--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বলি আছে৷ এনে সময়তে সন্মুখ সমৰত নামি পৰিছে দেশৰ দুটা প্ৰধান  দল কংগ্ৰেছ আৰু বিজেপি৷  কেইবাখনো ৰাজ্যত নিৰ্বাচিত কংগ্ৰেছ বিধায়ক একাংশই  দল সলনি কৰি  বিজেপিত যোগদান কৰা দেখা গৈছে। 

আনকি ঘচটনাক্ৰমে কেতিয়াবা দল সলোৱাৰ প্ৰৱণতাৰ বাবে   চৰকাৰখনেই ৰাতিটোৰ ভিতৰতে সলনি হৈ গৈছে। এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে কংগ্ৰেছৰ বিধায়কসকল চীনা সামগ্ৰীৰ দৰে। বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকে  যিকোনো সময়তে দল সলনি কৰিব পাৰে।

অমিত শ্বাহে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এনেদৰে মন্তব্য কৰে৷ তেওঁ কয় যে তেলেংগানাত বিআৰএছ আৰু কে চন্দ্ৰশেখৰ ৰাওক কেৱল বিজেপিয়েহে সলনি কৰিব পাৰে, কংগ্ৰেছে নহয়। কাৰণ কংগ্ৰেছে নিজৰ দলৰ বিধায়কসকলক ধৰি ৰখাটোৱেই সম্ভৱ নহয়। তেওঁ কয় "কংগ্ৰেছৰ বিধায়কসকল চীনা সামগ্ৰীৰ দৰে। যিকোনো সময়তে বিআৰএছত যোগদান কৰিব পাৰে। "

শ্বাহে অভিযোগ কৰে  যে বিআৰএছ আৰু কংগ্ৰেছৰ মাজত এক অলিখিত চুক্তি হৈছিল। কংগ্ৰেছে বিচাৰে যে কে চন্দ্ৰশেখৰ ৰাও (কেচিআৰ)ক তেলেংগানাত মুখ্যমন্ত্ৰীৰ আসন খন  দিয়া  হ'ব। ইয়াৰ পৰিৱৰ্তে, চন্দ্ৰশেখৰ ৰাৱে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ চকীত উপবিশ্ট হোৱাত  সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলিও শ্বাহে মন্তব্য কৰে।

ইয়াৰ মাজতে  দুয়োটা দলৰ মাজত বিবাদ চলি আছে বুলি দাবী কৰি  শ্বাহে কয় যে প্ৰয়োজন হ'লে, কংগ্ৰেছৰ বিধায়কসকলে বিআৰএছত যোগদান কৰিব আৰু চন্দ্ৰশেখৰ ৰাওক মুখ্যমন্ত্ৰী কৰিব।ইপিনে বিৰোধীয়ে কৈছে যে কংগ্ৰেছৰ বিধায়কসকলক দলত্যাগৰ কথা  কোৱা সকলৰেই  আটাইতকৈ বেছি দল সলনি কৰাৰ অভিজ্ঞতা আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা