--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ নৱেম্বৰত মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সকলো ৰাজনৈতিক দলেই জোৰদাৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও মধ্যপ্ৰদেশত উপস্থিত হৈ খাণ্ডৱাত ৰাইজক সম্বোধন কৰে।

এই জনসভাত তেওঁ কয়, "যদি কংগ্ৰেছে নিৰ্বাচনত জয়ী হয়, তেন্তে বাবৰ আৰু ঔৰংজেবে সমগ্ৰ ভাৰততে আমাৰ জনসাধাৰণক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিব।" লগতে তেওঁ জনসাধাৰণক কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত কয় যে "দিগ্বিজয় সিঙে যেতিয়া হিন্দুৰ বিৰুদ্ধে কথা কয় তেতিয়া তেজ উতলি উঠে। কংগ্ৰেছক ভোট দিয়া মানে দেশৰ ‘বাবৰ’ক উৎসাহিত কৰা। কংগ্ৰেছে যেতিয়া ভোট পায় তেতিয়া 'ঔৰংজেবে' ভিটামিন পায়।"

তেওঁ আৰু কয় যে যেতিয়াই নিৰ্বাচন আহে কমল নাথ আৰু কংগ্ৰেছ হিন্দু হৈ পৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাদেৱ এপ গোচৰৰ কথাও উল্লেখ কৰি ভূপেশ বাঘেলে ৫০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। মহাদেৱ এপ নহয় ভূপেশ এপ হ'ব লাগে বুলি তেওঁ কয়।

কৰ্ণাটকত কংগ্ৰেছ জয়ী হোৱাৰ কথাক লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "কৰ্ণাটকত কংগ্ৰেছ জয়ী হোৱাত বাবৰ আৰু ঔৰংজেবে অক্সিজেন পালে ।এই অক্সিজেন ক'ৰ পৰা পালে নাজানো, কিন্তু তাতেই হুলস্থুল আৰম্ভ হ'ল। তেওঁ দাবী কৰে যে "যদি কংগ্ৰেছ জয়ী হয় তেন্তে তেওঁলোকৰ দুষ্টামি ততালিকে আৰম্ভ হয়। এয়া তেওঁলোকৰ ৰাজনীতি।"

ইফালে ইজৰাইল-হামাছ যুদ্ধৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে "ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ চলি আছে। পেলেষ্টাইনৰ সৈতে আমাৰ কোনো সমস্যা নাই, কিন্তু সন্ত্ৰাসবাদী সংগঠন হামাছে শিশুক গুলীয়াই হত্যা কৰি ৫০০ৰো অধিক ইজৰাইলী লোকক পণবন্দী কৰি লৈছিল। প্ৰধানমন্ত্ৰী মোদীয়েও ইয়াক গৰিহণা দিছে।"

অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, "এই বিষয়ত ৰাহুল গান্ধীয়ে কি ক'লে? হামাছৰ বিৰুদ্ধে তেওঁ এটা শব্দও কোৱা নাছিল। হামাছৰ বিৰুদ্ধে একো কোৱা নাছিল কাৰণ হামাছৰ বিৰোধিতা কৰিলে ভাৰতৰ হামাছে তেওঁক ৰেহাই নিদিয়ে।"




FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু