--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম শেষ পৰ্যায়ত উপনীত হৈছেহি। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ৰাম মন্দিৰত ৰামলালাৰ অভিষেক অনুষ্ঠানৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সুপৰিচিত ব্যক্তিক আমন্ত্ৰণ জনাইছে। 

এই তালিকাত ৩ হাজাৰ ভিভিআইপিকে ধৰি মুঠ ৭ হাজাৰ লোকলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোবিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়াৰ নামো এই তালিকাত সন্নিবিষ্ট কৰা হৈছে।  

আশ্চৰ্যজনক কথাটো হ’ল কংগনা ৰাণাৱটৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই সূচীত। ইতিমধ্যে ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হৈছে। এতিয়া ট্ৰাষ্টে প্ৰবীণ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, চলচ্চিত্ৰ তাৰকা অমিতাভ বচ্চন আৰু উদ্যোগপতি মুকেশ আম্বানীকে ধৰি প্ৰায় সাত হাজাৰ লোকলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।

মনোৰঞ্জন জগতৰ লগত জড়িত চেলিব্ৰিটি অমিতাভ বচ্চন, ৰামায়ণৰ ৰাম-সীতা অৰ্থাৎ অৰুণ গোবিল, দীপিকা চিখলীয়া, অক্ষয় কুমাৰ, আশা ভোছলে আদিলৈ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। কাৰ্যসূচীৰ সময় পুৱা ১১ বজা বুলি কোৱা হৈছে। এই কাৰ্যসূচী প্ৰায় ৩ ঘণ্টা ধৰি চলি থাকিব।

এই তালিকাত ৩,০০০ ভিভিআইপিকে ধৰি ৭,০০০ লোকৰ নাম সন্নিবিষ্ট কৰা হৈছে। চেলিব্ৰিটিৰ উপৰিও ১৯৯২ চনত হত্যা কৰা কৰ সেৱকৰ পৰিয়াললৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, যোগ গুৰু ৰাম দেৱ, উদ্যোগপতি ৰতন টাটা, উদ্যোগপতি গৌতম আদানীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

বিজেপিৰ হৈ সদায় মাত মাতি থকা অভিনেত্ৰী কংগনা ৰাণাৱটে এতিয়ালৈকে নিমন্ত্ৰণী পত্ৰ লাভ নকৰা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন