--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বলি আছে৷ এনে সময়তে সন্মুখ সমৰত নামি পৰিছে দেশৰ দুটা প্ৰধান  দল কংগ্ৰেছ আৰু বিজেপি৷  কেইবাখনো ৰাজ্যত নিৰ্বাচিত কংগ্ৰেছ বিধায়ক একাংশই  দল সলনি কৰি  বিজেপিত যোগদান কৰা দেখা গৈছে। 

আনকি ঘচটনাক্ৰমে কেতিয়াবা দল সলোৱাৰ প্ৰৱণতাৰ বাবে   চৰকাৰখনেই ৰাতিটোৰ ভিতৰতে সলনি হৈ গৈছে। এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে কংগ্ৰেছৰ বিধায়কসকল চীনা সামগ্ৰীৰ দৰে। বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকে  যিকোনো সময়তে দল সলনি কৰিব পাৰে।

অমিত শ্বাহে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এনেদৰে মন্তব্য কৰে৷ তেওঁ কয় যে তেলেংগানাত বিআৰএছ আৰু কে চন্দ্ৰশেখৰ ৰাওক কেৱল বিজেপিয়েহে সলনি কৰিব পাৰে, কংগ্ৰেছে নহয়। কাৰণ কংগ্ৰেছে নিজৰ দলৰ বিধায়কসকলক ধৰি ৰখাটোৱেই সম্ভৱ নহয়। তেওঁ কয় "কংগ্ৰেছৰ বিধায়কসকল চীনা সামগ্ৰীৰ দৰে। যিকোনো সময়তে বিআৰএছত যোগদান কৰিব পাৰে। "

শ্বাহে অভিযোগ কৰে  যে বিআৰএছ আৰু কংগ্ৰেছৰ মাজত এক অলিখিত চুক্তি হৈছিল। কংগ্ৰেছে বিচাৰে যে কে চন্দ্ৰশেখৰ ৰাও (কেচিআৰ)ক তেলেংগানাত মুখ্যমন্ত্ৰীৰ আসন খন  দিয়া  হ'ব। ইয়াৰ পৰিৱৰ্তে, চন্দ্ৰশেখৰ ৰাৱে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ চকীত উপবিশ্ট হোৱাত  সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলিও শ্বাহে মন্তব্য কৰে।

ইয়াৰ মাজতে  দুয়োটা দলৰ মাজত বিবাদ চলি আছে বুলি দাবী কৰি  শ্বাহে কয় যে প্ৰয়োজন হ'লে, কংগ্ৰেছৰ বিধায়কসকলে বিআৰএছত যোগদান কৰিব আৰু চন্দ্ৰশেখৰ ৰাওক মুখ্যমন্ত্ৰী কৰিব।ইপিনে বিৰোধীয়ে কৈছে যে কংগ্ৰেছৰ বিধায়কসকলক দলত্যাগৰ কথা  কোৱা সকলৰেই  আটাইতকৈ বেছি দল সলনি কৰাৰ অভিজ্ঞতা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক