--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে যেন পাকিস্তানে আৰম্ভ কৰিছে ড্ৰাগছ জিহাদ। পাকিস্তানে প্ৰেৰণ কৰা এখন ড্ৰোনে পঞ্জাৱ সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে বিএছএফে ড্ৰোন খনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।  বুলেটৰ আঘাতত ড্ৰোন খনে ভূপতিত হয়। ইয়াৰ ঠিক পিছতে  বিএছএফ আৰু  আৰক্ষীয়ে ড্ৰেন খনৰ পৰা ড্ৰাগছৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

এই ঘটনাৰ পিছতে সীমান্তত  কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে।  ঘটনাটো পঞ্জাৱৰ তৰ্ণ তৰণ জিলাত সংঘটিত হৈছে। পূৰ্বেও  পাকিস্তানে ড্ৰোনৰ জৰিয়তে পঞ্জাৱলৈ ড্ৰাগছ আৰু অস্ত্ৰ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল। এই 'ড্ৰাগ জিহাদ'ৰ আঁৰত আইএছআইৰ হৈাত থকা বুলি ধাৰণা কৰা হৈছে।

বিএছএফৰ এগৰাকী বিষয়াই কয় যে তৰ্ণ তৰণ জিলাৰ লাখানা গাঁৱত  পাকিস্তানী ড্ৰোনখনে প্ৰৱেশৰ চেষ্টা চলাইছিল।  সেই সময়ত কৰ্তব্যৰত বিএছএফৰ জোৱানসকলে চেক পোষ্টৰ কাষৰ এলেকাটোত পহৰা দি  আছিল। তেওঁলোকে ড্ৰোনখন  আকাশত উৰি থকা দেখি পাই গুলীচালনা কৰে।   জ্যেষ্ঠ বিষয়াসকলকো ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছিল।

উল্লেখ্য   জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত পাকিস্তানে  ভাৰতত উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। সন্ত্ৰাসবাদীয়ে ভাৰতত অনুপ্ৰৱেশ কৰি ধ্বংসাত্মক কাৰ্য চলাবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু  পঞ্জাৱৰ খালিস্তান উগ্ৰপন্থীসকলক পাক সন্ত্ৰাসবাদীয়ে বিভিন্ন ধৰণে  সহায় কৰি অহাৰো অভিযোগ উঠিছে। পাকিস্তানে  চীনত নিৰ্মিত ড্ৰোন ব্যৱহাৰ কৰি ভাৰতলৈ অস্ত্ৰ আৰু ড্ৰাগছ চোৰাংকৈ প্ৰেৰণ কৰি আহিছে।  কেইদিনমান আগতে পাকিস্তানে ড্ৰোনৰ জৰিয়তে পঞ্জাৱৰ এটা এলেকাত  অস্ত্ৰ-শস্ত্ৰ পেলাইছিল। অৱশ্যে সন্ত্ৰাসবাদীৰ  হাতত পৰাৰ আগতেই পঞ্জাৱ আৰক্ষীয়ে সেয়া  জব্দ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু