--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনে সম্প্ৰতি দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰি আছে। কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? এই বিষয়টোক লৈ ব্যস্ত হৈ পৰিছে ৰাজনৈতিক পৰ্যবেক্ষকসকলো। কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ নাম ইতিমধ্যে চৰ্চালৈ আহিছে। অশোক গেহলট, শশী থাৰুৰৰ পাছত দিগ্বিজয় সিঙ, কমল নাথৰ নামো সম্ভাৱ্য সভাপতিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ ভিতৰচ’ৰাতে ব্যাপক অসন্তোষ দেখিবলৈ পোৱা গৈছিল। শশী থাৰুৰকে ধৰি কংগ্ৰেছৰ কেইবাজনো জনপ্ৰিয় নেতাই দলৰ নেতৃত্বক লৈ প্ৰশ্ন কৰিছিল। দলীয় এই অসন্তোষলৈ লক্ষ্য ৰাখিয়ে সুদীৰ্ঘ বিশ বছৰৰ পাছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। বৰ্তমান দলটোৰ সভাপতিৰ দায়িত্ব বহন কৰি আছে ছোনিয়া গান্ধীয়ে। ২০১৯ চনত তেওঁ ৰাহুল গান্ধীৰ পৰা এই পদ গ্ৰহণ কৰিছিল। ইয়াৰ মূলতে আছিল নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়।

কংগ্ৰেছ আৰু গান্ধী পৰিয়ালক সাধাৰণতে একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলি ধৰা হয়। দেখা যায় যে উচ্চশিক্ষিত আৰু অভিজ্ঞ কংগ্ৰেছী নেতাসকলেও দলীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত শেষ পৰ্যায়ত গান্ধী পৰিয়ালৰ কাষ চাপি আহিছে। ইউপিএ চৰকাৰৰ কালতো ড° মনমোহন সিঙৰ দৰে দক্ষ অৰ্থনীতিবিদে ছোনিয়া-ৰাহুলৰ অনুগ্ৰহত প্ৰধানমন্ত্ৰিত্বৰ আসন চম্ভালিছিল বুলি বিৰোধী পক্ষই ব্যাপক প্ৰচাৰ কৰিছিল। ইয়াৰ কাৰণো নথকা নহয়। সুদীৰ্ঘ ২০ বছৰ ধৰি কংগ্ৰেছৰ নেতৃত্ব কেৱল গান্ধী পৰিয়ালে লৈ আহিছে। আন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ ক্ষেত্ৰত এয়া পৰিলক্ষিত হোৱা নাই। সেইবাবে কংগ্ৰেছৰ ভিতৰচ’ৰাত দলীয় সংকটেও দেখা দি আহিছে। 

ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। সেই অনুসৰি এটা পৰিয়ালে দেশৰ শাসনভাৰ চলাই অহা বিষয়টো নিশ্চিতভাৱে গণতন্ত্ৰৰ পৰিপন্থী। দেখা যায় যে দক্ষ-অদক্ষ যিকোনো কংগ্ৰেছী নেতাই গান্ধী পৰিয়ালৰ আনুগত্যতহে দলৰ উচ্চ পদবী অথবা দেশৰ শাসনভাৰ গ্ৰহণ কৰিব পাৰে। গান্ধী পৰিয়ালৰ আনুগত্য প্ৰকাশ নকৰা নেতাসকলক সাধাৰণতে এইসমূহ অগ্ৰাধিকাৰ প্ৰদান কৰা নহয়। দেশে স্বাধীনতা লাভ কৰাৰ পাছৰ সময়ছোৱা তথা নব্য উদাৰবাদী অৰ্থনীতি গ্ৰহণলৈকে এইসমূহ বিষয়ক লৈ কেৱল ৰাজনৈতিক বিশ্লেষকসকল ব্যস্ত আছিল।

কিন্তু সম্প্ৰতি দেশৰ ৰাজনৈতিক পৰিস্থিতি সম্পূৰ্ণৰূপে পৃথক। ৰাজনৈতিক বিশ্লেষকসকলৰ উপৰিও দেশৰ সাধাৰণ নাগৰিকৰ মাজতো এনেধৰণৰ বিষয়সমূহে স্থান লাভ কৰিছে। দেশৰ একাংশ মধ্যবিত্তই কেৱল এটা পৰিয়ালৰ দ্বাৰা শাসনত থকাটো এতিয়া নিবিচাৰে। নতুন প্ৰজন্মৰ ভোটাৰসকলো এইক্ষেত্ৰত অত্যন্ত সচেতন। ৰাহুল গান্ধীয়ে শেহতীয়াকৈ নতুন প্ৰজন্মৰ মাজত খোপনি পুতিবলৈ চেষ্টা কৰিলেও বহুক্ষেত্ৰত সফল হোৱা নাই। বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ব্যাপক প্ৰচাৰ কৰি আহিছে।

গান্ধীক ‘পাপ্পু’ অভিধাৰে এটা ব্যংগ চৰিত্ৰ কৰি তোলা হৈছে। বিজেপিৰ এই প্ৰপাগাণ্ডাই দেশৰ সাধাৰণ নাগৰিককো চুই গৈছে। গান্ধী পৰিয়ালৰ বিভিন্ন আপত্তিজনক বিষয়সমূহ বিজেপিয়ে পৰ্যায়ক্ৰমে সাধাৰণ নাগৰিকসকলৰ মাজলৈ লৈ গৈছে। দেখা যায় যে বিজেপিৰ এই প্ৰপাগাণ্ডাৰ সমুখত গান্ধী পৰিয়ালে দিকবিদিক হেৰুৱাই পেলাইছে।

দৰাচলতে এইসমূহ কাৰণতে কংগ্ৰেছৰ সভাপতি পদ ল’বলৈ ৰাহুল অথবা ছোনিয়াৰ সলনি আন জ্যেষ্ঠ নেতাসকল আগবাঢ়ি আহিছে। বৰ্তমান ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰাত ব্যস্ত আছে। লক্ষ্য হৈছে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন। এই সময়ছোৱাতে কংগ্ৰেছৰ সভাপতি নিৰ্বাচন, দলীয় নেতৃত্বৰ পৰা গান্ধী পৰিয়ালৰ অব্যাহতি, দলীয় সংস্কাৰসাধন- এই বিষয়সমূহে ব্যাপক তাৎপৰ্য বহন কৰিছে। আগন্তুক সময়ত লক্ষ্যণীয় হ’ব যে দলীয় নেতৃত্বত গান্ধী পৰিয়াল নোহোৱাকৈ কংগ্ৰেছে নিৰ্বাচনী বৈতৰণীসমূহ কেনেদৰে পাৰ কৰে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু