--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয়  যে কাটাৰত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা আঠজন ভাৰতীয়ক ভাৰতক কনচুলাৰ সহায়ৰ সুবিধা  প্ৰদান কৰা হৈছে। আজি নতুন দিল্লীত সংবাদমাধ্যমক এই কথা অৱগত কৰি বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে গোচৰটো সন্দৰ্ভত  ইতিমধ্যে দুটা শুনানি অনুষ্ঠিত হৈছে। তেওঁ লগতে কয় যে প্ৰধানমশ্ৰী নৰেন্দ্ৰ মোদীয়ে ডুবাইত চিঅ'পি২৮ সন্মিলনৰ সময়ত কাটাৰৰ শীৰ্ষ নেতাসকলৰ সৈতে এই বিষয়ত  বিস্তৃত আলোচনা কৰিছে।

 মুখপাত্ৰগৰাকীয়ে লগতে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে  ডুবাইত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত  বাৰ্তালাপ কৰিছে..."

৮ জন ভাৰতীয় প্ৰাক্তন নৌসেনাৰ বিষয়াই  কাটাৰৰ এটা কোম্পানীত কাম কৰি আছিল। তেওঁলোকক চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাটাৰৰ আদালতে তেওঁলোকৰ বিৰুদ্ধে  মৃত্যুদণ্ডৰ ৰায়  দিছিল।


ভাৰতৰ   ৰাষ্ট্ৰদূতে সেই ৮ গৰাকী ভাৰতীয়ক  ৩ ডিচেম্বৰত কাৰাগাৰত  লগ কৰিবলৈ কনচুলাৰ সুবিধা  লাভ কৰিছিল। 

কাটাৰত ৮ ভাৰতীয়ক মৃত্যুদণ্ডবিহাকলৈ  ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে।  ৮ ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি শুনোৱা সিদ্ধান্তক লৈ বৈদেশিক মন্ত্ৰণালয়ে কৈ আহিছে যে এই ঘটনাক লৈ ভাৰত  স্তম্ভিত। ভাৰতে এই বিষয়ত  সকলো আইনী বিকল্পৰ সন্ধান কৰি আছে। 

বৈদেশিক মন্ত্ৰণালয়ে কয় যে কাটাৰৰ আদালতে  অল দহৰা কোম্পানীৰ ৮ ভাৰতীয় কৰ্মচাৰীৰ বিৰুদ্ধে থকা গোচৰৰ ৰায় প্ৰদান কৰিছে। আদালতে এই আটাইকেইজন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি বিহিছে। এই ৮ ভাৰতীয় বিগত বৰ্ষৰ অক্টোবৰৰ পৰা কাটাৰত বন্দী হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক