--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম শেষ পৰ্যায়ত উপনীত হৈছেহি। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ৰাম মন্দিৰত ৰামলালাৰ অভিষেক অনুষ্ঠানৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সুপৰিচিত ব্যক্তিক আমন্ত্ৰণ জনাইছে। 

এই তালিকাত ৩ হাজাৰ ভিভিআইপিকে ধৰি মুঠ ৭ হাজাৰ লোকলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোবিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়াৰ নামো এই তালিকাত সন্নিবিষ্ট কৰা হৈছে।  

আশ্চৰ্যজনক কথাটো হ’ল কংগনা ৰাণাৱটৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই সূচীত। ইতিমধ্যে ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হৈছে। এতিয়া ট্ৰাষ্টে প্ৰবীণ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, চলচ্চিত্ৰ তাৰকা অমিতাভ বচ্চন আৰু উদ্যোগপতি মুকেশ আম্বানীকে ধৰি প্ৰায় সাত হাজাৰ লোকলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।

মনোৰঞ্জন জগতৰ লগত জড়িত চেলিব্ৰিটি অমিতাভ বচ্চন, ৰামায়ণৰ ৰাম-সীতা অৰ্থাৎ অৰুণ গোবিল, দীপিকা চিখলীয়া, অক্ষয় কুমাৰ, আশা ভোছলে আদিলৈ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। কাৰ্যসূচীৰ সময় পুৱা ১১ বজা বুলি কোৱা হৈছে। এই কাৰ্যসূচী প্ৰায় ৩ ঘণ্টা ধৰি চলি থাকিব।

এই তালিকাত ৩,০০০ ভিভিআইপিকে ধৰি ৭,০০০ লোকৰ নাম সন্নিবিষ্ট কৰা হৈছে। চেলিব্ৰিটিৰ উপৰিও ১৯৯২ চনত হত্যা কৰা কৰ সেৱকৰ পৰিয়াললৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, যোগ গুৰু ৰাম দেৱ, উদ্যোগপতি ৰতন টাটা, উদ্যোগপতি গৌতম আদানীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

বিজেপিৰ হৈ সদায় মাত মাতি থকা অভিনেত্ৰী কংগনা ৰাণাৱটে এতিয়ালৈকে নিমন্ত্ৰণী পত্ৰ লাভ নকৰা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক