--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গল জম্মু-কাশ্মীৰক। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল। এই দুৰ্ঘটনাত ১০ জন লোকে প্ৰাণ হেৰুৱায়।

উপত্যকাটোৰ ৰামবন অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), আৰু ৰামবানৰ অসামৰিক দ্ৰুত সঁহাৰি দল (QRT)ৰ এটা দল সেই স্থানত উপস্থিত হয়।

স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, মাজনিশা প্ৰায় ১.১৫ বজাত শ্ৰীনগৰৰ পৰা জম্মুলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন। 

পথৰ পৰা ৩০০ ফুট তলৰ দ খাৱৈত বাহনখন বাগৰি পৰে। 

নিহত লোকসকলৰ ভিতৰত বাহনখনৰ চালক জম্মুৰ বাসিন্দা বলৱান সিং (৪৭) আৰু বিহাৰৰ পশ্চিম চম্পাৰাণৰ বিপিন মুখিয়া ভাইৰাগাং নামৰ লোকজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ মাজতে উদ্ধাৰকাৰী দলটোৰ তৎপৰতাত উদ্ধাৰ হৈছে নিহত আটাইকেইজন লোকৰ মৃতদেহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু