--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গল জম্মু-কাশ্মীৰক। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল। এই দুৰ্ঘটনাত ১০ জন লোকে প্ৰাণ হেৰুৱায়।

উপত্যকাটোৰ ৰামবন অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), আৰু ৰামবানৰ অসামৰিক দ্ৰুত সঁহাৰি দল (QRT)ৰ এটা দল সেই স্থানত উপস্থিত হয়।

স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, মাজনিশা প্ৰায় ১.১৫ বজাত শ্ৰীনগৰৰ পৰা জম্মুলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন। 

পথৰ পৰা ৩০০ ফুট তলৰ দ খাৱৈত বাহনখন বাগৰি পৰে। 

নিহত লোকসকলৰ ভিতৰত বাহনখনৰ চালক জম্মুৰ বাসিন্দা বলৱান সিং (৪৭) আৰু বিহাৰৰ পশ্চিম চম্পাৰাণৰ বিপিন মুখিয়া ভাইৰাগাং নামৰ লোকজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ মাজতে উদ্ধাৰকাৰী দলটোৰ তৎপৰতাত উদ্ধাৰ হৈছে নিহত আটাইকেইজন লোকৰ মৃতদেহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ