--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ হাৰত মানৱ অধিকাৰ উলংঘন হৈছে ভাৰতত। ধৰ্মীয় সংখ্যালঘুসকলে ইয়াৰ বলি হৈছে। দেশৰ কোনো বিৰোধী ৰাজনৈতিক দলে এই অভিযোগ কৰা নাই, বৰঞ্চ ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটেৰেছে এইদৰে বক্তব্য আগবঢ়াইছে।

সম্প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীয়ে তিনিদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত আছে। মুম্বাইত দিয়া এটা বক্তৃতাত তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ এগৰাকী নিৰ্বাচিত সদস্য হিচাপে ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

“বিশ্বজুৰি মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে।”- তেওঁ কয়। শেহতীয়াকৈ মোদী চৰকাৰৰ দিনত দেখা দিয়া সংখ্যালঘু দমন, বাকস্বাধিনতা হৰণ ইত্যাদিসমূহৰ প্ৰতিও তেওঁ চোকা ভাষাৰে সমালোচনা কৰে।

“সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, ছাত্ৰ আৰু একাডেমিকছসকলৰ স্বাধিনতাক ভাৰতে সুৰক্ষা কৰি উচিত। ভাৰতৰ ন্যায়ব্যৱস্থাৰ স্বাধিনতাকো নিশ্চয়তা দিয়া উচিত।”- তেওঁ কয়।

ভাৰতৰ বৈচিত্ৰতাক সন্মান জনাই ৰাষ্ট্ৰসংঘৰ সচিবজনে কয় যে প্ৰত্যেকদিনাই এই বৈচিত্ৰতাক শক্তিশালি কৰাৰ প্ৰয়োজন। এইক্ষেত্ৰত তেওঁ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুক স্মৰণ কৰে।

বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ ভাষ্য মানৱ অধিকাৰ সুৰক্ষাৰ দ্বাৰাহে সম্ভৱ বুলি তেওঁ কয়। ভাৰতৰ লিংগ সমতা আৰু নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত বহুতো কাম কৰিবলগা আছে বুলিও তেওঁ কয়।

আনহাতে, ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীয়ে এইদৰে ভাৰতৰ মানৱ অধিকাৰ উলংঘনৰ বিষয়টো উত্থাপন কৰাৰ পাছতে ই ব্যাপক চৰ্চা লাভ কৰিছে। এতিয়ালৈকে ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰত্যুত্তৰ দিয়া হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক