--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ নৱেম্বৰত মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সকলো ৰাজনৈতিক দলেই জোৰদাৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও মধ্যপ্ৰদেশত উপস্থিত হৈ খাণ্ডৱাত ৰাইজক সম্বোধন কৰে।

এই জনসভাত তেওঁ কয়, "যদি কংগ্ৰেছে নিৰ্বাচনত জয়ী হয়, তেন্তে বাবৰ আৰু ঔৰংজেবে সমগ্ৰ ভাৰততে আমাৰ জনসাধাৰণক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিব।" লগতে তেওঁ জনসাধাৰণক কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত কয় যে "দিগ্বিজয় সিঙে যেতিয়া হিন্দুৰ বিৰুদ্ধে কথা কয় তেতিয়া তেজ উতলি উঠে। কংগ্ৰেছক ভোট দিয়া মানে দেশৰ ‘বাবৰ’ক উৎসাহিত কৰা। কংগ্ৰেছে যেতিয়া ভোট পায় তেতিয়া 'ঔৰংজেবে' ভিটামিন পায়।"

তেওঁ আৰু কয় যে যেতিয়াই নিৰ্বাচন আহে কমল নাথ আৰু কংগ্ৰেছ হিন্দু হৈ পৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাদেৱ এপ গোচৰৰ কথাও উল্লেখ কৰি ভূপেশ বাঘেলে ৫০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। মহাদেৱ এপ নহয় ভূপেশ এপ হ'ব লাগে বুলি তেওঁ কয়।

কৰ্ণাটকত কংগ্ৰেছ জয়ী হোৱাৰ কথাক লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "কৰ্ণাটকত কংগ্ৰেছ জয়ী হোৱাত বাবৰ আৰু ঔৰংজেবে অক্সিজেন পালে ।এই অক্সিজেন ক'ৰ পৰা পালে নাজানো, কিন্তু তাতেই হুলস্থুল আৰম্ভ হ'ল। তেওঁ দাবী কৰে যে "যদি কংগ্ৰেছ জয়ী হয় তেন্তে তেওঁলোকৰ দুষ্টামি ততালিকে আৰম্ভ হয়। এয়া তেওঁলোকৰ ৰাজনীতি।"

ইফালে ইজৰাইল-হামাছ যুদ্ধৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে "ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ চলি আছে। পেলেষ্টাইনৰ সৈতে আমাৰ কোনো সমস্যা নাই, কিন্তু সন্ত্ৰাসবাদী সংগঠন হামাছে শিশুক গুলীয়াই হত্যা কৰি ৫০০ৰো অধিক ইজৰাইলী লোকক পণবন্দী কৰি লৈছিল। প্ৰধানমন্ত্ৰী মোদীয়েও ইয়াক গৰিহণা দিছে।"

অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, "এই বিষয়ত ৰাহুল গান্ধীয়ে কি ক'লে? হামাছৰ বিৰুদ্ধে তেওঁ এটা শব্দও কোৱা নাছিল। হামাছৰ বিৰুদ্ধে একো কোৱা নাছিল কাৰণ হামাছৰ বিৰোধিতা কৰিলে ভাৰতৰ হামাছে তেওঁক ৰেহাই নিদিয়ে।"




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ