--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্ভট মন্তব্য কৰাৰ ক্ষেত্ৰত অন্য এক অভিলেখ গঢ়িলে অভিনয় কৰ্মী কংগনা ৰানাৱটে৷ শেহতীয়াকৈ কংগনাৰ ছবি ‘তেজস’-এ মুক্তি লাভ কৰে আৰু এই ছবিখন বক্স অফিচত ছুপাৰফ্লপ হিচাপে চিহ্নিত হয়। এতিয়া পুনৰ এবাৰ কংগনাই নিজৰ বক্তব্যৰ দ্বাৰা চৰ্চালৈ আহিছে। শেহতীয়াকৈ কংগনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি শ্ৰীকৃষ্ণৰ অৱতাৰ বুলি অভিহিত কৰিছে।

অভিনেত্ৰীগৰাকীয়ে এই বক্তব্যৰ আঁৰৰ কাৰণ উজাগৰ কৰি কয় যে, ‘মই এই কথা কোৱাৰ কাৰণটো হ’ল এইখন দেশৰ বাবে, আমাৰ বাবে তেওঁ অৱতাৰ। প্ৰধানমন্ত্ৰী কোনো সাধাৰণ মানুহ নহয়। এই দেশৰ দুখৰ পৰিত্ৰাণৰ বাবেই তেওঁ জন্ম হৈছে।’

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কংগনাই কয় যে তেওঁৰ প্ৰিয় ব্যক্তি প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ উপৰিও সাক্ষাৎকাৰটোত যেতিয়া অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী আৰু ইন্দিৰা গান্ধীৰ ভিতৰত কোনজন প্ৰধানমন্ত্ৰীক তেওঁ আটাইতকৈ বেছি প্ৰশংসা কৰে। এই কথাত অভিনেত্ৰীগৰাকীয়ে লগে লগে উত্তৰ দিলে, “মোৰ প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।”

পাছত যেতিয়া কংগনাক সাক্ষাৎকাৰত কোৱা হৈছিল যে এই বক্তব্যৰ বাবে তেওঁ ট্ৰ’ল হ’ব পাৰে। কিন্তু এই বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোক ট্ৰ’ল কৰা হ’ব পাৰে কিন্তু সচাঁই প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মোৰ কোনো অভিযোগ নাই।’ নিজৰ বক্তব্যৰ আঁৰৰ যুক্তি উদঙাই দি কংগনাই কয়, ‘যিসকল সত্যৰ লগত আছে। মোৰ কথাবোৰে তেওঁলোকৰ বাবে মহৌষধৰ দৰে কাম কৰিব। একেদৰে শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত সুদামাই তেওঁৰ বিষয়ে কৈছিল যে তেওঁ ঈশ্বৰ, কিন্তু দুৰ্যোধনে কৈছিল যে তেওঁ কিদৰে ঈশ্বৰ হ’ব পাৰে? গোটেই দিনটো মহিলাৰ লগত নাচি থাকে, গুজৱ কৰে আৰু আন একো কাম নকৰে৷ গতিকে যদি আপোনাৰ বিশ্বাস ভাল নহয় তেন্তে আপুনিও সৰ্বশক্তিমানক অসন্মান কৰিব পাৰে।’ অৰ্থাৎ মোদীৰ সমালোচকসকলক পৰোক্ষভাৱে দুৰ্যোধন আখ্যা দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু