--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে যেন পাকিস্তানে আৰম্ভ কৰিছে ড্ৰাগছ জিহাদ। পাকিস্তানে প্ৰেৰণ কৰা এখন ড্ৰোনে পঞ্জাৱ সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে বিএছএফে ড্ৰোন খনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।  বুলেটৰ আঘাতত ড্ৰোন খনে ভূপতিত হয়। ইয়াৰ ঠিক পিছতে  বিএছএফ আৰু  আৰক্ষীয়ে ড্ৰেন খনৰ পৰা ড্ৰাগছৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

এই ঘটনাৰ পিছতে সীমান্তত  কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে।  ঘটনাটো পঞ্জাৱৰ তৰ্ণ তৰণ জিলাত সংঘটিত হৈছে। পূৰ্বেও  পাকিস্তানে ড্ৰোনৰ জৰিয়তে পঞ্জাৱলৈ ড্ৰাগছ আৰু অস্ত্ৰ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল। এই 'ড্ৰাগ জিহাদ'ৰ আঁৰত আইএছআইৰ হৈাত থকা বুলি ধাৰণা কৰা হৈছে।

বিএছএফৰ এগৰাকী বিষয়াই কয় যে তৰ্ণ তৰণ জিলাৰ লাখানা গাঁৱত  পাকিস্তানী ড্ৰোনখনে প্ৰৱেশৰ চেষ্টা চলাইছিল।  সেই সময়ত কৰ্তব্যৰত বিএছএফৰ জোৱানসকলে চেক পোষ্টৰ কাষৰ এলেকাটোত পহৰা দি  আছিল। তেওঁলোকে ড্ৰোনখন  আকাশত উৰি থকা দেখি পাই গুলীচালনা কৰে।   জ্যেষ্ঠ বিষয়াসকলকো ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছিল।

উল্লেখ্য   জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত পাকিস্তানে  ভাৰতত উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। সন্ত্ৰাসবাদীয়ে ভাৰতত অনুপ্ৰৱেশ কৰি ধ্বংসাত্মক কাৰ্য চলাবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু  পঞ্জাৱৰ খালিস্তান উগ্ৰপন্থীসকলক পাক সন্ত্ৰাসবাদীয়ে বিভিন্ন ধৰণে  সহায় কৰি অহাৰো অভিযোগ উঠিছে। পাকিস্তানে  চীনত নিৰ্মিত ড্ৰোন ব্যৱহাৰ কৰি ভাৰতলৈ অস্ত্ৰ আৰু ড্ৰাগছ চোৰাংকৈ প্ৰেৰণ কৰি আহিছে।  কেইদিনমান আগতে পাকিস্তানে ড্ৰোনৰ জৰিয়তে পঞ্জাৱৰ এটা এলেকাত  অস্ত্ৰ-শস্ত্ৰ পেলাইছিল। অৱশ্যে সন্ত্ৰাসবাদীৰ  হাতত পৰাৰ আগতেই পঞ্জাৱ আৰক্ষীয়ে সেয়া  জব্দ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement