--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতিৰ কথা যেতিয়াই আলোচিত হয়, তেতিয়াই সমুখলৈ আহে কংগ্ৰেছত গান্ধী পৰিয়ালৰ কৰ্তৃত্ব তথা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দিশটো। গান্ধী পৰিয়ালৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দোহাই দিয়ে ২০১৪ চনত শাসনলৈ অহাৰ পথ সুচল কৰি তুলিছিল বিজেপিয়ে। দলৰ ভিতৰত গান্ধী পৰিয়ালৰ এই কৰ্তৃত্বৰ বিৰোধিতাৰে কংগ্ৰেছত বহুসময়ত সৃষ্টি হৈছে আভ্যন্তৰীণ সংঘাতৰো। ১৯৯৮ চনত সীতাৰাম কেশৰীৰ পাছত দলৰ সভাপতিৰ আসনত ছোনীয়া গান্ধী অধিষ্ঠিত হোৱাৰ পৰা এই সূদীৰ্ঘ সময়ছোৱা গান্ধী পৰিয়ালৰ হাততে আছে দলটোৰ নেতৃত্ব। পিছে এইবাৰ কংগ্ৰেছত গান্ধী পৰিয়ালৰ এই ধাৰাবাহিক কৰ্তৃত্বৰ অৱসান ঘটাৰ দিশে আগবাঢ়িছে। সূদীৰ্ঘ এই ২৪ বছৰত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তি কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

স্বাধীনোত্তৰ ভাৰতত অধিক সময়ে শাসনত অধিষ্ঠিত থকা ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান ৰাজনৈতিক সংকটেৰে জৰ্জৰিত হৈ পৰিছে। সম্প্ৰতি দেশৰ প্ৰধান বিৰোধী দল হিচাপে থকা কংগ্ৰেছে লাহে লাহে সমগ্ৰ দেশতে হেৰুৱাই পেলাইছে গণভিত্তি তথা জনপ্ৰিয়তা। একালত সমগ্ৰ দেশৰ ৰাজনীতিত অপ্ৰতিৰোধ্য কংগ্ৰেছে এতিয়া মাত্ৰ দুখন ৰাজ্যতহে নিজাকৈ চৰকাৰ গঠন কৰি থকাৰ বিপৰীতে আন দুখন ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰৰ অংশ হৈ আছে। দলটোৰ এনে হতাশাজনক স্থিতিৰ বাবে সমালোচিত হৈ আহিছে শীৰ্ষ নেতৃত্ব। শেহতীয়া এই ব্যৰ্থতাৰ বাবে বিশেষকৈ গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক নেতৃত্বৰ বিৰোধৰ সৃষ্টি হৈছে কংগ্ৰেছত। 

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই কংগ্ৰেছে ক্ৰমান্বয়ে সমগ্ৰ দেশতে গণভিত্তি হেৰুৱাই পেলাইছে। ইয়াৰ পিছতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত চূড়ান্ত বিফলতাৰ সন্মুখীন হোৱাৰ ফলত ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল আৰু ছোনিয়া গান্ধীয়ে দলৰ অন্তৱৰ্তীকালীন নেতা হিচাপে এই পদ গ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছতে দলটোৱে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখঠেকেচা খায়।

দলীয় সংকটৰ এনে চৰম পৰ্যায়ৰ মাজতে অহা ১৭ অক্টোবৰত দেশৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দলটোৰ নতুন সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। এই নিৰ্বাচনৰ পাছতে ১৯ অক্টোবৰত দলটোৱে লাভ কৰিব নতুন সভাপতি। ইতিমধ্যে দলৰ দুই জেষ্ঠ নেতা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু সাংসদ শশী থাৰুৰৰ মাজত সভাপতি পদৰ বাবে যুঁজ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আনহাতে ৰাহুল গান্ধীক পুনৰ এবাৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ দলৰ কেইবাগৰাকীও নেতাই অনুৰোধ জনাই আহিছে যদিও গান্ধীয়ে বাৰে বাৰে এই অনুৰোধ প্ৰত্যাখ্যান কৰি আহিছে। তেওঁ লগতে গান্ধী পৰিয়ালৰ কোনো সদস্যই কংগ্ৰেছৰ সভাপতি আসনত নবহে বুলিও মন্তব্য কৰি আহিছে।

সভাপতি পদৰ বাবে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বৰ্তমান ভাৰত জোড়ো যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীয়ে পুনৰ এবাৰ কংগ্ৰেছৰ সভাপতিৰ পদত গান্ধী পৰিয়ালৰ সদস্য অধিষ্ঠিত হোৱাৰ সম্ভাৱনা নাকচ কৰিছে। সভাপতি পদৰ অন্যতম সম্ভাব্য প্ৰাৰ্থী তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শুকুৰবাৰে কেৰালাত এক সংবাদ মেলত ৰাহুল গান্ধীৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছে।  

সংবাদ মেলত গেহলটে কয় যে ৰাহুল গান্ধীক কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণৰ প্ৰস্তাৱ কেইবাবাৰো আগবঢ়োৱা হৈছে যদিও তেওঁ বাৰে বাৰে সেই প্ৰস্তাৱ নাকচ কৰিছে। তেওঁ পুনৰ গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়ে পৰৱৰ্তী সভাপতি নহয় বুলি স্পষ্ট কৰি দিছে। গেহলটে লগতে সভাপতি নিৰ্বাচনৰ বাবে তেওঁ শীঘ্ৰেই মনোনয়ন দাখিল কৰিব বুলিও জানিবলৈ দিয়ে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য