--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ  সুৰা কেলেংকাৰীৰ  গোচৰত   পঞ্চমবাৰলৈ  চমন পঠিয়ালে  ইডিয়ে। কেজৰিৱালক ইয়াৰ পূৰ্বেও চাৰিবাৰ জাৰি কৰা হৈছিল যদিও কেজৰিৱালে ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পৰা বিৰত আছিল।  এইবাৰ পঞ্চমবাৰলৈ  চমন পঠিয়ালে  ইডিয়ে।

 উল্লেখ্য কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিন ধৰি ইডিৰ নিৰীক্ষণত আছে। পূৰ্বে ইডিয়ে কেজৰিৱালক  চাৰিবাৰ মাতি পঠিয়াইছি যদিও  কেজৰিৱালে অৱশ্যে কোনো সঁহাৰি দিয়া নাছিল। প্ৰতিবাৰেই তেওঁ  ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল।  কেজৰিৱালে  দাবী কৰি আহিছে যে  ইডিৰ চমন 'অবৈধ' । বুধবাৰে কেজৰিৱালক পঞ্চমবাৰৰ বাবে  চমন জাৰি কৰা হৈছে আৰু চমনত তেওঁক  শুক্ৰবাৰে দিল্লীৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে।


আম আদমী পাৰ্টীয়ে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেই  বাৰে বাৰে মাতি থকা হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই। কেজৰিৱালে নিজেই কৈছে যে ইডিয়ে তেওঁক জাৰি কৰা চমন বৈধ নহয়। এই অবৈধ চমনত উপস্থিত হোৱাৰ কোনো প্ৰশ্নই নাই বুলি আপৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।  আপৰ সূত্ৰই প্ৰকাশ অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  পঞ্চমবাৰৰ চমন লাভ কৰিছে যদিও তেওঁ হয়তো এইবাৰো বাবে ইডিৰ সন্মুখত হাজিৰ নহ'ব। 

 ইডিৰ নিৰীক্ষণত থকা কেজৰিৱালেই একমাত্ৰ ৰাজনীতিক  নহয়। বৰ্তমান ইণ্ডিয়া  মিত্ৰজোঁটৰ বহু নেতা ইডিৰ নিৰীক্ষণত  আছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণো এই  তালিকাত আছে। বিহাৰৰ প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱকো কেইবাবাৰো  ইডিয়ে মাতি পঠিয়াইছে। লালু প্ৰসাদ যাদৱো ইডিৰ ৰোষত পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু