--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একোটা যৌথ হিন্দু পৰিয়ালত নাৰীও মুৰব্বী হ’ব পাৰে। কেৱল পুৰুষক পৰিয়ালৰ মুৰব্বী হিচাপে স্বীকৃতি দিয়া উচিত বুলি কোনো যুক্তি নাই। এটা গোচৰৰ শুনানিৰ সময়ত এই কথা কয় দিল্লী উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠে কয় যে, সমাজে কি ভাবে, সমাজৰ দৃষ্টিভংগী কি, সেয়া আইনে গুৰুত্ব নিদিয়ে।  হিন্দু আইনতো নাৰীক পৰিয়ালৰ মুৰব্বী হিচাপে স্বীকৃতি দিয়াৰ কোনো বাধা নাই।

২০১৬ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে পৰিয়ালত মহিলা আৰু পুৰুষৰ গুৰুত্ব সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল। উত্তৰাধিকাৰৰ বিষয়ত মহিলা আৰু পুৰুষৰ সমান গুৰুত্ব আছে বুলি জনোৱা হৈছিল। ডিভিজন বেঞ্চেও সেই ৰায়ক সমৰ্থন কৰিছে। এই প্ৰসংগত উচ্চ ন্যায়ালয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীৰ মন্তব্যও উল্লেখ কৰে।

ন্যায়াধীশসকলে হিন্দু উত্তৰাধিকাৰ আইন ২০০৫ৰ নীতিৰ উল্লেখ কৰি মহিলাগৰাকীয়েই পৰিয়ালৰ মুৰব্বী বুলি ব্যাখ্যা কৰে। যিগৰাকী মহিলাৰ গোচৰত আদালতে এই পৰ্যবেক্ষণ কৰিছিল, তেওঁৰ নাম সুজাতা। ককায়েকহঁতে তেওঁক পৰিয়ালৰ মুৰব্বী কৰাত আপত্তি কৰিছিল। আদালতে তেওঁলোকৰ আপত্তি নাকচ কৰে। সংমণ্ডল বিচাৰপীঠেও মহিলাগৰাকীৰ স্বামীক পৰিয়ালৰ মুৰব্বী হিচাপে ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক