--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কষ্ট আৰু অধ্যাৱসায়ৰ আন এটা নাম সফলতা৷তেনে এজন যুৱক হ’ল ওমৰ আহমেদ৷ওমৰ আহমদ গণিয়ে দেৱাল ৰং কৰাত ব্যস্ত হৈ থকাৰ সময়তে তেওঁক NEETৰ ফলাফলৰ বিষয়ে ফোন আহিল। লগে লগে তেওঁ ৱেবছাইটটোত লগ ইন কৰিলে আৰু উত্তীৰ্ণৰ তালিকাত নিজৰ নামটো বিচাৰি পালে। প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা  পৰিয়ালৰ প্ৰথমজন ব্যক্তি হোৱাৰ লগে লগে তেওঁৰ দুচকো সেমেকি উঠিল৷

পুলৱামা জিলাৰ জাগিগাম গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ওমৰে পৰিয়াল পোহপাল দিবলৈ পেইণ্টাৰ হিচাপে কাম কৰে। পৰিয়ালটোৰ আৰ্থিক অৱস্থা এনেকুৱা যে NEETৰ বাবে প্ৰস্তুতি চলাবলৈহে এটা মোবাইল কিনিছিল।


ওমৰ কোনো বিচ্ছিন্ন ব্যক্তি নহয়। এইবাৰ কাশ্মীৰৰ ভূমিত বহু ছাত্ৰ-ছাত্ৰীয়ে NEETত উত্তীৰ্ণ হৈছে। কুইগাম ইমামৰ দুগৰাকী কন্যাই প্ৰথম প্ৰয়াসতে NEET উত্তীৰ্ণ হৈ পিতৃক গৌৰৱান্বিত কৰিছিল। ঠিক তেনেদৰে শ্ৰীনগৰৰ যমজ ভগ্নীয়েও NEETত  বৃহৎ নম্বৰ স্ক’ৰ কৰিছিল। দুৰ্গম বুডগাম গাঁৱৰ এগৰাকী ছোৱালীয়েও প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলত পৰিয়ালটোক গৌৰৱান্বিত কৰি তুলিছিল৷

উল্লেখযোগ্য যে এন টি এয়ে জনোৱা মতে, দেশত মুঠ ২০.৩৮ লাখ পৰীক্ষাৰ্থীয়ে NEET পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল৷ ইয়াৰে ১১.৪৫ লাখ লোকে NEETত যোগ্যতা অৰ্জন কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান