--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনত ভোটদান কৰিবলৈ সাজু হৈছে ইটালীৰ জনসাধাৰণ। এই নিৰ্বাচনো হ'ব বহু আকৰ্ষণীয় কাৰণ সোঁপন্থী প্ৰাৰ্থী  জৰ্জিয়া মেলোনি এই নিৰ্বাচনৰ পাছত দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ব পাৰে। উল্লেখযোগ্য যে জৰ্জিয়া মেলোনিৰ  জাতীয়-ৰক্ষণশীল ৰাজনৈতিক দল ব্ৰাদাৰ্ছ অৱ ইটালীৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৮ চনত দলটোৱে ৪ শতাংশ ভোটাৰৰ সমৰ্থন লাভ কৰিছিল, যিটো এই বছৰ আনুমানিক ২৫ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সকলো সমীক্ষা অনুসৰি মেলোনি আৰু তেওঁৰ দল নিৰ্বাচনত জয়ী হোৱা প্ৰায় নিশ্চিত হৈ পৰিছে।

মেলোনিয়ে "ঈশ্বৰ, পৰিয়াল আৰু মাতৃভূমি" মূলমন্ত্ৰৰে দলটোৰ প্ৰচাৰ অব্যাহত ৰাখিছে। একে সময়তে তেওঁৰ বিৰোধীসকলে কয় যে তেওঁ যদি ক্ষমতালৈ আহে তেন্তে ই ইটালীৰ গণতন্ত্ৰৰ বাবে বিপদজনক হ’ব। তেওঁৰ দলে বহু নাগৰিক অধিকাৰ ঘূৰাই ল’ব।

আচলতে মেলোনীৰ দলটোৱে বহু কথাৰ বিৰোধিতা কৰি আহিছে। বিগত ১০ বছৰ ধৰি তেওঁৰ প্ৰধান নীতিসমূহ "অবৈধ অনুপ্ৰৱেশকাৰী" আৰু সমকামী অধিকাৰৰ সমৰ্থকসকলক সমালোচনা কৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। নিৰ্বাচনত জয়ী হ’বলৈ মেলোনীয়ে প্ৰব্ৰজনকাৰী বিৰোধী মেটিঅ’ ছালভিনিৰ লীগ দল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিৰ ফৰ্জা ইটালিয়া (ফৰৱাৰ্ড ইটালী)ৰ সৈতে মিত্ৰতা কৰে।

কোন‌ এই মেলোনি?

১৯৭৭ চনৰ ১৫ জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল জৰ্জিয়া মেলোনিয়ে । তেওঁ এগৰাকী ইটালীৰ সাংবাদিক আৰু ৰাজনীতিবিদ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ফেচিবাদী একনায়কত্ববাদী বেনিটো মুছলিনীৰ সমৰ্থকসকলে গঠন কৰা ইটালীৰ সামাজিক আন্দোলনৰ (এম এছ আই) যুৱ শাখাৰ বাবে মেলোনীয়ে কৰ্মী হিচাপে কাম কৰিছিল। ১৯ বছৰ বয়সত সোঁপন্থী ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়তে মিলনীয়ে ফ্ৰান্সৰ টেলিভিছনক কয় যে "মুছলিনী এজন ভাল ৰাষ্ট্ৰনেতা আছিল। তেওঁ যিয়েই নকৰক কিয়, তেওঁ ইটালীৰ বাবেই কৰিছিল।"

২০০৬ চনত ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল মেলোনী। ইয়াৰ পিছত মেলোনীয়ে ছিলভিঅ’ বাৰ্লুস্কোনিৰ চতুৰ্থখন চৰকাৰত (২০০৮–২০১১) যুৱ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইয়ং একচনৰ সভাপতি হৈছিল। যুদ্ধৰ পাছত তেওঁ ইটালীৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী হৈ পৰিছিল । ২০১৪ চনৰ পৰা ৰাষ্ট্ৰীয়-ৰক্ষণশীল ৰাজনৈতিক দল ব্ৰাদাৰ্ছ অৱ ইটালীৰ নেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ইটালীত পুনৰ নিৰ্বাচন কিয় অনুষ্ঠিত হৈছে?

জুলাই মাহত বিদায়ী প্ৰধানমন্ত্ৰী মাৰিঅ’ ড্ৰাঘীৰ মিত্ৰজোঁটৰ চৰকাৰ পতনৰ বাবে ইটালীত পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। কাৰণ মিত্ৰজোঁট চৰকাৰৰ অংশ লীগ ফৰ্জা ইটালিয়াকে ধৰি তিনিটা প্ৰধান দলে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। ইটালীৰ বিষয়ে এটা কথা মনত ৰাখিব লাগিব যে চৰকাৰবোৰ নিয়মিতভাৱে পতন হয় আৰু সেয়েহে নিৰ্বাচন যথেষ্ট সঘনাই অনুষ্ঠিত হয়। যোৱা ৩০ বছৰত দেশত ১৪ গৰাকী প্ৰধানমন্ত্ৰী আৰু ১৯ খন ভিন্ন চৰকাৰ আছে। অৰ্থাৎ গড়ে প্ৰতি দুবছৰৰ মূৰে মূৰে নতুন প্ৰধানমন্ত্ৰী গঠন হয় আৰু ১৮ মাহৰ মূৰে মূৰে ইয়াত নতুন চৰকাৰ গঠন হয়।

নিৰ্বাচন কেনেকুৱা হব? 

২৫ ছেপ্টেম্বৰ দেওবাৰে পুৱা ৭ বজাত সকলো ভোটকেন্দ্ৰ খুলিব আৰু নিশা ১১ বজাত বন্ধ থাকিব। ২০২০ চনত সাংবিধানিক গণভোটৰ পিছত নিৰ্বাচন প্ৰক্ৰিয়াত কিছু পৰিৱৰ্তন হোৱাৰ বাবে এই নিৰ্বাচন অলপ বেলেগ ধৰণে হ’ব। ইটালীৰ সংসদ দুটা সমান ক্ষমতাৰ সদনেৰে গঠিত। চেম্বাৰ অৱ ডিপুটিছ আৰু চেনেট। বৰ্তমানৰ নিৰ্বাচনী আইন অনুসৰি ইটালীবাসীয়ে দুটা ভোট পায়।(প্ৰতিটো সদনৰ বাবে এটাকৈ ভোট) এইবাৰ চেম্বাৰ অৱ ডিপুটিৰ সংখ্যা ৬৩০ৰ পৰা ৪০০লৈ হ্ৰাস হ'ব আৰু চিনেটৰৰ সংখ্যা ৩১৫ৰ পৰা ২০০লৈ হ্ৰাস কৰা হ’ব। 

এই নিৰ্বাচনত কেৱল ১৮ বছৰৰ ওপৰৰ ইটালীৰ নাগৰিকেহে ভোট দিব পাৰিব। ইটালীত বৈধভাৱে বাস কৰা বিদেশী ইউৰোপীয় ইউনিয়নৰ নাগৰিকে পৌৰসভা আৰু ইউৰোপীয় সংসদীয় নিৰ্বাচনত ভোট দিবলৈ পঞ্জীয়ন কৰিব পাৰে, কিন্তু ৰাষ্ট্ৰীয় নিৰ্বাচন কেৱল ইটালীৰ নাগৰিকৰ বাবেহে সংৰক্ষিত। উল্লেখযোগ্য যে ভোট দিবলৈ ইটালীৰ বাসিন্দা হোৱাৰ প্ৰয়োজন নাই। বিদেশত বাস কৰা ইটালীৰ নাগৰিকেও মেইলযোগে ভোট দিবলৈ পঞ্জীয়ন কৰিব পাৰিব।

এই নিৰ্বাচনত কোনবোৰ মূল দল?

ইটালীত বৃহৎ সংখ্যক ৰাজনৈতিক দল আছে, আৰু দেশখন প্ৰায়ে মিত্ৰজোঁট চৰকাৰৰ দ্বাৰা পৰিচালিত হয়, কিন্তু এইবাৰ, মাত্ৰ কেইটামান দলহে আছে। ‘কেৱল’ তিনিটা সোঁপন্থী দলৰ মিত্ৰজোঁটেৰে পৰৱৰ্তী চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে। এই তিনিটা দলৰ ভিতৰত আছে জৰ্জিয়া মেলোনিৰ ব্ৰাদাৰ্ছ অৱ ইটালী, মেটিঅ’ ছালভিনিৰ লীগ আৰু ফৰ্জা ইটালিয়া।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান