--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে শলঠেকত পৰিছে কংগ্ৰেছ। আয়কৰ বিভাগে দেশৰ প্ৰাচীন ৰাজনৈতিক দলটোক ১,৭০০ কোটি টকাৰ জৰিমনা বিহিছে। আয়কৰ বিভাগে কংগ্ৰেছক এই সন্দৰ্ভত ইতিমধ্যে  জাননী জাৰি কৰিছে। বৃহস্পতিবাৰে, দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছে দাখিল কৰা চাৰিখন আবেদন খাৰিজ কৰিছিল।

 আয়কৰ বিভাগে ২০১৭ চনৰ পৰা ২০২১ চনলৈ চাৰিটা বিত্তীয়বৰ্ষৰ বাবে কংগ্ৰেছৰ আয়কৰ ৰিটাৰ্ণ পুনৰ মূল্যাঙ্কন কৰাৰ সিদ্ধান্ত লৈছে। সেই সিদ্ধান্তক কংগ্ৰেছে প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল। কিন্তু আদালতে কংগ্ৰেছৰ আবেদন নাকচ কৰাৰ পিছত ধাৰণা কৰা অনুসৰি হাত  শিবিৰে আয়কৰৰ বকেয়া হিচাপে কমেও ৫০০ কোটি টকা পৰিশোধ কৰিব লাগিব পাৰে। 

আয়কৰ বিভাগৰ  জাননীখনত উল্লেখ কৰা হৈছে যে ২০১৭-১৮ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈ চাৰিটা বিত্তীয়বৰ্ষৰ বাবে কংগ্ৰেছৰ আয়কৰ ৰিটাৰ্ণৰ আধাৰত জাননীখন জাৰি কৰা হৈছে। ইয়াত জৰিমনা আৰু সূত সকলো সামৰি লোৱা হৈছে। ১৬ ফেব্ৰুৱাৰীত আয়কৰ বিভাগে আয়কৰ প্ৰণালীত অনিয়মৰ অভিযোগত কংগ্ৰেছৰ সভাপতিৰ  বেংক একাউণ্ট ফ্ৰীজ কৰিছিল। 

২১ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকনে অভিযোগ কৰিছিল যে আয়কৰ বিভাগে (আইটি) দলটোৰ বেংক একাউণ্টৰ পৰা জৰিমনা হিচাপে অবৈধভাৱে ৬৫ কোটি টকা কৰ্তন কৰিছে। কংগ্ৰেছে লগতে  অভিযোগ কৰিছে যে আয়কৰ বিবাদ প্ৰকৃততে মোদী চৰকাৰৰ ৰাজনৈতিক প্ৰতিশোধ। ইয়াৰ আঁৰৰ মূল উদ্দেশ্য হৈছে  গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু