--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ হাৰত মানৱ অধিকাৰ উলংঘন হৈছে ভাৰতত। ধৰ্মীয় সংখ্যালঘুসকলে ইয়াৰ বলি হৈছে। দেশৰ কোনো বিৰোধী ৰাজনৈতিক দলে এই অভিযোগ কৰা নাই, বৰঞ্চ ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটেৰেছে এইদৰে বক্তব্য আগবঢ়াইছে।

সম্প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীয়ে তিনিদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত আছে। মুম্বাইত দিয়া এটা বক্তৃতাত তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ এগৰাকী নিৰ্বাচিত সদস্য হিচাপে ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

“বিশ্বজুৰি মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে।”- তেওঁ কয়। শেহতীয়াকৈ মোদী চৰকাৰৰ দিনত দেখা দিয়া সংখ্যালঘু দমন, বাকস্বাধিনতা হৰণ ইত্যাদিসমূহৰ প্ৰতিও তেওঁ চোকা ভাষাৰে সমালোচনা কৰে।

“সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, ছাত্ৰ আৰু একাডেমিকছসকলৰ স্বাধিনতাক ভাৰতে সুৰক্ষা কৰি উচিত। ভাৰতৰ ন্যায়ব্যৱস্থাৰ স্বাধিনতাকো নিশ্চয়তা দিয়া উচিত।”- তেওঁ কয়।

ভাৰতৰ বৈচিত্ৰতাক সন্মান জনাই ৰাষ্ট্ৰসংঘৰ সচিবজনে কয় যে প্ৰত্যেকদিনাই এই বৈচিত্ৰতাক শক্তিশালি কৰাৰ প্ৰয়োজন। এইক্ষেত্ৰত তেওঁ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুক স্মৰণ কৰে।

বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ ভাষ্য মানৱ অধিকাৰ সুৰক্ষাৰ দ্বাৰাহে সম্ভৱ বুলি তেওঁ কয়। ভাৰতৰ লিংগ সমতা আৰু নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত বহুতো কাম কৰিবলগা আছে বুলিও তেওঁ কয়।

আনহাতে, ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীয়ে এইদৰে ভাৰতৰ মানৱ অধিকাৰ উলংঘনৰ বিষয়টো উত্থাপন কৰাৰ পাছতে ই ব্যাপক চৰ্চা লাভ কৰিছে। এতিয়ালৈকে ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰত্যুত্তৰ দিয়া হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু