--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূৰ্বৰ বিজেপি চৰকাৰে অনা ধৰ্মান্তৰকৰণ বিৰোধী বিধেয়ক বাতিল কৰিবলৈ সাজু হৈছে কৰ্ণাটকৰ সিদ্দাৰামাইয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে। এই বিধেয়কখন যোৱা বছৰ উত্থাপন কৰা হৈছিল। বৃহস্পতিবাৰে ৰাজ্যিক আইন আৰু বিধান পৰিক্ৰমা মন্ত্ৰী এইচ কে পাটিলে কেবিনেট বৈঠকত বিধেয়কখন বাতিল কৰিবলৈ কেবিনেটে সেউজ সংকেত দিয়া বুলি জনায়।

বিগত বৰ্ষৰ কৰ্ণাটক বিধানসভাৰ শীতকালীন অধিবেশনত এই বিধেয়কখন উত্থাপন কৰিছিল তেতিয়াৰ ৰাজ্যৰ গৃহমন্ত্ৰী আৰাগা জননেন্দ্ৰই। সেই সময়ত বোম্মাই চৰকাৰে কৈছিল যে এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বলপূৰ্বক, ভুল বুজনি, প্ৰলোভন, প্ৰৱঞ্চনা বা বিবাহৰ ফান্দত ধৰ্মান্তৰকৰণ ৰোধ কৰা।


তেতিয়াৰ পৰাই কংগ্ৰেছে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ছিদ্দাৰামাইয়াই যুক্তি দিছিল যে এই বিধেয়কখন আচলতে জনবিৰোধী, অমানৱীয়, অসাংবিধানিক, দৰিদ্ৰ বিৰোধী আৰু দানৱীয়। গতিকে বোম্মাই চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰক। জেডিএছ-য়েও বিধেয়কখনৰ বিৰোধিতা কৰিছিল।

বিধেয়কখনত সাধাৰণ ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰত ৩ৰ পৰা ৫ বছৰৰ কাৰাদণ্ড আৰু ২৫ হাজাৰ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছিল। বিশেষ ক্ষেত্ৰত অৰ্থাৎ নাবালক, মহিলা, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ ক্ষেত্ৰত যদি এনে অপৰাধ সংগঠিত হয়, তেন্তে দোষীক ৩ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০,০০০ টকা জৰিমনা বিহাৰ কথা কোৱা হৈছিল।

কৰ্ণাটকৰ গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেবিনেটে আৰ এছ এছৰ অন্যতম প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰৰ ওপৰত থকা অধ্যায়টো স্কুলৰ ইতিহাসৰ কিতাপৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা বছৰ কৰ্ণাটকৰ বিজেপি চৰকাৰে এই অধ্যায়টো ইতিহাসৰ গ্ৰন্থত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ উপৰিও বিজেপি চৰকাৰে বিদ্যালয়ৰ পাঠ্যক্ৰমত কৰা সকলো সালসলনি ঘূৰাই অনাৰ সিদ্ধান্তও সিদ্দাৰামাইয়া নেতৃত্বাধীন মন্ত্ৰীসভাই গ্ৰহণ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান