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে  এল নিনোৰ সৈতে সম্পৰ্কিত ডেংগু, জিকা আৰু চিকুনগুনিয়াৰ দৰে ভাইৰেল ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি চলোৱা উচিৎ।

বিশ্ব স্বাস্থ্য সংস্থাৰমুৰব্বী  টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে  কৈছিল, "বিশ্ব স্বাস্থ্য সংস্থাই ২০২৩ আৰু ২০২৪ বৰ্ষত এল নিনোৰ বাবে বৃদ্ধি পাব পৰা   ডেংগু আৰু অন্যান্য ৰোগ  যেনে জিকা আৰু চিকুনগুনিয়াৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে।" তেওঁ লগতে কয়, "জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত মহৰ প্ৰজনন আৰু এই ৰোগ বিলাক বিয়পোৱাত ইন্ধন যোগাই আহিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ