--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বৰ ৪০ গৰাকী শ্রেষ্ঠ উদীয়মান খেলুৱৈৰ তালিকাত অসম সন্তান ৰিয়ান পৰাগেও স্থান লাভ কৰিছে।

ডিজিটেল ডেস্ক : বিশ্ব প্রসিদ্ধ ক্রিকেট বার্তালোচনী উইজডেনে প্রকাশ কৰা চলিত মাহৰ বিশ্বৰ ৪০ গৰাকী শ্রেষ্ঠ উদীয়মান খেলুৱৈৰ তালিকাত অসম সন্তান ৰিয়ান পৰাগেও স্থান লাভ কৰিছে। এই তালিকাত স্থান লাভ কৰা ৰিয়ান হ'ল অসমৰ প্ৰথমগৰাকী ক্রিকেটাৰ।


তালিকাখনত ৰিয়ান ২৭ সংখ্যক স্থানত আছে। আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ানে এই বছৰৰ আই পি এলত ১৪খন মেচত ৩৯৩ ৰান সংগ্ৰহ কৰে। তেওঁ যোৱা বছৰ ৫২.০৯ গড়ে ৫৭৩ ৰান সংগ্ৰহ কৰিছিল। ৰিয়ানে এই বছৰৰ আই পি এলত কেইখনমান মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বও পালন কৰিছিল।


আনহাতে, ৰিয়ানে ভাৰতৰ হৈ খেলা ৯খন টি-২০ মেচত ১৫২.৪২ ষ্ট্ৰাইক ৰেটেৰে ১০৬ ৰান সংগ্ৰহ কৰাৰ লগতে চাৰিটা উইকেটো দখল কৰিছে। ৰিয়ানৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত সর্বশ্রেষ্ঠ বলিং প্রদর্শন হ'ল শ্রীলংকাৰ বিৰুদ্ধে ৩/৫। ৰিয়ানক এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলৰ ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে।


উল্লেখযোগ্য যে উইজডেনৰ তালিকাখনত ৰাজস্থান ৰয়েলছৰ মুঠ পাঁচগৰাকী খেলুৱৈয়ে স্থান লাভ কৰে। তালিকাখনত শীর্ষ স্থান দিয়া হৈছে ভাৰতীয় দলৰ সদস্য তথা ৰাজস্থান ৰয়েলছৰ অ'পেনাৰ যশস্বী জয়ছোৱালক। জয়ছোৱালক উইজডেনে বিশ্বৰ ভিতৰতে আটাইতকৈ প্রতিভাৱান উদীয়মান খেলুৱৈৰূপে অভিহিত কৰিছে।


 ইফালে গুজৰাট টাইটান্‌ৰ হৈ খেলা সাই সুদর্শনে তালিকাত নৱম স্থান লাভ কৰিছে। সুদৰ্শন ক্রিকেটৰ কেউটা ফর্মেটতে এগৰাকী সুন্দৰ খেলুৱৈ। আনহাতে, নীতিশ কুমাৰ ৰেড্ডীক দ্বাদশ আৰু তিলক বাৰ্মাক চতুর্দশ স্থানত ৰখা হৈছে।


ইয়াৰ উপৰি ৰাজস্থান ৰয়েলছৰ হৈ খেলা ভাৰতীয় ক্ৰিকেটৰ তৰুণ বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীক ১৬সংখ্যক স্থানত, দক্ষিণ আফ্রিকাৰ লুৱান ডে প্রিট'ৰিয়াছক পঞ্চম স্থানত আৰু কৱেনা মাফাকাক অষ্টম স্থানত ৰখা হৈছে। তেওঁলোকে আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তালিকাত স্থান পোৱা হৰ্ষিত ৰাণা ২১সংখ্যক, মুছীৰ খান ৩১ সংখ্যক আৰু মায়ংক যাদৱ ৩৩সংখ্যক স্থানত আছে। উল্লেখযোগ্য যে উইজডেনৰ উদীয়মান খেলুৱৈৰ ৰেংকিং তালিকাত ভাৰতৰ ৯গৰাকী খেলুৱৈয়ে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ