--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে কংগ্ৰেছে৷ কৰ্ণাটক বিধানসভাত অনুষ্ঠিত  কেবিনেট বৈঠকত  আৰ এছ এছৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰ আৰু হিন্দুত্ববাদী চিন্তাবিদ ভি ডি ছাভাৰকাৰৰ বিষয়ে থকা  অধ্যায়সমূহ আঁতৰাই এই শিক্ষাবৰ্ষৰ বাবে ৰাজ্যখনৰ ৬ ৰ পৰা দশম শ্ৰেণীৰ কানাড়া আৰু সামাজিক বিজ্ঞানৰ পাঠ্যপুথিৰ সংশোধনত অনুমোদন জনাইছে।

ইয়াৰ বিপৰীতে কেবিনেটে সমাজ সংস্কাৰক আৰু শিক্ষাবিদ সাবিত্ৰীবাই ফুলে, ইন্দিৰা গান্ধীলৈ নেহৰুৰ পত্ৰ আৰু আম্বেদকাৰৰ বিষয়ে  কবিতাৰ ওপৰত অধ্যায় যোগ দিবলৈ আৰু পূৰ্বৰ বিজেপি চৰকাৰে অনা পৰিৱৰ্তনবোৰ আঁতৰ কৰিবলৈও সন্মতি প্ৰদান কৰিছে। কংগ্ৰেছে  নিৰ্বাচনী ইস্তাহাৰত বিজেপি শাসনত থাকোতে বিদ্যালয়ৰ পাঠ্যপুথিত কৰা পৰিৱৰ্তনবোৰ বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছিল, আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) বাতিল কৰাৰ প্ৰতিশ্ৰুতিও দিছিল।

কেবিনেট বৈঠকৰ পিছত আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী এইচ কে পাটিলে কয়, "পাঠ্যপুথি সংশোধন সন্দৰ্ভত কেবিনেটে  অনা প্ৰস্তাৱ, পাঠ আঁতৰ আৰু যোগ কৰাআদি  সিদ্ধান্তসমূহৰ বিষয়ে আলোচনা কৰে আৰু ইয়াত অনুমোদন প্ৰদান কৰে।" প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা মন্ত্ৰী কুমাৰ বাঙ্গাৰাপ্পাই কয় যে পাঠ্যপুথিসমূহ সংশোধন কৰাটো ইস্তাহাৰত কংগ্ৰেছৰ প্ৰতিশ্ৰুতি আছিল আৰু সেয়া এতিয়া পালন কৰা হৈছে।  মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই এই সন্দৰ্ভত ধাৰাবাহিকভাৱে তেওঁৰ নিৰ্দেশনা দি আহিছে বুলিও তেওঁ কয়। 


শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজাপ্পা দালাৱাইৰ পাঁচ জনীয়া বিশেষজ্ঞ সমিতিত ৰবীশ কুমাৰ, অধ্যাপক টি আৰ চন্দ্ৰশেখৰ, ড০ অশ্বথ নাৰায়ণ আৰু ৰাজেশ আছিল আৰু তেওঁলোকেই  এই বছৰৰ বাবে পাঠ্য পুথি সংশোধনৰ বাবে কাম কৰিছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি সাবিত্ৰী ফুলেৰ বিষয়ে  এটা অধ্যায় পুনৰ প্ৰৱৰ্তন কৰা হৈছে, আম্বেদকাৰৰ বিষয়ে  'নী হোডা মাৰুদিনা' শীৰ্ষক এটা কবিতা যোগ কৰা হৈছে আৰু 'মাগালিগে বৰদা পাত্ৰ' - ইন্দিৰা গান্ধীলৈ নেহৰুৰ পত্ৰৰ বিষয়ে এটা অধ্যায়ও পুনৰ প্ৰৱৰ্তন কৰা হৈছে। তেওঁ লগতে কয়, "আমি হেডগেৱাৰ , ছাভাৰকাৰৰ বিষয়ে থকা এটা অধ্যায় আৰু হিন্দুত্ববাদী  কৰ্মী আৰু চিন্তাবিদ চক্ৰৱৰ্তী চুলিবেলে লিখা এটা অধ্যায় আঁতৰাই পেলোৱা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ