--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খৰ্গেক শুভেচ্ছা জ্ঞাপন কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে। টুইটাৰযোগে থাৰুৰে লিখে যে খৰ্গেৰ নেতৃত্বত দলটো পুনৰ উজ্জীৱিত হৈ পৰিব।

থাৰুৰে লিখে যে দলৰ সকলো নেতাই একেলগে কাম কৰি দলটোক এটা উচ্চ পৰ্যায়লৈ নিব লাগিব। বিদায়ী সভাপতি ছোনিয়া গান্ধীকো তেওঁ দললৈ আগবঢ়োৱা বৰঙনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে বহুচৰ্চিত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেই প্ৰতিদ্বন্দিতা কৰিছিল। আজি ঘোষিত হোৱা ফলাফলত খৰ্গেই বৃহৎ ব্যৱধানত বিজয়সাব্যষ্ট কৰে।

ফলাফল ঘোষণা হোৱাৰ পাছতে এখন বিজ্ঞপ্তীৰ জৰিয়তে থাৰুৰে খৰ্গেক অভিবাদন জনায় আৰু সভাপতি নিৰ্বাচনত তেওঁক সহযোগ কৰা সকলো দলীয় কৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰে।

“আমাৰ প্ৰতিদ্বন্দিতাৰ ফলত কংগ্ৰেছ দলটো শক্তিশালী হৈছে।”- টুইটাৰযোগে থাৰুৰে কয়। ছোনিয়া গান্ধীৰ উপৰিও তেওঁ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো এটা নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনায়।

থাৰুৰে কয় যে নেহৰু-গান্ধী পৰিয়ালে সদায় কংগ্ৰেছৰ সদস্যসকলৰ মাজত সুকীয়া স্থান দখল কৰি থাকিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক