--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ  সুৰা কেলেংকাৰীৰ  গোচৰত   পঞ্চমবাৰলৈ  চমন পঠিয়ালে  ইডিয়ে। কেজৰিৱালক ইয়াৰ পূৰ্বেও চাৰিবাৰ জাৰি কৰা হৈছিল যদিও কেজৰিৱালে ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পৰা বিৰত আছিল।  এইবাৰ পঞ্চমবাৰলৈ  চমন পঠিয়ালে  ইডিয়ে।

 উল্লেখ্য কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিন ধৰি ইডিৰ নিৰীক্ষণত আছে। পূৰ্বে ইডিয়ে কেজৰিৱালক  চাৰিবাৰ মাতি পঠিয়াইছি যদিও  কেজৰিৱালে অৱশ্যে কোনো সঁহাৰি দিয়া নাছিল। প্ৰতিবাৰেই তেওঁ  ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল।  কেজৰিৱালে  দাবী কৰি আহিছে যে  ইডিৰ চমন 'অবৈধ' । বুধবাৰে কেজৰিৱালক পঞ্চমবাৰৰ বাবে  চমন জাৰি কৰা হৈছে আৰু চমনত তেওঁক  শুক্ৰবাৰে দিল্লীৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে।


আম আদমী পাৰ্টীয়ে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেই  বাৰে বাৰে মাতি থকা হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই। কেজৰিৱালে নিজেই কৈছে যে ইডিয়ে তেওঁক জাৰি কৰা চমন বৈধ নহয়। এই অবৈধ চমনত উপস্থিত হোৱাৰ কোনো প্ৰশ্নই নাই বুলি আপৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।  আপৰ সূত্ৰই প্ৰকাশ অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  পঞ্চমবাৰৰ চমন লাভ কৰিছে যদিও তেওঁ হয়তো এইবাৰো বাবে ইডিৰ সন্মুখত হাজিৰ নহ'ব। 

 ইডিৰ নিৰীক্ষণত থকা কেজৰিৱালেই একমাত্ৰ ৰাজনীতিক  নহয়। বৰ্তমান ইণ্ডিয়া  মিত্ৰজোঁটৰ বহু নেতা ইডিৰ নিৰীক্ষণত  আছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণো এই  তালিকাত আছে। বিহাৰৰ প্ৰাক্তন উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱকো কেইবাবাৰো  ইডিয়ে মাতি পঠিয়াইছে। লালু প্ৰসাদ যাদৱো ইডিৰ ৰোষত পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement