--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰখ্যাত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে শীঘ্ৰে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি কংগ্ৰেছ সূত্ৰই সদৰী কৰিছে৷ ছোনিয়া গান্ধীৰ সৈতে তেওঁৰ বৈঠকত এই সিদ্ধান্ত চূড়ান্ত কৰা হ’ব বুলি জানিব পৰা গৈছে৷ যোৱা সপ্তাহত ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে হোৱা প্ৰথম বৈঠকত প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ বাবে পুনৰুজ্জীৱিত পৰিকল্পনা আৰু ৰাজ্যসমূহৰ লগতে ২০২৪ৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ ৰণনীতিৰ এক ‘প্ৰেজেণ্টেচন’ প্ৰস্তুত কৰিছিল।

সেই প্ৰেজেণ্টেচনটো নিৰ্বাচিত কংগ্ৰেছ নেতাসকলৰ মাজত প্ৰচাৰ কৰা হৈছে, যিসকলক পৰিকল্পনা আৰু প্ৰশান্ত কিশোৰৰ বিষয়ে তেওঁলোকৰ মতামত বিচাৰিছে দলীয় হাইকমাণ্ডে৷  

প্ৰশান্ত কিশোৰে ছোনিয়া গান্ধীক কংগ্ৰেছৰ সভাপতি হিচাপে, এগৰাকী  অ-গান্ধী নেতাক কাৰ্যকৰী সভাপতি বা উপ-সভাপতি আৰু ৰাহুল গান্ধীক সংসদীয় পৰিষদৰ মুৰব্বী হিচাপে নিযুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে বুলি জানিব পৰা গৈছে৷  

কংগ্ৰেছে ল’ব লগা পাঁচটা কৌশলগত সিদ্ধান্তৰ ভিতৰত এয়া প্ৰথমটো পদক্ষেপ হ’ব লাগে বুলি কিশোৰৰ পৰিকল্পনাত কোৱা হৈছে। আনবোৰ হ’ল- মিত্ৰতা সমাধান কৰা, দলটোৰ প্ৰতিষ্ঠাপক ধাৰণাবোৰ পুনৰুদ্ধাৰ কৰা, তৃণমূল নেতা আৰু পদযাত্ৰাকাৰীৰ এক সৈন্য সৃষ্টি কৰা আৰু মিডিয়া আৰু ডিজিটেল প্ৰচাৰসমৰ্থন কৰাৰ এক পৰিৱেশতন্ত্ৰ সৃষ্টি কৰা।

কংগ্ৰেছ ২.০ৰ বাবে প্শান্ত কিশোৰৰ পৰিকল্পনাৰ আন কিছুমান বিশেষত্ব হৈছে:

• জনসাধাৰণৰ বাবে কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণ৷

• দলটোৰ মূল্যবোধ আৰু মূল নীতিবোৰ সুৰক্ষিত কৰা। 

• অধিকাৰ আৰু চাটুকাৰৰ অনুভূতি ধ্বংস কৰা।

• মিত্ৰতাৰ সমস্যাটো সমাধান কৰা৷

• প্ৰচলিত স্বজনপোষণৰ প্ৰতিৰোধ কৰিবলৈ ‘এক পৰিয়াল, এক টিকট’ নীতি৷

• সকলো স্তৰত নিৰ্বাচনৰ জৰিয়তে সাংগঠনিক সংস্থাসমূহ পুনৰ গঠন কৰা।

• নিৰ্ধাৰিত ম্যাদ, কংগ্ৰেছ সভাপতি আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিকে ধৰি সকলো পদৰ বাবে নিৰ্ধাৰিত কাৰ্যকাল।

• ১৫,০০০ তৃণমূল নেতাক চিনাক্ত আৰু অৰ্থপূৰ্ণভাৱে জড়িত কৰোৱা আৰু সমগ্ৰ ভাৰতত ১ কোটি কৰ্মী সক্ৰিয় কৰা৷

কংগ্ৰেছে দাবী কৰে যে এই পৰামৰ্শবোৰ এবছৰ আগত মমতা বেনাৰ্জীয়ে বংগত বৃহৎ বিজয় লাভ কৰাৰ পাছত গান্ধী আৰু কিশোৰৰ আলোচনাত নিৰ্ধাৰণ কৰা হৈছিল৷ মমতা বেনাৰ্জীয়ে তেওঁৰ বংগ বেংগল অভিযানৰ বাবে প্ৰশান্ত কিশোৰক সাক্ষাৎ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস