--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্ভট মন্তব্য কৰাৰ ক্ষেত্ৰত অন্য এক অভিলেখ গঢ়িলে অভিনয় কৰ্মী কংগনা ৰানাৱটে৷ শেহতীয়াকৈ কংগনাৰ ছবি ‘তেজস’-এ মুক্তি লাভ কৰে আৰু এই ছবিখন বক্স অফিচত ছুপাৰফ্লপ হিচাপে চিহ্নিত হয়। এতিয়া পুনৰ এবাৰ কংগনাই নিজৰ বক্তব্যৰ দ্বাৰা চৰ্চালৈ আহিছে। শেহতীয়াকৈ কংগনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি শ্ৰীকৃষ্ণৰ অৱতাৰ বুলি অভিহিত কৰিছে।

অভিনেত্ৰীগৰাকীয়ে এই বক্তব্যৰ আঁৰৰ কাৰণ উজাগৰ কৰি কয় যে, ‘মই এই কথা কোৱাৰ কাৰণটো হ’ল এইখন দেশৰ বাবে, আমাৰ বাবে তেওঁ অৱতাৰ। প্ৰধানমন্ত্ৰী কোনো সাধাৰণ মানুহ নহয়। এই দেশৰ দুখৰ পৰিত্ৰাণৰ বাবেই তেওঁ জন্ম হৈছে।’

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কংগনাই কয় যে তেওঁৰ প্ৰিয় ব্যক্তি প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ উপৰিও সাক্ষাৎকাৰটোত যেতিয়া অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী আৰু ইন্দিৰা গান্ধীৰ ভিতৰত কোনজন প্ৰধানমন্ত্ৰীক তেওঁ আটাইতকৈ বেছি প্ৰশংসা কৰে। এই কথাত অভিনেত্ৰীগৰাকীয়ে লগে লগে উত্তৰ দিলে, “মোৰ প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।”

পাছত যেতিয়া কংগনাক সাক্ষাৎকাৰত কোৱা হৈছিল যে এই বক্তব্যৰ বাবে তেওঁ ট্ৰ’ল হ’ব পাৰে। কিন্তু এই বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোক ট্ৰ’ল কৰা হ’ব পাৰে কিন্তু সচাঁই প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মোৰ কোনো অভিযোগ নাই।’ নিজৰ বক্তব্যৰ আঁৰৰ যুক্তি উদঙাই দি কংগনাই কয়, ‘যিসকল সত্যৰ লগত আছে। মোৰ কথাবোৰে তেওঁলোকৰ বাবে মহৌষধৰ দৰে কাম কৰিব। একেদৰে শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত সুদামাই তেওঁৰ বিষয়ে কৈছিল যে তেওঁ ঈশ্বৰ, কিন্তু দুৰ্যোধনে কৈছিল যে তেওঁ কিদৰে ঈশ্বৰ হ’ব পাৰে? গোটেই দিনটো মহিলাৰ লগত নাচি থাকে, গুজৱ কৰে আৰু আন একো কাম নকৰে৷ গতিকে যদি আপোনাৰ বিশ্বাস ভাল নহয় তেন্তে আপুনিও সৰ্বশক্তিমানক অসন্মান কৰিব পাৰে।’ অৰ্থাৎ মোদীৰ সমালোচকসকলক পৰোক্ষভাৱে দুৰ্যোধন আখ্যা দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ