--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে শলঠেকত পৰিছে কংগ্ৰেছ। আয়কৰ বিভাগে দেশৰ প্ৰাচীন ৰাজনৈতিক দলটোক ১,৭০০ কোটি টকাৰ জৰিমনা বিহিছে। আয়কৰ বিভাগে কংগ্ৰেছক এই সন্দৰ্ভত ইতিমধ্যে  জাননী জাৰি কৰিছে। বৃহস্পতিবাৰে, দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছে দাখিল কৰা চাৰিখন আবেদন খাৰিজ কৰিছিল।

 আয়কৰ বিভাগে ২০১৭ চনৰ পৰা ২০২১ চনলৈ চাৰিটা বিত্তীয়বৰ্ষৰ বাবে কংগ্ৰেছৰ আয়কৰ ৰিটাৰ্ণ পুনৰ মূল্যাঙ্কন কৰাৰ সিদ্ধান্ত লৈছে। সেই সিদ্ধান্তক কংগ্ৰেছে প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল। কিন্তু আদালতে কংগ্ৰেছৰ আবেদন নাকচ কৰাৰ পিছত ধাৰণা কৰা অনুসৰি হাত  শিবিৰে আয়কৰৰ বকেয়া হিচাপে কমেও ৫০০ কোটি টকা পৰিশোধ কৰিব লাগিব পাৰে। 

আয়কৰ বিভাগৰ  জাননীখনত উল্লেখ কৰা হৈছে যে ২০১৭-১৮ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈ চাৰিটা বিত্তীয়বৰ্ষৰ বাবে কংগ্ৰেছৰ আয়কৰ ৰিটাৰ্ণৰ আধাৰত জাননীখন জাৰি কৰা হৈছে। ইয়াত জৰিমনা আৰু সূত সকলো সামৰি লোৱা হৈছে। ১৬ ফেব্ৰুৱাৰীত আয়কৰ বিভাগে আয়কৰ প্ৰণালীত অনিয়মৰ অভিযোগত কংগ্ৰেছৰ সভাপতিৰ  বেংক একাউণ্ট ফ্ৰীজ কৰিছিল। 

২১ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকনে অভিযোগ কৰিছিল যে আয়কৰ বিভাগে (আইটি) দলটোৰ বেংক একাউণ্টৰ পৰা জৰিমনা হিচাপে অবৈধভাৱে ৬৫ কোটি টকা কৰ্তন কৰিছে। কংগ্ৰেছে লগতে  অভিযোগ কৰিছে যে আয়কৰ বিবাদ প্ৰকৃততে মোদী চৰকাৰৰ ৰাজনৈতিক প্ৰতিশোধ। ইয়াৰ আঁৰৰ মূল উদ্দেশ্য হৈছে  গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement