--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কংগ্ৰেছত যোগ দিব নেকি ৰিয়া সেনে? বলিউডৰ অভিনেত্ৰী তথা মুনমুন সেনৰ কন্যা ৰিয়া সেনক লৈ এইদৰে চৰ্চা চলা দেখা গৈছে৷

 

শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ৰিয়া সেনক দেখা গল৷ বৃহস্পতিবাৰে গান্ধীৰ সতে ৰিয়াই যাত্ৰাত অংশ লয়৷ পিন্ধনত আছিল চকুত চানগ্লাছ, ভৰিত বগা স্নিকাৰ্ছ,  বাদামী আৰু ৰঙা ৰঙৰ টপ আৰু জিনছৰ ট্ৰাউজাৰ্ছ৷

 

ৰাহুল গান্ধীৰ সতে কেইবাবাৰো বাৰ্তালাপতো মিলিত হোৱা দেখা গল ৰিয়াক৷ কেৱল ৰিয়া সেনেই নহয়, ৰাহুল গান্ধীৰ সতে যোগ দিয়া দেখা গৈছিল বলিউডৰ অভিনেত্ৰী পূজা ভাটো৷

 

উল্লেখ্য যে ৰিয়াৰ মাতৃ মুনমুন সেনে তৃণমূল কংগ্ৰেছৰ হৈ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল৷ কিন্তু ২০১৯ চনৰ নিৰ্বাচনত তেওঁ পৰাজীত হয়৷

 

এতিয়া ৰিয়াই ভাৰত জোড়ো যাত্ৰাত অংশ লোৱাৰ পাছতে চৰ্চা চলিছে যে মাতৃৰ পদাংক অনুসৰণ কৰি তেওঁৱো ৰাজনীতিত অংশ লব নেকি?

 

অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্কত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক