--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খৰ্গেক শুভেচ্ছা জ্ঞাপন কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে। টুইটাৰযোগে থাৰুৰে লিখে যে খৰ্গেৰ নেতৃত্বত দলটো পুনৰ উজ্জীৱিত হৈ পৰিব।

থাৰুৰে লিখে যে দলৰ সকলো নেতাই একেলগে কাম কৰি দলটোক এটা উচ্চ পৰ্যায়লৈ নিব লাগিব। বিদায়ী সভাপতি ছোনিয়া গান্ধীকো তেওঁ দললৈ আগবঢ়োৱা বৰঙনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে বহুচৰ্চিত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেই প্ৰতিদ্বন্দিতা কৰিছিল। আজি ঘোষিত হোৱা ফলাফলত খৰ্গেই বৃহৎ ব্যৱধানত বিজয়সাব্যষ্ট কৰে।

ফলাফল ঘোষণা হোৱাৰ পাছতে এখন বিজ্ঞপ্তীৰ জৰিয়তে থাৰুৰে খৰ্গেক অভিবাদন জনায় আৰু সভাপতি নিৰ্বাচনত তেওঁক সহযোগ কৰা সকলো দলীয় কৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰে।

“আমাৰ প্ৰতিদ্বন্দিতাৰ ফলত কংগ্ৰেছ দলটো শক্তিশালী হৈছে।”- টুইটাৰযোগে থাৰুৰে কয়। ছোনিয়া গান্ধীৰ উপৰিও তেওঁ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো এটা নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনায়।

থাৰুৰে কয় যে নেহৰু-গান্ধী পৰিয়ালে সদায় কংগ্ৰেছৰ সদস্যসকলৰ মাজত সুকীয়া স্থান দখল কৰি থাকিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু