--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি কামেই নহওঁক, মনপুতি একাগ্ৰতাৰে যদি সেই কাম কৰা হয় তেন্তে এদিন নহয় এদিন সাফল্য আহিবই৷ এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে দিল্লীৰ  এহাল দম্পতীয়ে ৷ দিল্লীৰ  দম্পতী জ্যোতি গণপতি আৰু তেওঁৰ স্বামী সত্যই দক্ষিণ ভাৰতীয় ৰন্ধনপ্ৰণালীক সুসংহতভাবে উপস্থাপন কৰি উপাৰ্জনৰ এক সোণালী বাট কাটি ল’বলৈ সক্ষম হৈছে৷ 

খাদ্য সম্ভাৰৰ সাধাৰণ ব্যৱসায়ক  এক অনন্য  ব্যৱসায়লৈ পৰিৱৰ্তন কৰি তেওঁলোকে বছৰি প্ৰচুৰ ধন ঘটিছে৷  খাদ্য বিক্ৰী কৰিবলৈ দম্পতীহালে  দোচা আইএনচি-ৰ জৰিয়তে কেৱল দোচা বিকিবলৈ লয়৷ এনেদৰে তেওঁলোকে  বছৰি ৩ কোটি টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে । 

 তেওঁলোকৰ  খাদ্যৰ ট্ৰাক সমগ্ৰ দিল্লীতে অতি জনপ্ৰিয়৷  জ্যোতিয়ে জনবহুল এলেকাবোৰত খাদ্য ট্ৰাক চলোৱাৰ বিষয়ত  থকা নিষেধাজ্ঞাবোৰ ভালদৰে জানে৷ সেয়ে তেওঁ নিৰ্ধাৰিত পাৰ্কিং স্থান  বিচাৰি লৈ আহিছে। পৰিচ্ছন্নতাৰ মান বজাই ৰাখি তেওঁ দোচা পৰিবেশন কৰি আহিছে৷ 

জ্যোতিয়ে দিল্লীত  ষ্ট্ৰীট ফুডক অধিক জনপ্ৰিয় কৰি তুলিবলৈ  খাদ্য ট্ৰাক হাবৰ কল্পনা কৰিছে। প্ৰত্যাহ্বানেৰে ভৰা ব্যৱসায় হ’লেও তেওঁ খাদ্য ট্ৰাকৰ ভৱিষ্যতকলৈ   উৎসাহী হৈ আছে৷ তেওঁ বিশ্বাস কৰে যে তেওঁলোকে মানুহক  এক অনন্য ভোজনৰ অভিজ্ঞতা আগবঢ়াবলৈ চেষ্টা চলাই আহিছে আৰু সেই কামত সফলো হৈছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক