--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বৰ ৪০ গৰাকী শ্রেষ্ঠ উদীয়মান খেলুৱৈৰ তালিকাত অসম সন্তান ৰিয়ান পৰাগেও স্থান লাভ কৰিছে।

ডিজিটেল ডেস্ক : বিশ্ব প্রসিদ্ধ ক্রিকেট বার্তালোচনী উইজডেনে প্রকাশ কৰা চলিত মাহৰ বিশ্বৰ ৪০ গৰাকী শ্রেষ্ঠ উদীয়মান খেলুৱৈৰ তালিকাত অসম সন্তান ৰিয়ান পৰাগেও স্থান লাভ কৰিছে। এই তালিকাত স্থান লাভ কৰা ৰিয়ান হ'ল অসমৰ প্ৰথমগৰাকী ক্রিকেটাৰ।


তালিকাখনত ৰিয়ান ২৭ সংখ্যক স্থানত আছে। আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ানে এই বছৰৰ আই পি এলত ১৪খন মেচত ৩৯৩ ৰান সংগ্ৰহ কৰে। তেওঁ যোৱা বছৰ ৫২.০৯ গড়ে ৫৭৩ ৰান সংগ্ৰহ কৰিছিল। ৰিয়ানে এই বছৰৰ আই পি এলত কেইখনমান মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বও পালন কৰিছিল।


আনহাতে, ৰিয়ানে ভাৰতৰ হৈ খেলা ৯খন টি-২০ মেচত ১৫২.৪২ ষ্ট্ৰাইক ৰেটেৰে ১০৬ ৰান সংগ্ৰহ কৰাৰ লগতে চাৰিটা উইকেটো দখল কৰিছে। ৰিয়ানৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত সর্বশ্রেষ্ঠ বলিং প্রদর্শন হ'ল শ্রীলংকাৰ বিৰুদ্ধে ৩/৫। ৰিয়ানক এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলৰ ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে।


উল্লেখযোগ্য যে উইজডেনৰ তালিকাখনত ৰাজস্থান ৰয়েলছৰ মুঠ পাঁচগৰাকী খেলুৱৈয়ে স্থান লাভ কৰে। তালিকাখনত শীর্ষ স্থান দিয়া হৈছে ভাৰতীয় দলৰ সদস্য তথা ৰাজস্থান ৰয়েলছৰ অ'পেনাৰ যশস্বী জয়ছোৱালক। জয়ছোৱালক উইজডেনে বিশ্বৰ ভিতৰতে আটাইতকৈ প্রতিভাৱান উদীয়মান খেলুৱৈৰূপে অভিহিত কৰিছে।


 ইফালে গুজৰাট টাইটান্‌ৰ হৈ খেলা সাই সুদর্শনে তালিকাত নৱম স্থান লাভ কৰিছে। সুদৰ্শন ক্রিকেটৰ কেউটা ফর্মেটতে এগৰাকী সুন্দৰ খেলুৱৈ। আনহাতে, নীতিশ কুমাৰ ৰেড্ডীক দ্বাদশ আৰু তিলক বাৰ্মাক চতুর্দশ স্থানত ৰখা হৈছে।


ইয়াৰ উপৰি ৰাজস্থান ৰয়েলছৰ হৈ খেলা ভাৰতীয় ক্ৰিকেটৰ তৰুণ বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীক ১৬সংখ্যক স্থানত, দক্ষিণ আফ্রিকাৰ লুৱান ডে প্রিট'ৰিয়াছক পঞ্চম স্থানত আৰু কৱেনা মাফাকাক অষ্টম স্থানত ৰখা হৈছে। তেওঁলোকে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তালিকাত স্থান পোৱা হৰ্ষিত ৰাণা ২১সংখ্যক, মুছীৰ খান ৩১ সংখ্যক আৰু মায়ংক যাদৱ ৩৩সংখ্যক স্থানত আছে। উল্লেখযোগ্য যে উইজডেনৰ উদীয়মান খেলুৱৈৰ ৰেংকিং তালিকাত ভাৰতৰ ৯গৰাকী খেলুৱৈয়ে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু