--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একোটা যৌথ হিন্দু পৰিয়ালত নাৰীও মুৰব্বী হ’ব পাৰে। কেৱল পুৰুষক পৰিয়ালৰ মুৰব্বী হিচাপে স্বীকৃতি দিয়া উচিত বুলি কোনো যুক্তি নাই। এটা গোচৰৰ শুনানিৰ সময়ত এই কথা কয় দিল্লী উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠে কয় যে, সমাজে কি ভাবে, সমাজৰ দৃষ্টিভংগী কি, সেয়া আইনে গুৰুত্ব নিদিয়ে।  হিন্দু আইনতো নাৰীক পৰিয়ালৰ মুৰব্বী হিচাপে স্বীকৃতি দিয়াৰ কোনো বাধা নাই।

২০১৬ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে পৰিয়ালত মহিলা আৰু পুৰুষৰ গুৰুত্ব সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল। উত্তৰাধিকাৰৰ বিষয়ত মহিলা আৰু পুৰুষৰ সমান গুৰুত্ব আছে বুলি জনোৱা হৈছিল। ডিভিজন বেঞ্চেও সেই ৰায়ক সমৰ্থন কৰিছে। এই প্ৰসংগত উচ্চ ন্যায়ালয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীৰ মন্তব্যও উল্লেখ কৰে।

ন্যায়াধীশসকলে হিন্দু উত্তৰাধিকাৰ আইন ২০০৫ৰ নীতিৰ উল্লেখ কৰি মহিলাগৰাকীয়েই পৰিয়ালৰ মুৰব্বী বুলি ব্যাখ্যা কৰে। যিগৰাকী মহিলাৰ গোচৰত আদালতে এই পৰ্যবেক্ষণ কৰিছিল, তেওঁৰ নাম সুজাতা। ককায়েকহঁতে তেওঁক পৰিয়ালৰ মুৰব্বী কৰাত আপত্তি কৰিছিল। আদালতে তেওঁলোকৰ আপত্তি নাকচ কৰে। সংমণ্ডল বিচাৰপীঠেও মহিলাগৰাকীৰ স্বামীক পৰিয়ালৰ মুৰব্বী হিচাপে ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement