--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূৰ্বৰ বিজেপি চৰকাৰে অনা ধৰ্মান্তৰকৰণ বিৰোধী বিধেয়ক বাতিল কৰিবলৈ সাজু হৈছে কৰ্ণাটকৰ সিদ্দাৰামাইয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে। এই বিধেয়কখন যোৱা বছৰ উত্থাপন কৰা হৈছিল। বৃহস্পতিবাৰে ৰাজ্যিক আইন আৰু বিধান পৰিক্ৰমা মন্ত্ৰী এইচ কে পাটিলে কেবিনেট বৈঠকত বিধেয়কখন বাতিল কৰিবলৈ কেবিনেটে সেউজ সংকেত দিয়া বুলি জনায়।

বিগত বৰ্ষৰ কৰ্ণাটক বিধানসভাৰ শীতকালীন অধিবেশনত এই বিধেয়কখন উত্থাপন কৰিছিল তেতিয়াৰ ৰাজ্যৰ গৃহমন্ত্ৰী আৰাগা জননেন্দ্ৰই। সেই সময়ত বোম্মাই চৰকাৰে কৈছিল যে এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বলপূৰ্বক, ভুল বুজনি, প্ৰলোভন, প্ৰৱঞ্চনা বা বিবাহৰ ফান্দত ধৰ্মান্তৰকৰণ ৰোধ কৰা।


তেতিয়াৰ পৰাই কংগ্ৰেছে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ছিদ্দাৰামাইয়াই যুক্তি দিছিল যে এই বিধেয়কখন আচলতে জনবিৰোধী, অমানৱীয়, অসাংবিধানিক, দৰিদ্ৰ বিৰোধী আৰু দানৱীয়। গতিকে বোম্মাই চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰক। জেডিএছ-য়েও বিধেয়কখনৰ বিৰোধিতা কৰিছিল।

বিধেয়কখনত সাধাৰণ ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰত ৩ৰ পৰা ৫ বছৰৰ কাৰাদণ্ড আৰু ২৫ হাজাৰ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছিল। বিশেষ ক্ষেত্ৰত অৰ্থাৎ নাবালক, মহিলা, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ ক্ষেত্ৰত যদি এনে অপৰাধ সংগঠিত হয়, তেন্তে দোষীক ৩ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০,০০০ টকা জৰিমনা বিহাৰ কথা কোৱা হৈছিল।

কৰ্ণাটকৰ গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেবিনেটে আৰ এছ এছৰ অন্যতম প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰৰ ওপৰত থকা অধ্যায়টো স্কুলৰ ইতিহাসৰ কিতাপৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা বছৰ কৰ্ণাটকৰ বিজেপি চৰকাৰে এই অধ্যায়টো ইতিহাসৰ গ্ৰন্থত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ উপৰিও বিজেপি চৰকাৰে বিদ্যালয়ৰ পাঠ্যক্ৰমত কৰা সকলো সালসলনি ঘূৰাই অনাৰ সিদ্ধান্তও সিদ্দাৰামাইয়া নেতৃত্বাধীন মন্ত্ৰীসভাই গ্ৰহণ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস