--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ বিভাগৰ এক অভিযানে এতিয়া শলঠেকত পেলাইছে  ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ লগতে সমগ্ৰ দলটোকে৷ চাহুৰ ওড়িশাত থকা  সুৰা কোম্পানীত অভিযান চলাই এতিয়ালৈ প্ৰায় ৩০০ কোটি টকা জব্দ কৰিছে।  কংগ্ৰেছ সাংসদজনৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীসমূহত অভিযান চলাই আয়কৰ বিভাগে ৩০০ কোটি টকা জব্দ কৰিছে। কৰ ফাঁকি দিয়াৰ অভিযোগত চলা অভিযানত বলদেৱ চাহু আৰু বালাংগীৰৰ কোম্পানীৰ কাৰ্যালয়ৰ পৰা ১৫০ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰাৰ লগতে চম্বলপুৰৰ কৰ্পোৰেট কাৰ্যালয়ৰ পৰা ১৫০ কোটিতকৈও অধিক ধন জব্দ কৰিছে আয়কৰ বিভাগে।

৬ ডিচেম্বৰত আয়কৰ বিভাগৰ দলটোৱে ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ লোহাৰডাগাৰ বাসগৃহতো উপস্থিত হয়। কিন্তু তাৰ পূৰ্বে আয়কৰ বিভাগে তেওঁৰ পৰিবৰ্তে আত্মীয় আৰু ঘনিষ্ঠ সহযোগীসকলৰ  সুৰা কোম্পানীসমূহত অভিযান চলায়। অৱশ্যে এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰাকেশ সিনহাই কয় যে ধীৰাজ চাহু এগৰাকী সফল ব্যৱসায়ী। তেওঁৰ গোটেই পৰিয়ালটো ব্যৱসায়ৰ সৈতে জড়িত। তেওঁক বদনাম কৰিবলৈ আয়কৰ বিভাগক ব্যৱহাৰ কৰা হৈছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে। লগতে তেওঁ কয় যে গোটেই পৰিয়ালটোৱে একেলগেই এটা ব্যৱসায় চলায়। কিন্তু বিজেপিয়ে এক ষড়যন্ত্ৰৰ অধীনত কংগ্ৰেছ পৰিয়ালটোক বদনামী কৰিছে।

উল্লেখ্য যে ধীৰাজ চাহু এটা প্ৰভাৱশালী পৰিয়ালৰ সদস্য। তেওঁৰ পৰিয়ালটো কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁৰ ঘৰলৈ আহিছিল। তেওঁৰ ওচৰলৈ চলচ্চিত্ৰ তাৰকা আৰু ক্ৰিকেটাৰসকলো আহে। ধীৰাজ চাহুৰ পৰিয়ালৰ মুখ্য ব্যৱসায় সুৰাৰ সৈতে জড়িত। তেওঁৰ পৰিয়ালৰ বেছিভাগ সুৰা কোম্পানীয়ে ওড়িশাত আছে।

ধীৰাজ চাহুৰ পিতৃ শ্বৰ্গীয় ৰায় চাহেব বলদেৱ চাহু। ধীৰাজ চাহুৰ ৬ গৰাকী ভাতৃ আছে। ৰাঁচীৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ শিৱ প্ৰসাদ চাহু আৰু ভাতৃ নন্দ লাল চাহুৰ মৃত্যু হৈছে। ধীৰাজ চাহু তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হৈছে। ধীৰাজ চাহুৱে চাত্ৰা আসনৰ পৰা দুবাৰকৈ প্ৰতিদ্বন্দিতা কৰিছিল কিন্তু এবাৰো সফল হোৱা নাছিল। তেওঁৰ এগৰাকী ভাতৃ গোপাল চাহুৱে ২০১৯ চনত হাজাৰীবাগৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল কিন্তু পৰাজিত হৈছিল । তেওঁৰ আন দুগৰাকী ভাতৃ হৈছে সঞ্জয় চাহু আৰু উদয় চাহু। উদয় চাহুও কংগ্ৰেছৰ সৈতে জড়িত। 

সূত্ৰৰ মতে ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ আত্মীয় আৰু নিকট আত্মীয়ৰ নামত ওড়িশাত কেইবাটাও সুৰা কোম্পানী আছে। ইয়াৰ ভিতৰত আছে বৌধ ডিষ্টিলাৰী প্ৰা.লিমিটেড, বলদেৱ চাহু ইনফ্ৰা প্ৰা. লিমিটেড, কোয়ালিটি বটলাৰ্ছ প্ৰা.লিমিটেড আৰু কিশোৰ প্ৰসাদ বিজয় প্ৰসাদ বেভাৰেজ প্ৰা. লিমিটেড অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement