--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয়  যে কাটাৰত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা আঠজন ভাৰতীয়ক ভাৰতক কনচুলাৰ সহায়ৰ সুবিধা  প্ৰদান কৰা হৈছে। আজি নতুন দিল্লীত সংবাদমাধ্যমক এই কথা অৱগত কৰি বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে গোচৰটো সন্দৰ্ভত  ইতিমধ্যে দুটা শুনানি অনুষ্ঠিত হৈছে। তেওঁ লগতে কয় যে প্ৰধানমশ্ৰী নৰেন্দ্ৰ মোদীয়ে ডুবাইত চিঅ'পি২৮ সন্মিলনৰ সময়ত কাটাৰৰ শীৰ্ষ নেতাসকলৰ সৈতে এই বিষয়ত  বিস্তৃত আলোচনা কৰিছে।

 মুখপাত্ৰগৰাকীয়ে লগতে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে  ডুবাইত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত  বাৰ্তালাপ কৰিছে..."

৮ জন ভাৰতীয় প্ৰাক্তন নৌসেনাৰ বিষয়াই  কাটাৰৰ এটা কোম্পানীত কাম কৰি আছিল। তেওঁলোকক চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাটাৰৰ আদালতে তেওঁলোকৰ বিৰুদ্ধে  মৃত্যুদণ্ডৰ ৰায়  দিছিল।


ভাৰতৰ   ৰাষ্ট্ৰদূতে সেই ৮ গৰাকী ভাৰতীয়ক  ৩ ডিচেম্বৰত কাৰাগাৰত  লগ কৰিবলৈ কনচুলাৰ সুবিধা  লাভ কৰিছিল। 

কাটাৰত ৮ ভাৰতীয়ক মৃত্যুদণ্ডবিহাকলৈ  ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে।  ৮ ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি শুনোৱা সিদ্ধান্তক লৈ বৈদেশিক মন্ত্ৰণালয়ে কৈ আহিছে যে এই ঘটনাক লৈ ভাৰত  স্তম্ভিত। ভাৰতে এই বিষয়ত  সকলো আইনী বিকল্পৰ সন্ধান কৰি আছে। 

বৈদেশিক মন্ত্ৰণালয়ে কয় যে কাটাৰৰ আদালতে  অল দহৰা কোম্পানীৰ ৮ ভাৰতীয় কৰ্মচাৰীৰ বিৰুদ্ধে থকা গোচৰৰ ৰায় প্ৰদান কৰিছে। আদালতে এই আটাইকেইজন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি বিহিছে। এই ৮ ভাৰতীয় বিগত বৰ্ষৰ অক্টোবৰৰ পৰা কাটাৰত বন্দী হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন